যোৱাৰ সংখ্যাৰ পিছৰ পৰা... আৰু দুটা পৰিবৰ্তন সেই সময়ত ঘটিছিল– ১৷ চুবাটোৰ দক্ষিণ সীমাত PWD ৰাস্তাটো প্ৰায় ৪ ফুটমান তললৈ নামি সোহাতে ৯০ ডিগ...
যোৱাৰ সংখ্যাৰ পিছৰ পৰা...
আৰু দুটা পৰিবৰ্তন সেই সময়ত ঘটিছিল– ১৷ চুবাটোৰ
দক্ষিণ সীমাত PWD ৰাস্তাটো প্ৰায় ৪ ফুটমান তললৈ নামি সোহাতে ৯০ ডিগ্ৰী কোণলৈ
আগলৈ গৈছিল৷ অলপ ডাঙৰ হৈ হে গম পালো৷ সৰুতে আমাৰ গাঁৱৰ দক্ষিণ অংশ বুলি ভাবিছিলোঁ৷
স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈৰ শাসনৰ প্ৰথম বছৰত গাঁওখনৰ দক্ষিণ সীমাই দি ক্ৰীপচ্
চাহাবে টনা এডাল ৰেখাৰ দৰে ৰেখা এডাল টানি ‘ট্ৰাইবেল বেল্টৰ সীমা নিৰ্দ্ধাৰণ
কৰিলে৷ সেই ঠাইখনি চামবৰীয়া গাঁৱত পৰে৷ ঠাই টুকুৰাত দহজোপামান বেলগছ আছিল৷ বেলখিনি
আছিল বৰ সোৱাদ লগা৷ ঠাইটুকুৰাক সকলোৰে বেলতলা বুলি কৈছিল৷
বেলতলাত আমাৰ চুবাৰ কাণসমনীয়া ডেকাবোৰে সদায়
আবেলি কাবাদী খেলিছিল৷ তেওঁলোকে পিন্ধা লুঙিখন (হাফপেণ্ট বা লংপেণ্ট প্ৰায়েৰে
নাছিল) দুই কৰঙণৰ মাজেৰে পিছলৈ নি টানকৈ পোন্ধ মাৰি লৈছিল৷ তজবজীয়া ডেকাবোৰৰ
হৃষ্টপুষ্ট উদং কৰঙণবোৰ ওলাই পৰিছিল৷ কাবাদি খেল উপভোগ কৰিবলৈ আমি সৰুবোৰেও তালৈ
গৈ জুম পাতিছিলোঁ৷ ডাঙৰ সৰু সকলোৱে খুব ফুৰ্ত্তি কৰিছিলোঁ৷ হঠাৎ বয়সস্থ মূৰব্বী
কেইজনমানে কাবাদিখেলৰ বিৰুদ্ধাচৰণ কৰিবলৈ ধৰিলে৷ কৰঙণ উলিয়াই খেল খেলাটো হেনো
ইছলাম বিৰোধী৷ এটা সময়ত অতি দুখঃজনক ভাৱে আমাৰ চকুৰ সন্মুখতে কাবাদিখেল বন্ধ হৈ
গৈছিল৷
বেলতলালৈ নামি আহোতে টাৰ্নিংটোতে মুন্সী (আমি
মুন্সী নানা বুলি মাতিছিলোঁ)ৰ এখন সৰু দোকান আছিল৷ তেওঁৰ ডাঙৰজন ল’ৰাৰ নাম বলু
মিঞা৷ মই বলু মামা বুলি মাতিছিলোঁ৷ তেওঁ সূৰ লগাই পুথি পঢ়িব পাৰিছিল৷ তেওঁৰ
সুললিত কণ্ঠেৰে পুথি পঢ়া শুনিলে শুনি থাকিবৰ মন যায়৷ দোকানত গ্ৰাহকৰ ভীৰ কম থাকে, বস্তু কম৷ তেওঁ বহি
বহি মন গলে পুথি পঢ়ি থাকে৷ এজন-দুজনকৈ মানুহৰ ভীৰ লাগি যায়৷ আমি শুনিলেই ল’ৰি
যাও৷ তেওঁৰ কণ্ঠতেই প্ৰথম বাদছাহ চিকন্দৰৰ বীৰত্ব আৰু বিজয় অভিযানৰ মনোৰম কাহিনী
