যোৱাৰ সংখ্যাৰ পিছৰ পৰা... প্ৰসঙ্গক্ৰমে তবলীগ জামাত সম্পৰ্কে মোৰ ধাৰণা আৰু সৰু-সুৰা অভিজ্ঞতাৰ কথা লিপিবদ্ধ কৰিবলৈ বিচাৰিছোঁ৷ তবলীগৰ...
যোৱাৰ সংখ্যাৰ পিছৰ পৰা...
প্ৰসঙ্গক্ৰমে তবলীগ জামাত সম্পৰ্কে মোৰ ধাৰণা
আৰু সৰু-সুৰা অভিজ্ঞতাৰ কথা লিপিবদ্ধ কৰিবলৈ বিচাৰিছোঁ৷ তবলীগৰ প্ৰতিষ্ঠাতা মৌলানা
মোহাম্মদ ইলিয়াছ দেওবন্দৰ শিক্ষাৰে শিক্ষিত৷ ১৯২৬ চনত তেওঁ হাৰিয়ানাৰ মেৱাতত
শুদ্ধি আন্দোলনৰ প্ৰত্যুত্তৰ হিচাপে তবলীগ আৰম্ভ কৰে৷ কেবাশ শতিকা পূৰ্বে মেৱাতৰ
এক বিশেষ গোষ্ঠীৰ লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল৷ কিন্তু আমি সৰু থাকোতে তবলীগ
জামাতৰ কৰ্ম-কাণ্ড বা সক্ৰিয়তা ইমান চকুত পৰা নাছিল৷ সত্তৰৰ দশকৰ মাজভাগৰ পৰা
তবলীগৰ কাৰ্যকলাপ চকুত পৰা হ’ল৷ কিছুমান মানুহে হাণ্ডি, বাচন-বৰ্তন, কেৰাহি, ডেক্সি, কাপোৰৰ টোপোলা
বান্ধি লৈ তিনিদিন, সাতদিন, এমাহ, চল্লিশ দিনৰ বাবে সকলো কাম-কাজ বাদ দি মছ্জিদে মছ্জিদে
ঘূৰি ফুৰা কামটো মই প্ৰথম প্ৰত্যক্ষ কৰা দিনৰে পৰা ভাল পোৱা নাছিলোঁ৷ মোৰ সামান্য
চিন্তাৰ পৰাই বুজিছিলোঁ এই আন্দোলন সমাজ এখনৰ বাবে কিমান ক্ষতিকাৰক হ’ব পাৰে৷
এতিয়া স্পষ্ট হৈ পৰিছে কৈশোৰতে মই ভবা কথাটো কিমান সঠিক আছিল৷ তেওঁলোকে যিটো
সৃষ্টি কৰিছে, আজি ভাৰতবৰ্ষত মুছলমানসকলে দিনে, নিম্নতম ৩ লাখ
কৰ্মদিন অপচয় কৰি আছে৷ এই চেইনত সুমোৱা মানুহবোৰে ৩ দিনৰ পৰা ১২০ দিনলৈ অবিৰত ঘূৰি
আছে৷ মোৰ ধাৰণা এই চেইনত সোমোৱা মানুহবোৰৰ পৰা ওপৰত কোৱাৰ দৰে কমেও তিনি লাখ মানুহ
নিতৌ চিল্লাত (তবলীগত) যায়৷ এদিন এজন শিক্ষিত তবলীগীক প্ৰশ্ন কৰাত তেওঁত মই ভবা
সংখ্যাতো কৈছিল৷ এই কেইদিন একমাত্ৰ নামাজ আৰু ধৰ্ম চৰ্চাৰ বাহিৰে তেওঁলোকে আন কাম
নকৰে৷ আনকি বাতৰি কাকতখনো পঢ়া নিষেধ৷ আজিৰ দিনত এজন মানুহৰ মজুৰী গড়ে (ধৰক) ৩০০
(তিনিশ) টকা৷ অৰ্থাৎ Chainটোত থকা ৩ লাখ মানুহে (৩০০ x ৩,০০,০০০ = ৯০০০০০০০) ৯ কোটি টকা ধন উপাৰ্জনৰ পৰা বঞ্চিত হ’ল৷ এই
ঘটনা বছৰটোৰ প্ৰতিদিনে ঘটি আছে৷ অৰ্থাৎ বছৰটোত সম্প্ৰদায়টো ৩২৮৫ কোটি উপাৰ্জনৰ পৰা
বঞ্চিত হয়৷ ইতিমধ্যে দৰিদ্ৰতাত পীড়িত জনগোষ্ঠী এটাই বছৰ বছৰ ধৰি এইদৰে সম্পদ
আহৰণৰ পথত নিজে নিজৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিলে সমাজখনৰ কিমান ক্ষতি হ’ব পাৰে অলপ
ভাবি চাবলগীয়া কথা৷ মোৰ ক্ষুদ্ৰ অনুভৱৰ পৰা কথাখিনি কৈছো৷
কেইটামান ঘটনাই তবলীগ সম্পৰ্কে মোৰ ধাৰণা আৰু
অনুভৱত প্ৰভাৱ পেলাইছিল৷ তাৰে কেইটামান এনে ধৰণৰ –১৯৯০ চনমানৰ কথা৷ ঘৰুৱা অনুষ্ঠান
এটাৰ বাবে পৰিয়ালসহ এসপ্তাহৰ বাবে লংকাৰ ঘৰলৈ গৈছিলোঁ৷ সেই সময়তে হাইলাকান্দিৰ পৰা
