ইউৰোপীয় আধুনিক ৰাষ্ট্ৰ আৰু জাতীয়তাবাদৰ সংজ্ঞা থমাচ হবচ্ জন লক জাঁ-জেক ৰুশ ৰাজহুৱা স্মৃতি সংৰক্ষণৰ খাতি...
ইউৰোপীয় আধুনিক ৰাষ্ট্ৰ আৰু জাতীয়তাবাদৰ সংজ্ঞা
ৰাজহুৱা স্মৃতি সংৰক্ষণৰ খাতিৰত কৈ থব লাগিব যে আধুনিক বিশ্বত প্ৰাশ্চাত্যৰ জ্ঞান-বিজ্ঞানৰ দপ-দপনিৰ ফলতে আধুনিক বিদ্যয়তনিক বা বৌদ্ধিক চিন্তা চৰ্চাত পশ্চিমীয়া চিন্তা ধাৰাৰ প্ৰভাৱ অনস্বীকাৰ্য। সেই বাবে পাশ্চিমত আধুনিক জাতীয়- ৰাষ্ট্ৰৰ বিকাশৰ পৰিক্ৰমা আৰু আধুনিক জাতীয়তাবাদৰ সংজ্ঞা পশ্চিমৰ আৰু বিশেষকৈ ইয়োৰোপৰ ৰাষ্ট্ৰবাদৰ লগত ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰা পৰিলক্ষিত হয়। ষোল্ল শতিকাৰ পৰা ইউৰোপত ৰাজনৈতিক, অৰ্থনৈতিক, আৰু চিন্তা চৰ্চাৰ পৰিৱৰ্তনৰ এক প্ৰৱল বতাহ বলিছিল। এইবোৰৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্ আৰু আমাৰ আলোচনাৰ বাবে গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সমূহ আছিল সামন্তবাদৰ পতন, পুঁজিবাদৰ উত্থান আৰু বৌদ্ধিক চিন্তা চৰ্চাত নতুন আলোকৰ প্ৰক্ৰিয়া। সামন্তবাদী সমাজৰ মাটিৰ মালিকী সত্ত্বৰ ওপৰত ভিত্তি কৰা কৃষি ভিত্তিক খাজনাৰ লগতে গাওঁবোৰৰ আত্ম নিৰ্ভৰ জীৱনশৈলীৰ বাবে সামন্তবাদী সমাজত বিকাশৰ গতি আছিল মন্থৰ। প্ৰকৃততে মাটিত খেতি-বাতি কৰা চাৰ্ফ সকল, তেওঁলোকক চোৱা-চিতা কৰা মানুহ বোৰৰ বা উৎপাদিত শষ্য বিনিময়ৰ বাবে বজাৰলৈ নিয়া বেহা কৰা মানুহবোৰৰো সম্পত্তিৰ ওপৰতৰত দখল নাছিল। সামন্ত প্ৰভুহে সম্পদৰ আচল মালিক আছিল। গতিকে, ব্যক্তিগত উদ্যমেৰে উৎপাদন ত্বৰান্বিত কৰাৰ প্ৰৱনতা প্ৰ্জাৰ মাজত নাছিল। শাসক সকলে ভাগ্য আৰু ঈশ্বৰৰ দোহাই দি থাকি প্ৰজাৰ মাজত তেওঁলোকৰ প্ৰতি আনুগত্য বজায় ৰাখিবৰ বাবে কিছুমান অভিজাত পৰিয়াল আৰু মোচাহেবৰ দল তৈয়াৰ কৰাত বুদ্ধি বৃত্তিৰ চৰ্চাত ব্যক্তিৰ চিন্তাৰ বিকাশৰ সম্ভাৱনা আছিল খীণ। বা নতুন জ্ঞানৰ অন্বেষণত যুক্তিতকৈ পৰম্পৰাৰ প্ৰভাৱ আছিল বেচি। অৱগতি (জ্ঞান,বা বোধ) আছিল এক নিৰ্দ্দিষ্ট সীমা ৰেখাৰ ভিতৰত। গতিকে যুক্তিৰ সহায়ত নতুন আৱিষ্কাৰৰ সম্ভাৱনা নাছিল বুলিলেই হয়। পশ্চিমৰ জগতত ধৰ্মান্ধতাই ১৫-১৬ শতিকাৰ পৰাই কপাৰ্নিকাছ, গেলিলিঅ’ আদি যুক্তি নিৰ্ভৰ বৈজ্ঞানিক সকলৰ আৱিষ্কাৰক কি দৰে দমন কৰিছিল তাক সোঁৱৰাই দিয়াৰ প্ৰয়োজন নাই। এনে ধৰ্মান্ধতাই ব্যক্তিৰ চিন্তাক নিয়ন্ত্ৰণ কৰাৰ বাবে লগতে বজাৰত কেৱল বিনিময় প্ৰথা চলাৰ ফলত সাধাৰণ লোকৰ উদ্ভাৱনী শক্তি ৰহিত হৈছিল। অৱশ্যে এই ব্যৱস্থাটোত ঘুনে ধৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ ঠাইত এক নতুন আৰ্থ-সামাজিক ব্যৱস্থা গঢ় লৈছিল।
পুঁজিবাদৰ উত্থান আৰু আধুনিক ৰাষ্ট্ৰগঠন
হবচ, লক, আৰু ৰুশো
আধুনিক ৰাষ্ট্ৰৰ দাৰ্শনিক ভিত্তি