শুনিছিলোঁ৷ পুথিত উল্লেখিত বাদছাহ চিকন্দৰ হল ইতিহাসৰ ৰজা ফিলিপচৰ পুত্ৰ
বিশ্ববিজয়ী মহাবীৰ আলেকজেণ্ডাৰ৷ পুথি সুৰ লগাই গোৱাটো ওৱাহাবি মতবাদৰ বতাহ লগা
চুবাটোৰে দুজনমানৰ দৃষ্টিত ইছলাম বিৰোধী কাম, তেওঁলোকৰ ভাষাত ‘বেদাত’৷ তেওঁলোকে দোকানৰ মালিক
মুন্সী নানাক হেঁচা প্ৰয়োগ কৰি এটা সময়ত বলু মামাৰ পুথি পঢ়াটো বন্ধ কৰি দিয়ালে৷
আমি সেই সুললিত কণ্ঠ নুশুনা হ’লো৷ সেই সময়ত কিছুমান কবিয়ে নানা বিষয়ৰ ওপৰত কবিতা
লিখি তাক চপাই মুখত টিঙৰ চুঙা লগাই (অলপ বেছি মানুহে যাতে শুনা পায়) সেইবোৰ সুৰ লগাই
গাই গাই পুথিবোৰ বিক্ৰী কৰিছিল৷ বজাৰলৈ গলে মানুহৰ জুমৰ মাজত ঠিয় হৈ আমিও
শুনিছিলোঁ৷ কিছুমান মৌলবীয়ে এটা সময়ত সাধাৰণ হোজা মানুহ কিছুমানক লগত লৈ সেই কবিতা
পুথি বিক্ৰী কৰোতাক বজাৰত বাধা দিবলৈ ধৰিলে৷ সেইবোৰ হেনো বেদাত আৰু ইছলাম বিৰুদ্ধ
বুলি মানুহক বুজাইছিল৷ মোল্লা মৌলানাৰ কথা শুনা সাধাৰণ অশিক্ষিত হোজা মানুহেও মূৰ
দুপীয়াই দুপীয়াই সেইবোৰ কথা শলাগিছিল৷ ডাঙৰ হৈহে বুজি উঠিলো এইবোৰ আছিল
ওৱাহাবীবিলাকৰ কাণ্ড৷ নেতৃত্বত আছিল উত্তৰ প্ৰদেশৰ বিভিন্ন মাদ্ৰাছাত অধ্যয়ন কৰি
অহা কিছুমান নশিক্ষিত মৌলানা/মৌলবী; এওঁলোকৰ বেছিভাগ আছিল বৰাক উপত্যকাৰ বৰ্তমানৰ কাছাড়, হাইকলাকান্দি আৰু
কৰিমগঞ্জ জিলাৰ পৰা অহা। এওঁলোকে প্ৰথমে নগাঁও জিলাৰ দক্ষিণত অৱস্থিত ডবকা, নীলবাগান মোৰাঝাৰ
অঞ্চলৰ বিভিন্ন ঠাইত স্থানীয় ৰাইজৰ সহযোগত নতুন বহু মাদ্ৰাছা গঢ়ি তুলিছিল৷
এওঁলোকে মাদ্ৰাছাবোৰত স্থানীয় ল’ৰাৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্যান্য জিলাৰ
পৰাও ল’ৰা আনি ভৰ্তি কৰাইছিল৷ মাদ্ৰাছাত পঢ়া আৰু মাদ্ৰাছাবোৰ গঢ়ি তোলাত সহায় কৰা
পৰম পুণ্যৰ কাম বুলি মানুহক পতিয়ন নিয়াইছিল৷ মানুহেও হাত উজাৰি অধিক পুণ্যৰ আশাত
মাদ্ৰাছালৈ বুলি মুক্তহস্তে দান আগবঢ়াইছিল৷ দূৰদূৰণীৰ পৰা পঢ়িবলৈ অহা ছাত্ৰবোৰক
বহু অৱস্থাপন্ন গৃহস্থই নিজৰ ঘৰত থকাৰ সুবিধা কৰি দিছিল৷ তেনে ব্যৱস্থাক জাগিৰ
