Page Nav

HIDE

শেহতীয়া:

latest

Ads Place

মই এজোপা সেউজীয়া গছ আছিলোঁ -ডা: সৌৰভ কুমাৰ ভূঞা

      মই এজোপা সেউজীয়া গছ আছিলোঁ কিছু বছৰ হ’ল- মই এতিয়া আৰু এজোপা গছ হৈ থকা নাই মই কেইটুকুৰামান কাঠলৈ পৰিবৰ্তিত হৈ গৈছোঁ- শুকান কা...

 



  মই এজোপা সেউজীয়া গছ আছিলোঁ

কিছু বছৰ হ’ল-

মই এতিয়া আৰু এজোপা গছ হৈ থকা নাই

মই কেইটুকুৰামান কাঠলৈ পৰিবৰ্তিত হৈ গৈছোঁ-

শুকান কাঠ৷

 

মোৰ এই পৰিবৰ্তনৰ বাবেই

মোৰ ঘৰৰ কাষৰ পথাৰখনৰ বাংময় সন্ধ্যাবোৰৰ

এপথাৰ জোনাকী উছন হৈ গ’ল

 

মোৰ এই পৰিৱৰ্তনৰ বাবেই

মোৰ মজবুত ঘৰখনৰ দুৱাৰ-খিৰিকিৰ চৌকাথবোৰ

ঘূণে ধৰি বিধ্বস্ত হৈ গ’ল

 

মোৰ এই পৰিৱৰ্তনৰ বাবেই, জনাই জানে

বহাগ বিহুৰ আধুনিক ৰভাবোৰ

ঠায়ে ঠায়ে ভুঁই ৰোৱা পথাৰ যেন হ’ল

 

অনুতাপ দগ্ধ শৰীৰ-মনেৰে

এতিয়া আৰম্ভ কৰিছোঁ যাত্ৰা-

নিজকে বিচাৰি দিহিঙে-দিপাঙে

 

(মোবাইল নং ৯৪৩৫০-৪০১৬০, ই-মেইল saurabhbhuyan56@gmail.com)

No comments

Latest Articles