যোৱাৰ সংখ্যাৰ পিছৰ পৰা... (১২) মোৰ জন্মৰ দেড় বছৰমান পিছতে সৰু মাহীৰ নিজৰে বৰদেউতাকৰ ল’ৰাৰ লগত বিয়া হয়৷ মোৰ মাত হেনো সেই সময়ত ফু...
যোৱাৰ সংখ্যাৰ পিছৰ পৰা...
(১২)
মোৰ জন্মৰ দেড় বছৰমান পিছতে সৰু মাহীৰ নিজৰে
বৰদেউতাকৰ ল’ৰাৰ লগত বিয়া হয়৷ মোৰ মাত হেনো সেই সময়ত ফুটিবলৈ লৈছিল৷ সৰু মাহীক আমি
খাতু মাহী বুলি মাতিছিলো৷ সৰু মাহী আৰু খাইৰুমাহীৰ কোলাতে মোৰ শৈশৱৰ আৰম্ভণি৷
গধূলি আম্মাই মগৰিবৰ নামাজ পঢ়োতে খাইৰুমাহী বা আনৰ কোলাত ওমলি ফুৰোতে মই হেনো
ঘৰলৈ আহি মোক লৈ যাবলৈ প্ৰায়ে খাতু মাহীক মাতিছিলোঁ৷ মাহীৰ বিয়া হৈছিল তেতিয়াৰ নগাঁও
জিলাৰ যমুনামুখ থানাৰ অন্তৰ্গত ভাদেশ্বৰী গাঁওখনত৷ সেই গাঁওখন এৰি দ্বিতীয়
মহাযুদ্ধৰ সময়তে ককাই লংকালৈ উঠি আহিছিল৷ বছৰি হোৱা বানৰ গ্ৰাসত পৰি সেই গাঁওখনৰ
মানুহখিনি দিনে দিনে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল৷ মই পঞ্চম শ্ৰেণীত পঢ়ি থাকোতে
১৯৬০ চনত আইতাৰ মৃত্যু হয়৷ মৃত্যুৰ আগলৈকে আইতাই বছৰি তিনি-চাৰিবাৰ মান লংকাৰ পৰা
২০ মাইল (৩২ কিঃ মিঃ) মান দূৰৈত অৱস্থিত ভাদেশ্বৰী গাঁওখনলৈ সৰু জীয়াৰী আৰু
অন্যান্য আত্মীয় স্বজনৰ খা-খবৰ ল’বলৈ গৈছিল৷ মই প্ৰায় প্ৰতিটো যাত্ৰাত আইতাৰ লগত
গৈছিলোঁ৷ আত্মীয়স্বজনৰ মাজত আইতাৰ এক অপূৰ্ব আকৰ্ষণ আছিল৷ আইতাক দেখা মাত্ৰে সকলো
আহ্লাদিত হৈ উঠা মই লক্ষ্য কৰিছিলোঁ আৰু তৃপ্ত হৈছিলোঁ৷
আমাৰ ককাহঁতৰ তিনিজন ভাইককাইৰ ভিতৰত ককা আছিল
মাজু৷ সেই সুবাদত মাজু ককা নৈমূল্লাৰ পৰিয়ালত আইতা আছিল মাজু বোৱাৰী৷ কিন্তু
শিশুকালৰে পৰা মই লক্ষ্য কৰিছিলোঁ ককাহঁতৰ বৃহত্তৰ পৰিয়ালটোৰ আইতা আছিল মধ্যমণি৷
আইতাক কেন্দ্ৰ কৰিয়েই যেন সকলো চলিছিল৷ আইতা আছিল চুটি-চাপৰ আৰু ক্ষীণ৷ সেই দেহাৰে
তেওঁ পৰিয়াল পৰিজন আত্মীয়কুটুম্ব সকলোৰে খা-খবৰ লোৱা আদৰ-যত্ন কৰাত আইতা আছিল
অদ্বিতীয়৷ লগতে তেওঁৰ মোহনীয় ব্যক্তিত্বৰ বাবে সকলোৱে আদৰ সম্ভ্ৰম কৰিছিল৷ ১৯৬০-৬১