অহা তবলীগৰ দল এটাই তিনিদিনৰ চিল্লাৰ উদ্দেশ্যেৰে আমাৰ গাঁৱৰ জামা মছজিদত অৱস্থান
কৰিছে। এদিন তিনিমান বজাত ৬ জনীয়া দল এটা মছজিদৰ গাতে লাগি থকা আমাৰ ঘৰলৈ আহি মোক
লগ কৰিব বিচাৰিলে৷ দলটোত হাইলাকান্দিৰ পৰা অহা দুজন তবলীগী আছিল৷ এজনৰ উচ্চতৰ
মাধ্যমিক স্কুল এখনৰ অৰ্থনীতিৰ বিষয় শিক্ষক আৰু আনজন এজন জুনিয়ৰ ইঞ্জিনীয়াৰ৷ বাকী
৪ জনমান আমাৰ গাঁৱৰে৷ সৌজন্য বিনিময়ৰ পাছত মোৰ ভাইটিক চাহৰ ব্যৱস্থা কৰিবলৈ দিলো৷
বিষয় শিক্ষকজনে নিজৰ চিনাকি দি গধূলী মগৰীৱৰ নামাজৰ পাছত অনুষ্ঠিত কৰিব বিচৰা
ধৰ্মীয় আলোচনাত উপস্থিত থাকিবলৈ দাওৱাত (নিমন্ত্ৰণ বা অনুৰোধ) কৰিলে৷ কথা প্ৰসঙ্গত
তেওঁ মুছলমানসকলৰ আধ্যাত্মিক আৰু চাৰিত্ৰিক অধঃপতনৰ কথা ক’বলৈ গৈ ঘটনা এটা বৰ্ণনা
কৰিলে৷ এবাৰ তেওঁ হেনো হাইলাকান্দিৰ পৰা শিলচৰলৈ বাছেৰে গৈছিল৷ হাইলাকান্দি
বেচৰকাৰী বাচ আস্থানত গাড়ীত উঠি বহি লৈছিল৷ গাড়ী এৰালৈ কিছু সময় আছিল৷ বাছ
আস্থানৰ কাষত থকা দোকান বিলাকত যাত্ৰী বা আন মানুহে ক্ৰয়-বিক্ৰয়ত ব্যস্ত৷ তেওঁ
দেখিলে এখন কেচা তামোল-পানৰ দোকানত এজন মুছলমান বৃদ্ধলোকে তামোল কিনাৰ বাবে তামোল
বাচি আছে৷ দোকানী ল’ৰাজনক অলপ দূৰৈত হঠাৎ কোনোবাই মতাত তেওঁ আঁতৰি যাওঁতে বৃদ্ধজনে
চাৰিওপিনে এবাৰ চাই কেইটামান তামোল লগত অনা মোনাখনত ভৰাই ল’লে৷ ওচৰৰ দোকানী এজনে
কথাটো লক্ষ্য কৰি আছিল৷ দোকানীজন ঘূৰি আহিলত লগৰ দোকানীজনে কথাটো তেওঁক কৈ দিলে৷
লগে লগে তেওঁলোকে বৃদ্ধজনৰ বেগটো চোৱাত তামোলকেইটা ওলাই পৰিল৷ বৃদ্ধজনক লপা-থপা দি
সিহঁতে খেদি পঠিয়ালে৷ বিষয় শিক্ষকজনে একে উশাহতে কথাখিনি কৈ মুছলমানৰ চাৰিত্ৰিক
অধঃপতন বৰ্ণনাৰ অন্তত দীঘলীয়া নি:শ্চাস এৰিলে৷ ঘটনা ইমানতে শেষ নহয়, গাড়ীখন এৰিবলৈ তেতিয়াও অলপ সময় আছে৷ তাৰ পিছত দেখিলে এহাল মণিপুৰী
যুৱক-যুৱতী আহি তামোল চাইছে৷ সেই সময়তো দোকানীজন ক্ষন্তেকৰ বাবে দোকানখন এৰি যাব
লগা হৈছিল৷ ঘুৰি আহি নতুন গ্ৰাহকৰ পৰা তামোলৰ দাম ল’লে৷ গোটেইখিনি ঘটনা শিক্ষকজনৰ
চকুৰ আগত ঘটিছে৷ মনৰ কৌতুহল দমাই ৰাখিব নোৱাৰি তেওঁ গাড়ীৰ পৰা নামি দোকানীজনৰ
কাষলৈ গৈ সুধিলে, ‘মই অথনিৰ পৰা বাছত বহি আপোনাৰ দোকানত ঘটা গোটেইখিনি কথা
লক্ষ্য কৰি আছোঁ৷ আপুনি অলপ আঁতৰি যোৱাৰ সুযোগ লৈ আগৰ বৃদ্ধজনে কেইটামান তামোল
বেগত ভৰাই লৈছিল৷ ধৰাও পৰিল৷ তাৰ পাছতো গ্ৰাহক থাকোতে আপুনি আকৌ দোকান এৰি কি
ভৰষাত আঁতৰি গৈছিল৷ দোকানীজনে মোক উত্তৰ দিছিল– পিছৰ গ্ৰাহক দুজন মুছলমান নাছিল৷
মই কোনো মন্তব্য নকৰিলোঁ কেৱল তেওঁৰ কথা নীৰৱে শুনিলো৷
No comments