আশা হীন প্ৰতিবাদেৰে এক শক্তিশালী নাৰী চৰিত্ৰৰ চিত্ৰায়ণ “The Lost Honour of Katharina Blum” - নোভেল বটাঁ বিজয়ী জাৰ্মান সুসাহিত্যিক হেনৰি...
আশাহীন প্ৰতিবাদেৰে এক শক্তিশালী নাৰী চৰিত্ৰৰ চিত্ৰায়ণ “The Lost Honour of Katharina Blum” -
নোভেল বটাঁ বিজয়ী জাৰ্মান সুসাহিত্যিক হেনৰিখ বলৰ (Heinrich Böll : জন্ম ২১ ডিচেম্বৰ ১৯১৭ – মৃত্যু ১৬ জুলাই ১৯৮৫) ১৯৭৪ চনত প্ৰকাশ পোৱা এখন উপন্যাসৰ ভিত্তিত ১৯৭৫ চনত এখন জাৰ্মান ছবি নিৰ্মাণ কৰা হৈছিল। উপন্যাসখনৰ একে নামতে নিৰ্মাণ কৰা ছবিখন আছিল “ Die verlorene Ehre der Katharina Blum oder: Wie Gewalt entstehen und wohin sie führen kann”, পিছত অন্তৰাষ্ট্ৰীয়ভাবে “The Lost Honour of Katharina Blum” নামাকৰণৰে মুক্তি দিয়া হৈছিল। ছবিখনে, বিশেষকে ইয়াৰ বিষয়বস্তুৰ বাবে দেশ বিদেশত দৰ্শকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। মুক্তিৰ পঞ্চাছ বছৰ পিছতো আজিৰ তাৰিখতো “The Lost Honour of Katharina Blum” ছবিখনৰ প্ৰাসংঙ্গিতা একে ধৰণেই আছে। এগৰাকী শ্ৰেষ্ঠ জাৰ্মান মহিলা চলচ্চিত্ৰ পৰিচালিকা মাৰ্গাৰেথে ফন ত্ৰোটাই (Margarethe von Trotta) তেওঁৰ কেৰিয়াৰৰ আৰম্ভণী কালতেই সেই সময়ৰ আন এগৰকী প্ৰখ্যাত জাৰ্মান পৰিচালক ভল্কাৰ শ্লণ্ডৰ্ফৰ সহযোগত (Volker Schlöndorff) হেনৰিখ বলৰ মূল উপন্যাসখনৰ পৰা চলচ্চিত্ৰৰ বাবে চিত্ৰনাট্য প্ৰস্তুত কৰে আৰু পিছত যুটীয়া ভাবে ছবিখনৰ পৰিচালনাও কৰে। তথাকথিত এচাম সুবিধাবাদী ভণ্ড সংবাদিক আৰু তাৰ লগতে ৰাষ্ট্ৰযন্ত্ৰৰ ফোঁপোলা ৰাজনৈতিক চৰিত্ৰৰ এক নিদৰ্শন ছবিখনত স্পষ্টভাৱে প্ৰকট হৈছে। ছবিখনৰ বিৰাট সফলতাই পৰবৰ্ত্তী কালত ৰ্মাৰ্গাৰেথে ফন ত্ৰোটাক এগৰাকী শ্ৰেষ্ঠ জাৰ্মান মহিলী পৰিচালকৰূপে প্ৰতিষ্ঠিত হোৱাত যথেষ্ট অৰিহণা যোগাইছে। এগৰাকী নিৰপৰাধী যুৱতীয়ে এজন সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ সৈতে এনিশাটো কটোৱাৰ পিছত কেনেদৰে দৰ্যোগে তাইৰ জীৱনটো ধ্বংস কৰি পেলালে তাকেই “The Lost Honour of Katharina Blum” নামৰ এই ছবিখনত দেখুৱা হৈছে।
ছবিখনৰ পটভুমি আৰু মূল কাহিনী:
এই কাহিনী সংঘটিত হোৱাৰ সময়ত বৰ্তমানৰ জাৰ্মানীখন ফেডাৰেল ৰিপ্লাবিক অব জাৰ্মানী বা পশ্চিম জাৰ্মানী (চমুকে FRG) আৰু জাৰ্মান ডেমক্ৰেটিক ৰিপ্লাবিক বা পূব জাৰ্মানী (চমুকে GDR) নামেৰে দুখন পৃথক দেশত বিভক্ত আছিল। যুদ্ধত পৰাজিত হোৱাৰ পিছত জাতি, ধৰ্ম, ভাষা, সংস্কৃতি আদি সকলোবোৰ একে হোৱা সত্বেও কেৱল মাত্ৰ ৰাজনৈতিক আৰ্দশৰ বাবে জাৰ্মানী দুখন সুকীয়া ৰাষ্ট্ৰত বিভক্ত হৈছিল। এখনে আনখনক বিশ্বাস নকৰে। দুয়োখন ৰাষ্ট্ৰই নিজ নিজ আদৰ্শৰে জনসাধাৰণক আকৰ্ষণ কৰিবলৈ সদায়ে চেষ্টা কৰিছিল আৰু দুয়োখন দেশে নিজৰ নীতি, আৰ্দশক শ্ৰেষ্ঠ বুলি প্ৰচাৰ কৰিবলৈ বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিছিল। অধিবক্তা হুবাৰ্ট ব্লৰ্নাৰ এক বৃহৎ উদ্যোগী প্ৰতিষ্ঠান গোষ্ঠীৰ আইনী উপদেষ্টা। তেখেতৰ গৃহকৰ্মী হিচাপে কেথাৰিনা ব্লাম নাৰ এগৰাকী সাধাৰণ মহিলাই কাম কৰে। সহজ সৰল স্বভাবৰ বাবে ব্লৰ্নাৰ আৰু ব্লৰ্নাৰ পত্নী টৰুডৰয়ে কেথাৰিনাক যথেষ্ট মৰম আৰু বিশ্বাস কৰিছিল। নিয়মীয়া দৰমহাৰ উপৰিও মাজে সময়ে টকা পইচা দি তাইক সহায় কৰিছিল। কেথাৰিনা ইয়াৰে নিবনুৱা ভায়েকজনৰ পকেট খৰচ আৰু বুঢ়ী মাকৰ চিকিৎসাৰ খৰচো কেথাৰিনায়ে বহন কৰিব কৰে। কেথাৰিনাৰ দেউতা এজন বামপন্থী আদৰ্শৰে প্ৰভাৱশালী ব্যক্তি আছিল। যুদ্ধৰ আগতে তাইৰ সৰু অৱস্থাতেই দেউতাকে ৰাছিয়ালৈ গৈ পিছত নিখোজ হয়।এদিন বন্ধু এজনৰ পাৰ্টি এটাত লুডৱিগ গ’টেন নামৰ যুবক এজনৰ সৈতে কেথাৰিনাৰ আকস্মিক ভাবে চিনাকী হোৱাৰ পিছত দুয়োৰে মাজত প্ৰেমৰ এক মধুৰ সম্পৰ্ক গঢ়ি উঠে আৰু সুবিধা মতে ইজনে সিজনক লগ ধৰে। লুডৱিগ গ’টেন এটা নিষিদ্ধ সংগঠনৰ সক্ৰিয় সদস্য আছিল। পুলিচৰ মতে এইটো এটা ৰাষ্ট্ৰবিৰোধী সংগঠন। ইয়াৰ সদস্যসকল বেঙ্ক ডকাইতিকে আদি কৰি নানান ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যৰ লগতো লিপ্ত। লুডৱিগো এনেবোৰ কাৰ্যত জড়িত হৈআছে। সেয়ে পুলিচে লুডৱিগ’ৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ তাৰ
পিছত চোৰাংচোৱা নিয়োগ কৰে। এদিন চোৰাংচোৱাই কেমেৰালৈ তাক অনুকৰণ কৰি গৈ দেখে যে সি ফ্লেট এটাত সোমাইছে। এই কথাৰ প্ৰমাণ সংগ্ৰহ কৰাৰ উদ্দেশ্যে চোৰাংচোৱাজনে সেই ফ্লেটোৰ চাৰিও পিনৰ ফটো তুলি লয় আৰু চোৰাংচোৱাজনে লুডৱিগে ফ্লেটৰ পৰা ওলাই আহি কলৈনো যায় বা তালৈ আৰু আন কোনোবা সন্দেহজন