Page Nav

HIDE

শেহতীয়া:

latest

Ads Place

ভাৰতীয় ঐক্য জিন্দাবাদ, ভাৰতীয় ঐক্য দীৰ্ঘজীৱী হওক

  যোৱা ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত নিৰীহ পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী সকলে কৰা নির্মম আক্ৰমণৰ মুলতঃ দুটা উদ্দেশ্য আছিল৷ প্ৰথমটো হ’ল ভাৰতৰ সীম...

 


যোৱা ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত নিৰীহ পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী সকলে কৰা নির্মম আক্ৰমণৰ মুলতঃ দুটা উদ্দেশ্য আছিল৷ প্ৰথমটো হ’ল ভাৰতৰ সীমাইদি ৯০ ৰ পৰা ১০০ কি: মি: দূৰত অৱস্থিত পেহেলগামত সোমাই এই কূটাঘাতমূলক কার্য্ সমাপন কৰা আৰু দ্বিতীয়তে,  ভাৰতৰ মানুহৰ মাজত ধর্মৰ ভিত্তিত বিভাজন অনা৷ প্ৰথমটোত তেওঁলোক ১০০ শতাংশই সফল হ’ল যদিও, দ্বিতীয়টোত তেওঁলোক সেই দিনটোৰ পৰা ৬ মে পর্য্ন্ত প্ৰায় এপষেক সময় সামান্যভাৱে সফল বুলি ভৱা হয় যদিও পাকিস্তান বা সন্ত্ৰাসবাদীয়ে ভবাৰ দৰে ধৰণেৰে নহ’ল৷ পিছে, এইটোও ঠিক যে এই আক্ৰমণ কেৱল ধর্মৰ নামত কিছুমান বৰ্বৰৰ আক্ৰমণেই নাছিল, ই আছিল ঐক্যবদ্ধ ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ, যিয়ে জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে জোকাৰি গৈছিল ৷ দেশক ভালপোৱা আৰু ধর্মনিৰপেক্ষতাত বিশ্বাসী প্ৰতিজন ভাৰতীয়ই শংকিত হৈ পৰিছে আৰু তাৰ কাৰণো আছিল৷ কিয়নো যোৱা কিছু বছৰ ধৰি ভাৰতত ধর্মীয় উন্মাদনাই ঠাই পাইছে আৰু বিভিন্ন ধর্মাৱলম্বী লোকৰ মাজত সামাজিক দুৰত্বৰ সৃষ্টি হবলৈ আৰম্ভ কৰিছে৷


পেহেলগাম ঘটনাৰ পৰৱর্তী সময়ত দেশৰ ভিতৰৰ পৰাই এনে কিছু উদ্বেগজনক ঘটনা ঘটিবলৈ ল’লে যে দেশক ভাল পোৱা প্ৰতিজন মানুহৰে মন তীব্ৰ মানসিক বেদনা,  চিন্তা,  নিৰাশা আৰু বুজাব নোৱাৰা মনোকষ্টই আবৰি ধৰিলে৷ দেখা গ’ল, মানুহৰ মনলৈ অহা কিছুমান স্বাভাৱিক প্ৰশ্ন, যেনে, ভুক্তভোগী পৰিয়াল সকলৰ দূখ বেদনা কেনেকৈ উপশম কৰা হ’বতেওঁলোকক ন্যায় কিদৰে দিব পৰা যায়? দেশৰ নিৰাপত্তা অধিক শক্তিশালী কিদৰে কৰা হ’বঅথবা নিৰাপত্তাৰ ভুলৰ দায়িত্ব কোনে ল'?  ইত্যাদি সমস্যা সমাধানৰ বাবে যি বিলাক অতি দৰকাৰী কথা তাৰ পৰিবর্তে ৰাজনৈতিক ভাৱে লাভৱান হ’ব পৰা বর্ণনা বিলাকেহে সামাজিক মাধ্যমত ঠাই পালে! আনকি যি সকল সাহসী আৰু চিন্তাশীল নাগৰিকে এনেবোৰ প্ৰশ্ন কৰিবলৈ সাহস কৰিলে, তেওঁলোকৰ প্ৰতিহে বিদ্বেষপূৰ্ণ মন্তব্যৰে সামাজিক মাধ্যম ভৰি পৰিল৷ তেওঁলোক আনকি চৰকাৰৰ ফালৰ পৰাও তিৰস্কাৰ আৰু আইনী ব্যৱস্থা আদিৰো সন্মুখীন হ’ব লগা হ’ল৷

 

তাৰোপৰি এটা অভাৱনীয় পৰিঘটনাই সমাজ কঁপাই তুলিলে৷ সন্ত্ৰাসবাদীৰ আক্ৰমণত স্বামীক হেৰুওৱা এগৰাকী নৌ সেনা বিষয়াৰ নৱবিবাহিতা পত্নীৰ বিৰুদ্ধে সকলোকে হতবাক কৰা এনে কিছু ঘৃণনীয় মন্তব্য কৰা হ’ল যে তাক কোনো সভ্য সমাজে গ্ৰহণ কৰিব নোৱাৰে৷ তেওঁৰ অপৰাধ আছিল এইটোৱেই যে, এই ঘটনাৰ আলম লৈ যাতে মুছলমান সম্প্ৰদায়ৰ আৰু কাশ্মীৰী সকলৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ নহয় তাৰ বাৱে অনুৰোধ জনোৱা! জীৱনৰ সর্বস্ব হেৰুৱা এগৰাকী নাৰীৰ বাৱে সেই মুহুর্তত এনে এক বাক্য ক’ব পৰাটো কিমান যে চিন্তাগভীৰ হ’ব পাৰে সেয়া এগৰাকী প্ৰকৃত দেশপ্ৰেমী নাৰীয়েহে অনুধাৱন কৰিব পাৰিব৷ এনে নেতিবাচক কথাবিলাক কেৱল নৈতিকভাৱে নিন্দনীয়ই নহয়- ই ভাৰতীয় সামাজৰ অৱক্ষয়ৰ এক জ্বলন্ত প্ৰতিফলন। যেতিয়া কাৰোবাৰ দুখ সহানুভূতি বা একাত্মবোধৰ বিপৰীতে মানসিক আক্ৰমণৰ লক্ষ্য হৈ পৰে, তেতিয়া এখন ৰাষ্ট্ৰই নিজকে কঠিন প্ৰশ্ন কাৰিবই লাগিব। ৰাইজেও কৰিব লাগিব৷ আৰু সুখৰ কথা যে বহু সচেতন ৰাইজেও আজি তাকেই কৰিছে৷ অনলাইন সামাজিক মাধ্যমতেই হওক বা ছপা মাধ্যমতেই হওক এই কথাবোৰৰ উচিত প্ৰত্যুত্তৰ দিলে অনেকেই৷