বুলি কোৱা হৈছিল৷ পিছলৈ হাইস্কুলত পঢ়া ছাত্ৰকো জাগিৰ দিছিল৷ আমাৰ ঘৰতো ১৯৫৯ চনত
মই চতুৰ্থ শ্ৰেণীত নাম ভৰ্তি কৰা বছৰত এজন নৱম শ্ৰেণীৰ ছাত্ৰক জাগিৰ দিছিল। লংকাৰ
পৰা ৮ কিলোমিটাৰ দূৰৈত তেওঁলোকৰ ঘৰ৷ ১৯৫৯ আৰু ১৯৬০ এই দুটা বছৰ তেওঁ আমাৰ ঘৰত
আছিল৷ তেওঁ আমাৰ ঘৰত থাকিবলৈ লোৱাৰ পৰা মোৰ এটা লাভ হৈছিল৷ তেওঁ নিয়মীয়াকৈ
সাপ্তাহিক অসমবাণীখন ৰাখিছিল৷ মই চতুৰ্থ শ্ৰেণীৰ পৰা অসম বাণীখন আদিৰ পৰা অন্তলৈ
পঢ়িছিলো৷ তেওঁ মোক গৌৰীকান্ত তালুকদাৰ সম্পাদিত শিশু আলোচনী ‘দীপক’ৰ নিয়মীয়া গ্ৰাহক কৰি দিছিল৷ সেই সৰু কালৰে পৰা বাতৰি
কাকত-আলোচনী আদি পঢ়া অভ্যাসটো মই তেওঁৰ পৰা আয়ত্ব কৰিছিলোঁ৷ আম্মাই নৰীয়াগাৰেই
ৰন্ধা-বঢ়া কৰি খোৱাব লগা হৈছিল৷ তাৰোপৰি মোক্তাবত পঢ়োৱা মেয়াচাব জনেও আমাৰ ঘৰত
খাইছিল৷ আমি সৰু থাকোতে লংকাৰ পৰা ৫ কিঃ মিঃ ব্যাসাৰ্দ্ধ জুৰি চতুৰ্দিশে কোনো
মাদ্ৰাছা নাছিল৷ কিন্তু যোৱা শতিকাৰ সাত দশকৰ আৰম্ভণিৰে পৰা বহুকেইখন মাদ্ৰাছা
গঢ়ি উঠিছে৷ দেওবন্দ, বেৰেলী, লক্ষ্ণৌ, বাশকান্দি, বদৰপুৰ আদিৰ পৰা মৌলানা, মুফতি, হাফিজ হৈ অহা তালেবাসকলে অন্য কৰ্ম সংস্থাপন বিচাৰি নাপাই
মূলতঃ নিজৰ নিজৰ সংস্থাপনৰ বাবেই এই মাদ্ৰাছাবোৰত অতি কম বেতনত কাম কৰিছিল৷ এই
মাদ্ৰাছাবোৰ ৰাইজৰ দান বৰঙণিৰে চলে৷ এই মৌলানা মুফতিসকলে নিজকে চালাফি-ওৱাহাবী
কট্টৰবাদৰ সমৰ্থক নহয় বুলি দাবী কৰিলেও, এওঁলোকৰ বেচিভাগৰ আচাৰ-আচৰণ আৰু কাম-কাজে
সম্পূৰ্ণভাৱে তাকেই সুচায়৷ মোৰ কৈশোৰ কালৰ অভিজ্ঞতাই দেখুৱাইছে এওঁলোকৰ প্ৰত্যক্ষ
আৰু পৰোক্ষ চাপত ক্ৰমাগতভাৱে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আহিছে৷ শিশু কালতে ‘চবে বৰাত’ৰ সন্ধিয়া আনন্দ-ফুৰ্তি কৰাত বাধা পাইছিলোঁ, কৈশোৰত দেখিছিলোঁ
কি দৰে মনোৰঞ্জনৰ দুটা ধুনীয়া পথ (অনুষ্ঠান) সুৰ লগাই পুথি পঢ়া আৰু খেল চাই থকা
সময়ত সময়ে সময়ে শৰীৰত শিহৰণ তোলা মুছলমন যুৱ সমাজ ফুটবল খেলৰ পৰা নাইকিয়া হৈ গৈছে৷
(আগলৈ)
No comments