ব্যক্তি আহে নেকি সেই কথাৰ বুজ লবলৈ তাত গোপনে অপেক্ষা কৰি থাকে। কিন্তু বহু সময় ধৰি লুডৱিগ’ তাৰ পৰা ওলাই নহাত আৰু আন তেনে ব্যক্তিৰ কোনো আগমণ নেদেখি চোৰাংচোৱাজনে ধাৰণা কৰি লয় যে ই ৰাষ্ট্ৰবিৰোধী দলটোৰ এক গোপন আড্ডা। হয়তো লুডৱিগ’ আহাৰ আগতেই আন আন সদস্য সকলৰ তাত আগমণ হৈছিল। তাত এতিয়া নিশ্চয় কোনো গোপন মিটিং চলি আছে। তেতিয়া প্ৰায় মাজ নিশা, চোৰাংচোৱাজনে এই সকলোবোৰ কথা বেতাঁৰ বাৰ্তা যোগে পুলিচক অৱগত কৰে। পুৱতি নিশা এক বিশাল পুলিচ বাহিনী আহি ফ্লেটটো ঘেৰি পেলায় আৰু সেই নিদিৰ্ষ্ট কোঠাটোত বলপুৰ্বক প্ৰবেশ কৰে। আচলতে এই ঘৰটো আছিল কেথাৰিনা ব্লামৰ। লুডৱিগে প্ৰেমিকা কেথাৰিনাকৰ সৈতে নিশাটো কটাবলৈ ইয়ালৈ আহিছিল। হয়তো পুলিচৰ অভিযানৰ কথা সি কিবাকে উমান পাই পুলিচ অহাৰ আগতেই অতি গোপনে তাৰ পৰা পলায়ন কৰে। পুলিচৰ দলে লুডৱিগ’ক নেপাই সি কলৈ গ’ল বুলি কেথাৰিনাক বিভিন্ন ধৰণে প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰি তোলে। তাইৰ পৰা কোনো সদোত্তৰ নোপোৱাত তাইক গালি গালাজ কৰি গোটেই ঘৰটো তালাচী নামত লণ্ডভণ্ড কৰি পেলালে, কিন্তু তাত কোনো আপত্তিকৰ নথিপ্ৰত্ৰ নাপালে। তৎসত্তেও তাইক ধৰি আনি পুলিচৰ জিম্মাত ৰখে। ৰাতিপুৱাৰ লগে লগে কেথাৰিনাক সন্ত্ৰাসবাদীৰ সৈতে জড়িত হৈ থকাৰ অপৰাধত পুলিচে গ্ৰেপ্তাৰ কৰা বাতৰিটো বন জুঁইৰ দৰে বিয়পি পৰে। তাইৰ চিনাকী সৰহভাগে লোকেই এই কথাটো বিশ্বাস কৰিবলৈ টান পায়, বৰং তাইৰ প্ৰতি সহানুভুতিহে প্ৰকাশ কৰিছিল। পুলিচে সন্ত্ৰাসবাদীৰ গোটটোৰ কিবা গোপন তথ্য পোৱাৰ আশাত আইনৰ ভয় দেখৱাই তাইক জেৰা চলাই থাকে। কেথাৰিনাই নিজৰ স্থিতিত অটল হৈ কেৱল ইয়াক কয় যে- এই বিষয়ে তাই একো নাজানে, তাই মাত্ৰ লুডৱিগ’ক ভাল পায় আৰু দেশৰ আইন মতে কাৰোবাক ভাল পোৱাটো অপৰাধ নহয়।
ইয়াকে দেখি পুলিচে কেথাৰিনাৰ ব্যক্তিগত জীৱনৰ বিতং তথ্য সংগ্ৰহ কৰা আৰম্ভ কৰে আৰু তাৰে ভিত্তিত কিছু অভিযোগ আনি তাইক বিভ্ৰান্তিকৰ প্ৰশ্ন কৰিব ধৰে। পুলিচে তাইৰ ঘৰত তালাচী চলোবাৰ সময়ত এটা অতি মূল্যবান আঙুঠি পাইছিল। তাইৰ সামান্য দৰমহাৰে ইমান মূল্যবান আঙুঠি আৰু এপাৰ্টমেন্ট কেনেকৈ ক্ৰয় কৰিছে বুলি প্ৰশ্ন কৰাত উত্তৰত তাই এইবোৰ উপহাৰ ৰূপে পোৱা বুলি