 

এখন গণতান্ত্ৰিক দেশত নাগৰিকে মাত মতাটো কর্ত্তব্য৷ ই বিদ্বেষ নহয়৷ দেশ আৰু নাগৰিকক ভাল পালেহে মানুহে চৰকাৰক প্ৰশ্ন কৰে- ই কেতিয়াও বিভাজনমূলক নহয়৷ বৰং প্ৰশ্ন কৰা সকলৰ মনত এটা আশা থাকে যে প্ৰশ্ন কৰাৰ যোগেদি দেশৰ ভালৰ বাৱে পৰিৱর্তন আনিব পাৰি, ভূলৰ সংশোধন কৰিব পাৰি৷ প্ৰশ্ন কৰা নাগৰিকৰ সংখ্যা বাঢ়িলেহে যে এখন ৰাষ্ট্র বা চৰকাৰে ৰাইজৰ অনিষ্ট হব পৰা কামৰ পৰা বিৰত থাকি শুদ্ধ পথত থাকিব পাৰে সেই কথা ভাৰতকে আদি কৰি পৃথিৱীৰ বিভিন্ন ঠাইত নাগৰিকৰ অধিকাৰৰ হৈ কাম কৰা গোট সমূহে দেখুৱাই দিছে৷

 

পেহেলগামত কৰা হত্যাই জনতাক কেৱল যে প্ৰশ্ন কৰিবলৈহে সোৱঁৰাই দিলে তেনে নহয়, এই ঘটনাই জম্মূ-কাশ্মীৰৰ জনতাৰ প্ৰকৃত মন বুজিবলৈকো সর্বসাধাৰণ ভাৰতীয় ৰাইজক এটা সুবিধা দিলে৷ সেই অভিশপ্ত দিনটোত অসহায় আৰু আতংকিত পর্যটক সকলক যেনে ধৰণেৰে কাশ্মীৰৰ গাধ চালক, টেস্কি চালক, ডাক্তৰ, দোকানী, হোটেলৰ মালিক, পৰিচালক, সাধাৰণ ৰাইজ আদি অনেকেই সহায় সহযোগ আগ বঢ়ালে সেয়া তুলনাবিহীন! কাশ্মীৰী মুছলমান লোক সকলৰ মানসিকতাৰ বিষয়ে ৰাজনৈতিক ভাৱে সৃষ্টি কৰা ধাৰণা সম্পূর্ণ ভূল প্ৰমাণিত কৰি সমগ্ৰ বিশ্বকে কাশ্মীৰৰ জনতাই দেখুৱাই দিলে তেওঁলোকৰ সন্ত্ৰাসবাদ বিৰোধী স্থিতি আৰু অভিব্যক্তি৷ সমগ্ৰ ভাৰতৰ জনতালৈ তেওঁলোকে কঢ়িয়াই আনিলে মানবীয়তা আৰু একতাৰ বাণী৷ আজি ভাৰতবর্ষৰ সমগ্ৰ ৰাইজ কাশ্মীৰৰ পক্ষত একত্ৰিত হৈ থিয় দিছে৷ আৰু সন্ত্ৰাসবাদী নির্মূলৰ বাৱে পাকিস্তানৰ বিৰুদ্ধে হোৱা যুদ্ধত বিৰোধী দল, সংগঠন, জাতি, ধর্ম নির্বিশেষে সকলো জনতাই ভাৰত চৰকাৰক সমর্থন জনাইছে৷ ভাৰতৰ জনতাই আজি ৰাজনৈতিক বাক্যবাণ আৰু ভূল তথ্যক প্ৰত্যাহ্বান জনাইছে৷ আজি আৰু পেহেলগামৰ মৃতকৰ স্মৃতিয়ে আমাক ধর্মৰ নামত বিভক্ত কৰিব নোৱাৰে৷ একত্ৰিতহে কৰিব৷ কিয়নো আজি ৰাইজে বুজি উঠিছে যে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মূল ভেটি আৰু তাৰ পৰা উদ্ভৱ হোৱা ভাৰতীয় সংবিধানৰ প্ৰমূল্যইহে এই কঠিন সময়ত দেশক সঠিক পথৰ সন্ধান দিব- ধর্মই নহয়৷ 


ভাৰতীয় সংবিধানক শিৰোগত কৰি আ হে সভাসদএ উচ্চস্বৰে কব বিচাৰো- ভাৰতীয় ঐক্য জিন্দাবাদ! ভাৰতীয় ঐক্য দীর্ঘজীৱী হওক!

No comments

Latest Articles