চনত মগজুৰ ৰক্তক্ষৰণত আইতাৰ মৃত্যুৰ সময়ত তেওঁৰ জানাজাত দূৰণীৰ আত্মীয়-স্বজনকে ধৰি
ওচৰৰ গাওঁবিলাকৰ পৰা অহা মানুহৰ ভীৰ (সমাগম) সেই সময়ত কোনো পুৰুষ নেতা বা মূৰব্বীৰ
ক্ষেত্ৰত হোৱা মই দেখা নাই৷
আইতাৰ চেষ্টাতেই খাইৰু মাহীৰ আকৌ বিয়া হৈছিল৷
কিন্তু বিয়াখনত মাহীৰ সন্মতি নাছিল৷ দৰাজন আছিল আমাৰ লংকাৰ ঘৰতে থকা আব্বাৰ
সম্পৰ্কীয় ভাতৃ, ৰছিদ চাছা যাৰ কান্ধত উঠি মই নিতৌ আইতাহঁতৰ ঘৰলৈ গৈছিলোঁ৷ ৰছিদ চাছাক আব্বাই
মাহীহঁতৰ গাঁও ভাদেশ্বৰীতে মাটি এটুকুৰা কিনি দিছিল আৰু তেওঁ মাহীহঁতৰ ঘৰত ঘৰ এটা
সাজি তাতে থাকিবলৈ লৈছিল৷ খাইৰুমাহীৰ গাত ভূত লম্ভা বুলি খবৰ পাই আইতা লৰি গৈছিল৷
ময়ো আইতাৰ লগত গৈছিলোঁ৷ জেঠাইৰ ডাঙৰজন ল’ৰা কমই ভাইও সেই যাত্ৰাত আমাৰ লগত আছিল৷
মাহীক লম্ভা ভূতটো আঁতৰাবলৈ ককায়েকে ওচৰৰ গাঁওখনৰ পৰা এজন জনাবক মাতি আনিছিল৷ তেও
হেনো ভূত লম্ভা মানুহৰ শৰীৰৰ পৰা ভূত খেদিব পাৰে৷ কিয় নাজানো সেই কৈশোৰতে কথাটো
মোৰ মিছা যেন লাগিছিল৷ মই বিশ্বাস কৰা নাছিলোঁ৷ জনাবজন আচলতে এজন ভাল (সাধু) মানুহ
আছিল৷ তেওঁ আহিয়েই খাইৰুমাহীক দেখি আইতাহঁতক কৈছিল, এইৰ গাত কোনো ভূতে লম্ভা নাই৷ তাৰ পাছত মাহীক বহুত কথা কৈ, ধৰ্মৰ উপমা দি
সংসাৰখন ভালদৰে কৰিবলৈ বুজনি দিছিল৷ আইতা, জনাব আৰু মাহঁতৰ বুজনি অথলে গ’ল৷ কিছুদিন পিছত
বিয়াখন ভাঙিল৷ পত্নী আৰু এজনী ৩/৪ বছৰীয়া কন্যা শিশু সহ এজন বিদ্যুতৰ কাম কৰা
মেকানিকক মহাহঁতে ঘৰ এটা সাজি তেওঁলোকৰ চৌহদত থাকিবলৈ দিছিল৷ তেওঁ সপ্তাহত ৬
দিনমান ওচৰ-পাজৰৰ বজাৰ বিলাকলৈ গৈছিল৷ সকলোৱে মিস্ত্ৰী বুলি মাতিছিল৷ খাইৰুমাহী
দেখাত ধুনীয়া আছিল৷ কিন্তু সেই মিস্ত্ৰীজনৰ সৈতে মাহীৰ এটা প্ৰেমৰ সম্পৰ্ক গঢ়ি
উঠিছিল আৰু তেওঁলোক এটা সময়ত বিবাহ পাশত আৱদ্ধ হ’ল৷ আগৰ মানুহগৰাকী মাকৰ ঘৰলৈ গুছি
গ’ল৷ মোৰ কিশোৰ মনে বুজা নাছিল ইমান ধুনীয়া মানুহ এগৰাকী নিজৰ সঙ্গিনী থাকোতে
মানুহজন আৰু মাহীৰ সম্পৰ্ক কিয় গঢ়ি উঠিছিল?