থমাস হবচে তেওঁৰ বিখ্যাত গ্রন্থ লেভিয়থানত এক কেন্দ্রীভূত শক্তিশালী ৰাষ্ট্ৰৰ প্রয়োজনীয়তা ব্যাখ্যা কৰিছিল। আৰু কৈছিল যে, ব্যক্তিয়ে নিজৰ সন্মতি দি এক চুক্তিৰ জৰীয়তেহে ৰাষ্ট্ৰক বৈধতা প্ৰদান কৰিছিল। পুৰণা স্বৈৰতান্ত্ৰি ৰাষ্ট্ৰৰ বাবে ই এক প্ৰত্যহ্বান আছিল। জন লকে কৈছিল যে যিহেতু শৰীৰৰ ওপৰত ব্যক্তিৰ নিজৰ বাহিৰে আন কাৰো অধিকাৰ নাই। কাম কৰোতে এই শৰীৰ শ্ৰমৰ মাধ্যমেৰে সৃষ্টিকৰা সম্পদৰ লগত মিশ্ৰিত হোৱা বাবে শৰীৰৰ ওপৰত থকা ব্যক্তিৰ অধিকাৰ সম্পদলৈ পৰ্যবসিত হোৱাৰ ফলতেই ব্যক্তিয়ে সম্পদৰ ওপৰত অধিকাৰ পোৱা উচিত। এই কথাই ব্যক্তিয়ে ৰজাক ঈশ্বৰৰ প্ৰ্স্তিনিধি বুলি চলি থকা ধাৰণটোক নস্যাৎ কৰিছিল। সম্পদৰ ওপৰত ব্যক্তিৰ অধিকাৰৰ এই তত্ত্বই ব্যক্তিক এক নতুন মৰ্যদা দিছিল। শাসক সকলৰ ক্ষমতাৰ ওপৰত এক সীমাৰেখা টানিছিল। ব্যক্তিৰ সন্মতিয়েই ৰাষ্ট্ৰৰ বৈধতাৰ ভেটি বুলি প্ৰতিপন্ন কৰিছিল। ইউৰোপত আধুনিক ৰাষ্ট্ৰ গঠনত এই দৰ্শনে যথেষ্ট অৰিহণা যোগাইছিল। এই ধাৰাৰ আনজন দাৰ্শনিক ৰুশোৱে কৈছিল যে, মানুহে নিৰাপত্তা আৰু শৃংখলা ৰক্ষাৰ খাতিৰত এক সাধাৰণ চুক্তিৰ জৰিয়তে নিজৰ স্বতন্ত্ৰতাক এক সাৰ্বভৌম শক্তিৰ সৃষ্টি কৰা বুলি ধৰিলেহে জনস্বাৰ্থত ব্যক্তিয়ে নিজৰ স্বতন্ত্ৰতা আনৰ হাতত তুলি দি ৰাষ্ট্ৰৰ আনুগত্য স্বীকাৰ কৰাৰ ন্যায্যতা প্ৰদান কৰিব পৰা যাব। তেওঁ ৰাষ্ট্ৰক জনগণৰ সাৰ্বভৌম ইচ্ছাৰ প্ৰতিফলন বুলি কৈছিল। ১৭৮৯ৰ ফৰাচী বিপ্লৱকে ধৰি বহু গণতান্ত্রিক আন্দোলন ৰুশোৰ চিন্তাৰে প্ৰভাৱিত আধুনিক ৰাষ্ট্ৰক নৈতিকতাৱ ন্যায় বিচাৰ আৰু জনগণৰ সক্ৰিয়া অংশ গ্ৰহণৰ দ্বাৰা পৰিচালিত এক সংগঠন বুলি ব্যাখ্যা কৰিব খুজিছিল। এনে এক ধাৰণাইহে মনুহে সাধাৰণ আনুগত্য আগবঢ়োৱা আইন আৰু কৰ্তৃত্ব প্ৰতিষ্ঠা কৰিলেহে সমাজত মানুহে নিৰাপত্তা আৰু শান্তিৰ জীৱন লাভ কৰিব পাৰিব বুলি তেওঁ ভাবিছিল। এটা কথা ঠিক যে আধুনিক সাৰ্বভৌম ৰাষ্ট্ৰ গঠনত সামাজিক চুক্তিৰ দৰ্শণে এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছিল। এনে ৰাষ্ট্ৰতে ৰাষ্ট্ৰবাদ আৰু জাতীয়তাৰ ধাৰণা শক্তিশালী হৈছিল। সেইবাবেই আধুনিক বিশ্বত প্ৰৱল হৈ উঠা জাতীয়তবাদৰ সংজ্ঞা বুজি পাবৰ বাবে ১৭-১৮ শতিকাৰ ইউৰোপৰ ইতিহাসলৈ ঘুৰিযোৱাৰ প্ৰয়োজন হয়। আধুনিক ৰাষ্ট্ৰৰ দৰ্শণৰ ওপৰত চকু ফুৰুৱাৰ পিছত আমি চাব লাগিবে এই পৰিৱেশত কেনেকৈ জতীয়-ৰাষ্ট্ৰ (nation state ) গঢ় লৈছিল। প্ৰাচ্যত জাতীয়তা বাদৰ উত্থানৰ কাহিনী কিছু বেলেগ হলেও আমি বুজা উচিত যে, প্ৰাচ্যৰ সকলো জ্ঞান গৰিমা সত্বেও পাশ্চাত্যৰ শিক্ষা-দীক্ষাআৰু ভাবাদৰ্শই সমগ্ৰ কুৰি শতিকাটো প্ৰভাৱিত কৰিছিল। ভাৰতীয় আৰু অসমীয়া জাতীয়তাবাদো এই প্ৰভাৱৰ পৰা মুক্ত নাছিল।
(আগলৈ)
No comments