কয়। আচলতে উকীল হুবাৰ্ট ব্লৰ্নাৰ উদ্যোগপতি বন্ধু এজনে এই উপহাৰ দিছিল, কিন্তু পুলিচৰ আগত তেওঁৰ নাম প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। তাইৰ এখন চেকেণ্ড হেণ্ড গাড়ী আছে এইখন ধাৰ লৈ নিজৰ প্ৰয়োজনৰ বাবেহে কিনা বুলি কয়। কিন্তু বেচা কিনাৰ তথ্য পৰীক্ষা কৰি পুলিচে পুনৰ তাইক প্ৰশ্ন কৰে যে গাড়ীখনে মাত্ৰ দুটা বছৰতে পঞ্চাছ হেজাৰ মাইলতকৈ অধিক চলিছে, ইমান দূৰ বাট চলাই তাই কত কত কি কামত ঘুৰি ফুৰিছিল? নে তাই আন কাৰোবাক এইখন গাড়ী ব্যবহাৰ কৰিবলৈ দিছিল, ইত্যাদি প্ৰশ্ন কৰে। কেথাৰিনাই ইয়াৰ যথা সম্ভব ইয়াৰ উত্তৰ দিয়ে।
ইয়াৰে সমান্তৰাল ভাবে কেথাৰিনাৰ গ্ৰেপ্তাৰৰ বাতৰিটো পাই টটজেছ নামৰ স্থানীয় বাতৰি কাকতৰ এজন সাংবাদিকে ভাৱিবলৈ ল’লে- এই ঘটনাটো পাঠকৰ বাবে কেনেদৰে ৰোমাঞ্চকৰ কৰি তুলিব পৰা যায়, আৰু ইয়াক চাঞ্চল্যকৰ বাতৰি ৰূপে ধৰাৰাবাহিক ভাবে প্ৰকাশ কৰি কাকতখনৰ চাহিদা বঢ়োৱাৰ লগতে নিজৰো নাম জহাব পৰা যাব। সেই উদ্দেশ্যৰে এজন ফটো-সাংবাদিকক লগত লৈ কেৱল পুলিচৰ পোৱা প্ৰাথমিক তথ্যখিনি লৈ ইয়াক এক চঞ্চল্যকৰ কাহিনী ৰূপে সজাব আৰম্ভ কৰে। কেথাৰিনাৰ জীৱনৰ গোপন তথ্য সংগ্ৰহ কৰাৰ উদ্দেশ্যে প্ৰথমতে সংবাদিকজনে অধিবক্তা হুবাৰ্ট ব্লৰ্নাৰৰ ওচৰলৈ যায়। সেই সময়ত ব্লৰ্নাৰ ঘৰত নাছিল, তেওঁ পত্নীৰ
সৈতে বিনোদন ভ্ৰমণত চহৰৰ বাহিৰত আছিল আৰু এই বিষয়ে কোনোধৰণে অৱগতো নাছিল। সাংবাদিক টটজেছে ফটো-সাংবাদিকসহ ব্লৰ্নাৰ বিনোদন স্থলী বিনোদন স্থলীত হাজিৰ হৈ এই বিষয়ে তেওঁৰ মন্তব্য জানিব বিচৰাত সাংবাদিকজনক দৃঢ়তাৰে কয় – মই তাইক ভালদৰে জানো, তাই এনে কামত কেতিয়াও এনে কামত জড়িত হব নোৱাৰে, ই মুঠেই গ্ৰহণ যোগ্য নহয়। এই কথাত সন্তোষ নহৈ ব্লৰ্নাৰ ঘৰলৈ উভতি অহাৰ পিছত সংবাদিকে পুনৰ ব্লৰ্নাক লগ কৰিব আহে। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত কেথাৰিনাক তেওঁ এতিয়া অধিবক্তা হিচাপে কেনেদৰে কেথাৰিনাক আইনী সহায় কৰিব, ইত্যাদি ধৰণৰ প্ৰশ্ন কৰাত ব্লৰ্নাৰ ক্ৰোধিত হৈ পৰে আৰু সাংবাদিক দুজন তাৰ পৰা খেদি পঠায়। সিমানতে হাৰ নেমানি তাৰ পিছত সাংবাদিক দুজনে কেথাৰিনাৰ গাঁৱৰ ঘৰলৈ যায়। সিহঁতে গাঁৱত আহি গম পালে যে গাঁৱৰ ঘৰটোত এতিয়া কোনো নাথাকে। গিৰিয়েকৰ সৈতে কেথাৰিনাৰ এৰা এৰি হোৱাৰ কেইবা বছৰো হল। তাইৰ গিৰিয়েকজন সাধাৰণ কাম কৰা এজন সৎচৰিত্ৰৰ লোক, বিবাহ বিচ্ছেদৰ পিছত তেওঁ এতিয়া চহৰৰ ফেষ্টৰী এটাত কাম কৰে। ইয়াকে জানিব পাৰি দুয়ো সংবাদিকে কেথাৰিনাৰ গিৰিয়েকৰ কাষ চাপে। উদ্দেশ্য কেথাৰিনাৰ চৰিত্ৰৰ বিষয়ে নেতিবাচক তথ্যৰ লাভ কৰা৷ কিন্তু তেওঁৰ পৰাও কেথাৰিনাৰ চৰিত্ৰৰ বিৰুদ্ধে কোনো নেতিবাচক তথ্য লাভ কৰিব নোৱাৰি বিফল হৈ ঘুৰি আহে।
এইবাৰ সাংবাদিক দুজন কেথাৰিনাৰ মাকৰ ওচৰ চাপে। সেই সময়ত কেথাৰিনাৰ বৃদ্ধ মাকে চিকিৎসালয়ৰ আই চি ইউত মৃত্যুৰ সৈতে যুঁজি আছিল। তৎসততেও মাকৰ কাষলৈ আহি জীয়েকে কৰা কুকৰ্মৰ কথা মাকে গম পাইছে নে নাই বুলি অতিৰঞ্জিতভাবে মন গঢ়া কাহিনী মাকক শুনাই প্ৰশ্ন কৰে৷ কাৰ প্ৰৰোচনাত পৰি কেথাৰিনাই এনে কাণ্ড কৰিব পাৰে ইত্যাদি প্ৰশ্নও কৰে। সেই সময়ত বৃদ্ধ গৰাকাকীৰ অবস্থা অতি শোচনীয় আছিল, মুখেৰে মাত দিব পৰা অবস্থাত নাছিল। তথাপিও বাৰে বাৰে মাকক এনেবোৰ প্ৰশ্ন শুধি থাকে। মাকক শোকে খুণ্ডা মাৰি ধৰে, কোনো মতে “তাই এনে কৰিছে” বুলি কৈ মূৰ্চ্ছা যায়। ইয়াকে দেখি নাৰ্চে আহি সিহঁতক তাৰ পৰা খেদি দিয়াত মাকৰ ফটো এখন লৈ তাৰ পৰা সি এটা বিজয় সূলভ হাঁহিৰে ওলাই যায়। এতিয়া ইয়াকে সমল কৰি আতিৰঞ্জিতভাবে মনে সজা কাহিনী বনাই বাতৰি কাকতত ধাৰাবাহিক ভাবে কেথাৰিনাৰ অপবাদ প্ৰকাশ কৰিবলৈ ধৰে- আগৰ পৰাই কেথাৰিনা এগৰাকী দুশ্চৰিত্ৰৰ মহিলা আছিল, সেয়ে গিৰিয়েকে তাইক এৰি দিয়ে। মাকে তাইৰ এনে কাৰ্যকলাপ জানিও তাইক নিয়ন্ত্ৰণ কৰিব নোৱাৰি সেই শোকতে মৃত্যুবৰণ কৰে। এনেবোৰ অপবাদে লাহে লাহে সমাজত কেথাৰিনাৰ প্ৰতি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ মানুহে তাইক লাহে লাহে সন্দেহ কৰিবলৈ ধৰে। সমাজত তাইৰ মান-সন্মান ক্ষুণ্ণ হবলৈ ধৰে আৰু ইয়ে তাইক ক্ষোভিত কৰি তোলে। এগৰাকী মাহীয়েকে কেথাৰিনাক পুলিচৰ হাতৰ পৰা মোকোলাবলৈ সাহায় বিচাৰি আদালতৰ কাষ চাপি সাহায় বিচাৰে।