(১৩)
মহাহঁতৰ ঘৰত আৰু এঘৰ মানুহ আছিল৷ তেওঁলোকৰ
তিনিজন ল’ৰা আৰু এগৰাকী ছোৱালীসহ বিধৱা মাক গৰাকী এটা ঘৰত আছিল৷ ছোৱালীগৰাকীৰ নাম
আনু৷ মোতকৈ ৬/৫ বছৰমান ডাঙৰ৷ মোক খুব মৰম কৰিছিল৷ মাহীহঁতৰ ঘৰলৈ ফুৰিবলৈ গ’লে মই
তেওঁৰ লগতে দিনটো কটাইছিলোঁ৷ লংকাতো তেওঁলোক মাজে-সময়ে আহি আছিল৷ মানুহগৰাকী আছিল
আমাৰ জেঠুৰ ভনী৷ কিন্তু নিজৰ ককায়েকহঁততকৈ আমাৰ আইতা মাহঁতৰ সৈতে সম্পৰ্ক বেছি ভাল
আছিল৷ এবাৰ আমাৰ ঘৰত পতা এটা ভোজত তেওঁলোক আমাৰ লংকাৰ ঘৰলৈ আহিছিল৷ শীতকাল৷ ৰাতি
জুহালৰ গুৰিত বহি আলহীসকলৰ সৈতে আব্বা-আম্মাই বিভিন্ন কথাৰে মেল মাৰি থাকোতে হঠাৎ
মাহীয়ে মাক উদ্দেশ্য কৰি কলে, তোমাৰতো লৰা চাৰিটা, ছোৱালী নাই৷
তেতিয়া সৰু ভাইটি জলিলৰ জন্ম হোৱা নাই৷ তুমি আনুক ছোৱালী কৰি নোলোৱা কিয়? সকলো নিস্তব্ধ৷ মাই মুখেৰে একো নকৈ আব্বালৈ চালে৷ যেন তেওঁৰ
সন্মতি বিচাৰিছে৷ আব্বাইও এটা শব্দ উচ্ছাৰণ নকৰাকৈ এটা স্নিগ্ধ হাঁহিৰে মাহীৰ
প্ৰস্তাৱটোত সঁহাৰি জনালে৷ উপস্থিত সকলোৱে অনুভৱ কৰিলে আব্বা আম্মাই তেনে এটা
কথালৈ বহু দিনৰ পৰাই অপেক্ষা কৰি আছিল৷ পিছদিনা পুৱা ৯ মান বজাত আব্বাই বজাৰলৈ গৈ
আনু বাইটিৰ বাবে দুখন ধুনীয়া শাৰী আনি আম্মাৰ হাতত দিলে৷ চাৰি বছৰ পূৰ্বে (২০১৭
চনত) তিনিটা ল’ৰা আৰু দুজনী ছোৱালী এৰি আনু বাইটিয়ে ৭৩ বছৰ বয়সত ইহ সংসাৰ ত্যাগ
কৰে৷ তেওঁৰ বিয়া হৈছিল ভাদেশ্বৰী গাঁৱৰে হাৰিছ আলী নামৰ এজন ৰাজমিস্ত্ৰীৰ লগত৷
আগতেই কৈছো আমাৰ আম্মা আছিল চিৰ ৰুগীয়া৷ ১৯৬৯ চনৰ জুলাই মাহত গল্ডব্লাডাৰ ষ্টন আৰু
গ্ৰেষ্টিক আলচাৰৰ মেজৰ অপাৰেচনৰ পাছতো ২০০৫ চনলৈ আম্মা জীয়াই আছিল৷ কিন্তু
চিকিৎসকে কোৱা মতে আম্মাৰ পাকস্থলীৰ সিংহভাগ কাটি পেলাবলগীয়া হোৱাত আম্মাৰ হজম
শক্তি একেবাৰে কমি গৈছিল৷ প্ৰায়ে আম্মা বিচনাত পৰিবলগীয়া অৱস্থা হয়৷ খবৰ পালেই
লংকালৈ আহি আনুবাইটিয়ে মাক যিদৰে সেৱা শুশ্ৰূষা কৰিছিল, তাৰ পৰা আজিৰ যুগৰ
পেটৰ সন্তানে বহু কথা শিকিবলগা আছে৷ আমি আটাইকেইটা ভাই-ককাই আনুবাইটিৰ ওচৰত চিৰ
ঋণী৷
No comments