যোৱাৰ সংখ্যাৰ পিছৰ পৰা... (১১) আমাৰ মাহঁতৰ তিনিগৰাকী বাই-ভনী আৰু এজন ভাই আছিল৷ মামা আছিল আটাইতকৈ সৰু৷ বাইভনীৰ ভিতৰত মা আ...
যোৱাৰ সংখ্যাৰ পিছৰ পৰা...
(১১)
আমাৰ মাহঁতৰ তিনিগৰাকী বাই-ভনী আৰু এজন ভাই
আছিল৷ মামা আছিল আটাইতকৈ সৰু৷ বাইভনীৰ ভিতৰত মা আছিল মাজু৷ জেঠাইৰ কথা মোৰ অলপ অলপ
মনত আছে৷ ওখ পাখ লাহি দেহাৰ দেখাত ধুনীয়া আছিল৷ মোৰ ৫ বছৰমান বয়স নৌহওতেই জেঠাইৰ
মৃত্যু হয়৷ জেঠুজন আছিল বৰ অত্যাচাৰী, শুনিছোঁ তেওঁ
প্ৰায়ে জেঠাইক নিৰ্মমভাৱে মাৰপিট কৰিছিল৷ আইতা আৰু ককাই অত্যাচাৰত জৰ্জৰিত বৰ
জীয়ৰীক ঘৰলৈ আনি ৰাখি থৈছিল৷ তেওঁলোকে ছোৱালীক তালাক লোৱাৰ কথাও ভাবিছিল৷ কিন্তু
নিষ্ঠুৰ জেঠুৱে এমাডিমা ল’ৰা দুটাক ৰাখি থৈছিল৷ তেওঁ তালাক দিব কিন্তু শিশু দুটাক
নিদিয়ে৷ জেঠাইয়ে ল’ৰাহাল এৰি থাকিব নোৱাৰে৷ এদিন ককাৰ অমতত তেওঁ স্বামীগৃহলৈ গুচি
গ’ল৷ কেইদিনমান পিছতেই তেওঁৰ মৃত্যু হৈছিল৷ জেঠাইক কবৰ দিয়াৰ সময়ত মই আব্বাহঁতৰ
লগত কবৰস্থানলৈ গৈছিলোঁ৷ পাষাণ হৃদয়ৰ জেঠু
অসাধাৰণ বাগ্মীতা বলৰ অধিকাৰী আছিল৷ যুক্তিৰ চতুৰতা আৰু বাগ্মীতাৰে তেওঁৰ মতামত বা
সিদ্ধান্ত গ্ৰহণযোগ্য কৰি তুলিব পাৰিছিল৷ মুছলমান প্ৰধান গাওঁবিলাকত মানুহৰ মাজত
দন-খৰিয়াল আনতকৈ বেছি আছিল৷ প্ৰতিখন গাঁৱতে এনে দন-খৰিয়াল ৰাইজৰ মাজৰ মুখীয়ালসকলে
বিচাৰ কৰি মীমাংসা কৰি দিছিল৷ বৃহত্তৰ লংকা অঞ্চলত হোৱা এনেবোৰ বিচাৰৰ বাবে হয়
বাদী নহয় বিবাদিয়ে জেঠুৰ ওচৰলৈ আহিছিল৷ তেওঁ ফিজ লৈ হয় বাদী নতুবা বিবাদীৰ পক্ষলৈ
এই বিচাৰবোৰত বহিছিল৷ এইটোৱেই আছিল তেওঁৰ পেচা৷ বেছিভাগ বিচাৰত তেওঁ লোৱা পক্ষ
জিকিছিল৷ সেয়ে মানুহে তেওঁক সততে নিজৰ পক্ষত ল’বলৈ চেষ্টা কৰিছিল৷ জেঠু বৃহত্তৰ
লংকা অঞ্চলৰ মুছলমান সমাজৰ এজন বাক পটু নেতা হিচাপে স্বীকৃত৷ ষষ্ঠ দশকত লংকাৰ ঘাই
ঠাইত কোনো মছজিদ নাছিল৷ ৰাইজৰ বহু আবেদন-নিবেদনৰ প্ৰতি চৰকাৰ তথা প্ৰশাসনে কোনো
সঁহাৰি জনোৱা নাছিল৷ জেঠুৱে মছজিদৰ দাবীত প্ৰচাৰ চলাই মুছলমান ৰাইজক আন্দোলনমুখী
কৰি তুলিলে৷ তেওঁৰ নেতৃত্বত লংকাৰ চতুৰ্দিশে থকা মুছলমান গাঁওবোৰৰ ৰাইজে লংকাৰ
মঙ্গলবৰীয়া সপ্তাহিক বজাৰ বৰ্জন কৰিলে৷ লংকাৰ ব্যৱসায়-বাণিজ্য সচা অৰ্থত অচল হৈ
পৰিল৷ চাৰি সপ্তাহ ধাৰাবাহিক বন্ধৰ পিছত চৰকাৰৰ গা লৰিল৷ জিলা উপায়ুক্ত নিজে
লংকালৈ আহি লংকা ৰাজহ চক্ৰৰ চক্ৰবিষয়াক লগত লৈ মছজিদৰ বাবে ভূমি আবণ্টন দিলে৷ তাতে
বৰ্তমান লংকা নগৰ-বজাৰ মছজিদ নিৰ্মাণ কৰা হ’ল৷ তেতিয়াৰে পৰা জেঠু প্ৰশাসনৰ চকুত
পৰিল৷ ১৯৬২ চনত চীন-ভাৰত যুদ্ধ আৰু ১৯৬৫ চনত ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত সমগ্ৰ
দেশৰ লগতে অসমত কমিউনিষ্ট নেতা আৰু ভালেসংখ্যক মুছলমান মুখীয়াল লোকক গ্ৰেপ্তাৰ কৰা
হৈছিল৷ বৃহত্তৰ লংকা অঞ্চলত ১০ জনমান মুখীয়াল মুছলমান (এজনতবাদে আটাইকেইজন
কংগ্ৰেছী) লোকক Defence of India Act ত গ্ৰেপ্তাৰ কৰা হৈছিল৷ জেঠুকো এদিন গ্ৰেপ্তাৰ কৰি জেলত
নিক্ষেপ কৰা হৈছিল৷ প্ৰায় দেড় বছৰ তেওঁ জেলত আছিল৷ ডাঃ চামচুদ্দিন আহমদ অবিভক্ত
কমিউনিষ্ট পাৰ্টিৰ সক্ৰিয় নেতা আছিল৷ তেওঁকো D I Act ত জেলত ভৰোৱা হৈছিল৷ সেই সময়ৰ লংকাৰ আটাইতকৈ
চহকী ব্যক্তি, প্ৰভাৱশালী কংগ্ৰেছ নেতা ৰায়ুব আলী চৌধুৰী
(চৌধুৰী চাচাক)ক একে আইনমতে গ্ৰেপ্তাৰ কৰি প্ৰায় তিনি বছৰ জেলত ৰাখে কংগ্ৰেছ
চৰকাৰে৷
No comments