ইপিনে তাই দোষী নহয় বুলি পুলিচও একপ্ৰকাৰ পতিয়ন গৈছিল। সেয়ে তাইক জামিনত মুক্তি দিয়া হয়। ইয়াতো পুলিচে এক গোপন অভিসন্ধি ৰচিছিল। পুলিচে নিশ্চিত আছিল যে কেথাৰিনাই মুক্তি লাভ কৰিয়ে সন্ত্ৰাসবাদী প্ৰেমীক লুডৱিগক নিশ্চয় লগ ধৰিবলৈ যাব। তেতিয়া তাক সহজে বন্দী কৰিব পাৰিব পৰা যাব। মুক্তি পাই ঘৰলৈ আহি কেথাৰিনাই এবাৰ মাত্ৰ টেলিফোন কৰি লুডৱিগৰ কুশল বাৰ্ত্তা লয়। কেথাৰিনাৰ সন্দেহ হৈছিল যে পুলিচে এতিয়া তাইৰ ওপৰত গোপন নজৰ ৰাখিব, তাইৰ টেলিফোন বাৰ্তাও টেপ কৰা হব এই আশঙ্কাত দুয়ো মাত্ৰ ক্ষন্তেক প্ৰেমালাপ কৰে। কিন্তু ইয়াৰ কেইদিনমান পিছত লুডৱিগকে আত্মগোপন কৰি থকা এক গুপ্তস্থানৰ খবৰ পাই পুলিচে অভিযান চলাই গুলিবিদ্ধ কৰি লুডৱিগক বন্দী কৰিব সক্ষম হয়।
এইবাৰ সাংবাদিকজনে পুনৰ কেথাৰিনা বিৰুদ্ধে চক্ৰান্ত ৰচি তাইক জনায় যে কেথাৰিনাই যদি তাইৰ হেৰুৱা মান-সন্মান ঘুৰাই পাব বিচাৰে তেন্তে তাক এক সাক্ষ্যাগ্ৰহণ দি প্ৰমাণ কৰিব লাগিব যে তাই নিৰ্দোষী। আৰক্ষী আৰু সাংবাদিকৰ পৰা পাই অহা এনে হাৰাশাস্তিত তাই অতিষ্ঠ হৈ পৰে, জীৱনৰ প্ৰতি তাইৰ মোহ নোহোৱা হয়। নিজৰ বাবে ন্যায় বিচাৰি নেপাই আৰু সংবাদমাধ্যমত চলি থকা নেতিবাচক প্ৰচাৰ বন্ধ কৰি নোৱাৰি কেথাৰিনাই এক চৰম সিদ্ধান্ত লৈ সাংবাদিক টটজেছক চেগ বুজি তাৰ পিষ্টলেৰে গুলীয়াই হত্যা কৰে। দুটা বেলগে গোচৰত একে সময়তে লুডৱিগ আৰু কেথাৰিনাক পুলিচে বেলেগে বেলেগে আাদালতলৈ নিয়াৰ পথত দুয়োৰে শেষ দেখা হয় আৰু ইয়াতে ছবিখন শেষ কৰা হৈছে।
ছবিখনৰ শিৰোনাম চৰিত্ৰটোত অভিনয় কৰিছে সেই সময়ৰ জাৰ্মানীৰ প্ৰখ্যাত অভিনেত্ৰী এঞ্জেলা উইংকলাৰে (জন্ম ২২ জানুৱাৰী ১৯৪৪ চন)। চিকিৎসা বিজ্ঞানৰ ছাত্ৰী হৈ থকা সময়তেই তেওঁ অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈ প্ৰথমে থিয়েটাৰ, তাৰ পিছত চলচ্চিত্ৰ জগতত ভৰি থৈছিল। কেথাৰিনাৰ অন্তৰত থকা ক্ষোভক যিমান সম্ভব কম সংলাপৰে অভিনেত্ৰী এঞ্জেলাই অতি দক্ষ্ অভিনয়ৰে কেথাৰিনাৰ মানসিক অৱস্থাক অতি আকৰ্ষনীয় ভাবে প্ৰকাশ কৰিছে। ১৯৭৬ বৰ্ষত German Film Awards কমিটিয়ে “দ্যা লষ্ট অনাৰ অব কেথাৰিনা ব্লামে” ছবিখনত কৰা অভিনয়ৰ বাবে এঞ্জেলা উইংকলাৰক শ্ৰেষ্ঠ অভিনেত্ৰীৰ সোনালী বঁটাৰে সন্মান প্ৰদান কৰা হৈছিল। ইয়াৰ লগতে ছবিখনে শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফীৰ বাবেও সন্মান লাভ কৰিছিল।
পৰিচালক ভলকাৰ শ্বলণ্ডৰ্ফ (জন্ম :৩১ মাৰ্চ ১৯৩৯ চন) আৰু মাৰ্গাৰেথ ভন ট্ৰটাই হাইনৰিখ বলৰ উপন্যাসখনৰ এক শক্তিশালী চলচ্চিত্ৰীয় অভিযোজনা আগবঢ়াইছে। এই কাহিনীৰ চৰিত্ৰ হয়তো কিছু কাল্পনিক কিন্তু আজিৰ পৰা পঞ্চাশ বছৰৰ আগতে নিৰ্মাণ কৰা ছবিখনৰ প্ৰাসংঙ্গিকতা আজিও একে আছে। ৰাষ্ট্ৰ ক্ষমতাৰ অপ্ৰয়োগ, ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ হৰণ আৰু সংবাদ মাধ্যমৰ দায়ত্বহীনতা এক ইচ্ছাকৃত অভিপ্ৰায়, কোনো আকস্মিকতা নহয়।
সকলো দেশতেই বিভন্ন সময়তে এনেবোৰ ঘটনা ঘটা দেখা যায়। আন এগৰাকী নোবেল বঁটা বিজয়ী জাৰ্মান সাহিত্যিক গুণ্টাৰ গ্ৰাছৰ (Günter Grass) বিশ্ব বিখ্যাত উপন্যাস “টিন ড্ৰাম”ৰ কাহনীৰ ভিত্তিত পৰিচালক ভলকাৰ শ্বলণ্ডৰ্ফে নিৰ্মাণ কৰা “টিন ড্ৰাম” (১৯৭৯) নামৰ ছবিখনটো এঞ্জেলা উইংকলাৰে মূখ্য চৰিত্ৰত অভিনয় কৰিছিল। জাৰ্মান চলচ্চিত্ৰৰ এক মাইলৰ খুটা স্বৰূপ ‘টিন ড্ৰাম’ ছবিখনে বিদেশী ভাষাৰ ছবিৰ শিতানত ১৯৮০ চনত শ্ৰেষ্ঠ ছবিৰ অস্কাৰ বঁটা লাভ কৰিছিল।
‘দ্যা লষ্ট অনাৰ কেথাৰিনা ব্লাম’ ছবিখনৰ আনগৰাকী পৰিচালিকা মাৰ্গাৰেথ ভন ট্ৰটা (জন্ম :২১ ফেব্ৰুৱাৰী ১৯৪২ চন) হৈছে পৰিচালক ভলকাৰ শ্বলণ্ডৰ্ফ পত্নী। মাৰ্গাৰেথ ভন ট্ৰটা জাৰ্মান চলচ্চিত্ৰৰ এগৰাকী অতি দক্ষ পৰিচালিকা। দেশ বিদেশত তেখেতৰ কেইবাখনো ছবিয়ে সমাদৰ লাভ কৰিছে। কৈশোৰ কাল পিতৃ-মাতৃৰ সৈতে জাৰ্মানীৰ ডুসেলডৰ্ফত (Düsseldorf) চহৰত কটোৱাৰ পিছত ডাঙৰ হৈ অধ্যয়নৰ বাবে পেৰিছলৈ যায়। অভিনেত্ৰী হিচাপে চলচ্চিত্ৰ জগতত প্ৰথম খোজ পেলাই সেই সময়ৰ শ্ৰেষ্ঠ জাৰ্মান পৰিচালক ৰেইনাৰ ৱাৰ্নাৰ ফাচবিন্ডাৰ আৰু ভল্কাৰ শ্লণ্ডৰ্ফৰ চলচ্চিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল। পিছত তেওঁ পৰিচালক শ্লণ্ডৰ্ফৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হয়।
নাৰী – ফন ত্ৰোটাৰ ছবিৰ সদায়ে কেন্দ্ৰীয় বিষয়। বিশেষকৈ, তেওঁ সেইসকল মহিলাৰ কথা কবলৈ বিচাৰে যিয়ে নিজৰ অস্তিত্বৰ কাৰণে সমাজৰ সৈতে যুঁজ দি জীৱন আৰু আদৰ্শৰ মাজত টনা আজোৰা কৰিবলৈ বাধ্য হয়, আৰু সমাজ গঠনত নিজৰ প্ৰাপ্য স্থান বিচাৰি উলিয়াবলৈ সক্ষম হয়। এই লক্ষ্যৰে তেওঁৰ ছবি সমূহত মহিলাক সদায় মূখ্য চৰিত্ৰত স্থান দিয়া হয়, যাৰ দ্বাৰা এক চিন্তাশীল, সংবেদনশীল, ৰাজনৈতিকভাৱে সচেতন এক বাস্তবধৰ্মী ছবি প্ৰতবিম্বিত হৈ উঠা দেখা পোৱা যায়। অস্বাভাৱিক নাটকীয়তাৰ পৰিবৰ্তে ত্ৰোটাৰ ছবিত দেখা যায় এক শান্ত, গভীৰ চিন্তাৰে ভৰা দৃশ্যাৱলী। তেওঁৰ কাহিনী কথনৰ গতি কিছু মন্থৰ যদিও ইয়াত থাকে ভাবৰ গভীৰতা। স্মৃতি, সময়, আৰু আত্ম-অন্বেষণৰ মাজত দৃশ্যবোৰ গঠন কৰি তেওঁ ব্যক্তিত্বক আৰু ৰাজনৈতিক ইতিহাসৰ সংযোগস্থলিত চৰিত্ৰসমূহক উপস্থাপন কৰে। এনেদৰে নাৰী চৰিত্ৰৰ জটিলতা আৰু অন্তৰ্নিহিত দ্বন্দ্বক সহজ ভাষাৰে চলচ্চিত্ৰ মাধ্যমত তুলি ধৰে। “The Lost Honour of Katharina Blum” কেৱল এগৰাকী নাৰী জীৱনৰ বেথা নহয়, ই যুগ যুগ ধৰি সকলো সমাজত অগণন মহিলাই নীৰৱে সহি থকা যন্ত্ৰণাৰ প্রতীকস্বৰূপ। New German Cinema আন্দোলনৰ দ্বাৰা যিসকল মহিলা পৰিচালকে দৃঢ়ভাৱে নিজৰ স্থিতিত অটল থাকি আবিৰাম গতিত কাম কৰি নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে তেনে এক মহিলা পৰিচালকৰ ভিতৰত ফন ত্ৰোটা হৈছে অন্যতম। বৰ্ত্তমান সময়ত Celine Sciamma (ফৰাচী), Maren Ade (জাৰ্মানী, Mia Hansen (ফৰাচী) আদিৰ দৰে দেশ বিদেশৰ বহু মহিলা পৰিচালক তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈ ছবি নিৰ্মাণ কৰি বিশ্বজুৰি দৰ্শকক প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে তেওঁৰ জীৱনজোৰা কৰ্মৰাজীৰ বাবে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও সন্মান আৰ্জন কৰিছ। ত্ৰোটাৰ আন কেইখনমান উ্লেখনীয় ছবি Sisters, or the Balance of Happiness (১৯৭৯), Rosa Luxemburg (১৯৮৬),The Promis (১৯৯৬), Rosenstrasse (২০০৩) । Hannah Arendt (২০১২ কুখ্যাত নাজী নেতা এডোলফ আইকম্যানৰ Adolf Eichmann বিচাৰ ওপৰত), Forget About Nick (২০১৭ ৰোমাণ্টিক ধৰ্মী) তেওঁ জাৰ্মান টেলিভিছনতো প্ৰসংশণীয় কাম কৰিছে। নিজে পৰিচালক হোৱাৰ উপৰিও অভিনেত্ৰীৰূপে কেইবাখনো চলচ্চিত্ৰ আৰু টেলিভিছনত অৱতীৰ্ণ হৈছে।শেহতীয়াকৈ তেওঁ নিমাৰ্ণ কৰা দুখন তথ্যচিত্ৰই বিশ্ব চলচ্চিত্ৰ প্ৰেমীক বাৰুকৈয়ে আকৰ্ষন কৰিছে। ইয়াৰে এখন হৈছে চুইডনৰ প্ৰখ্যাত চলচ্চিত্ৰ ইংগমাৰ বাৰ্গম্যানৰ কৰ্মৰাজীৰ ওপৰত আৰু আনখন হৈছে অষ্ট্ৰিয়ান সাহিত্যিক Ingeborg Bachmannৰ জীৱনৰ ওপৰত কৰা Ingeborg Bachmann – Journey into the Desert (২০২৩)।
No comments