যোৱাৰ সংখ্যাৰ পিছৰ পৰা... মোৰ জন্মৰ দেড় বছৰমান পূৰ্বে আমাৰ দেশে ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে পৰাধীনতাৰ শৃঙ্খল চিঙি স্বাধীনতা লাভ কৰে৷ প...
যোৱাৰ সংখ্যাৰ পিছৰ পৰা...
মোৰ জন্মৰ দেড় বছৰমান পূৰ্বে আমাৰ দেশে ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে পৰাধীনতাৰ শৃঙ্খল চিঙি স্বাধীনতা লাভ কৰে৷ প্ৰাইমাৰী স্কুলত পঢ়া দিনত আমাৰ চুবাৰে মহিউদ্দিন আহমদ (অকণ মামা) মোৰ গৃহ শিক্ষক আছিল৷ অকণমামাৰ পৰা শুনিছোঁ যে লংকাত ১৫ আগষ্ট(১৯৪৭)ৰ পুৱা ৰাজহুৱা খেলপথাৰত স্থানীয় পোষ্ট অফিচৰ দায়িত্বত থকা আৰু লংকা প্ৰাইমাৰী স্কুলৰ প্ৰধান শিক্ষক প্ৰয়াত সৎমল বৰুৱা ছাৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল৷ প্ৰাইমাৰী স্কুলৰ দ্বিতীয়জন শিক্ষক ধনেশ্বৰ শইকীয়াই জাতীয় সঙ্গীতৰ আঁত ধৰিছিল৷ লংকাৰ সেইসময়ৰ বিশিষ্ট নাগৰিক প্ৰাক্তন চাহ জনজাতিৰ বিশিষ্ট ব্যক্তি চি টি মহাজনে প্ৰথমটো হিলৈ ফুটাই অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল৷ ওচৰৰ কছাৰী বস্তিৰ প্ৰতি ঘৰত বন্দুক আছিল৷ নিৰ্বাচিত ২১টা পৰিয়ালৰ মূৰব্বীয়ে ২১ জাই গুলি ফুটাইছিল৷
আমি প্ৰাইমাৰী স্কুলত৷ হাইস্কুলত পঢ়ি থাকোতে ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱস আৰু ২৬ জানুৱাৰীত অনুষ্ঠিত গণতন্ত্ৰ দিৱসত অনুষ্ঠিত ৰাজহুৱা অনুষ্ঠানত যোগদান কৰিছিলোঁ৷ দুয়োটা দিনত উপস্থিত সকলোকে গাজ ওলুৱা বুট আৰু মগু মাহৰ টুপুলা একোটা, লগতে কল এটাকৈ দিয়া হৈছিল৷ গণতন্ত্ৰ দিৱসত এটা এটা ডাঙৰ কমলা দিয়া হৈছিল৷ এই দুইটা দিনতেই ৰাতিপুৱা গা পা ধুই পতাকা উত্তোলনৰ বহু আগতেই আমি ৰাজহুৱা খেল পথাৰত উপস্থিত হৈছিলোঁ৷ পতাকা উত্তোলনৰ পিছত তিনি কিলোমিটাৰ পথ শোভাযাত্ৰা কৰি বিভিন্ন শ্লোগান দিছিলোঁ৷ মহাত্মাগান্ধী কি জয়, পণ্ডিত নেহৰু কি জয়, সুভাষ বসু কি জয়, বল্লভ ভাই পেটেল কি জয়, মৌলানা আজাদ কি জয় আদি শ্লোগানৰে আকাশ-বতাহ ৰজনজনাই গৈছিল৷ শোভাযাত্ৰাৰ অন্তত আমি পুনৰ খেল পথাৰত সমবেত হৈছিলোঁ৷ তাতেই আমাক খাবলৈ দিয়া হৈছিল৷ স্থানীয় চিনেমা হলত এই দিন দুটাত দিনৰ ১২.৩০/১ বজাৰ পৰা এখন টিকটত দুখন চিনেমা প্ৰদৰ্শন কৰা হৈছিল৷ বহু বন্ধু-বান্ধৱে সেই সময়ত চিনেমা হললৈ দৌৰ মাৰিছিল৷
(৪)
এটা সৰু ঘটনাৰ কথা মনত পৰিলে এতিয়াও হাঁহি উঠে৷ প্ৰাইমাৰী স্কুলত থাকোতে এদিন গাঁৱৰে এজন বয়সস্থ লোকে কোৱা শুনিছিলোঁ, পঢ়া-শুনা কৰিলে বহু (ডাঙৰ হোৱালৈ) বয়সলৈকে পঢ়িয়েই থাকিব লাগিব৷ মই তেতিয়া খ মান শ্ৰেণীৰ ছাত্ৰ৷ কথাটোৱে মোৰ শিশু মনত এটা অহৈতুক ভয় ভাৱ সোমাই দিছিল৷ কথাটো ভাবি ভাবি এদিন মই পথৰ দাঁতিত সোনাৰু গছ এজোপাৰ তলত বহি অকলে অকলে মনৰ দুখত (এক প্ৰকাৰ ভয়) বহু সময় নীৰৱে কান্দিছিলোঁ৷
দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোতে আমাৰ লগত তুলেন গগৈ নামৰ এজন ল’ৰাই পঢ়িছিল৷ সি অলপ উৎপতীয়া আছিল৷ এদিন সি মনে মনে পিছ পিনৰ পৰা আহি শুকান খৰিকা এডালেৰে মোৰ কাণত খুচৰি দিছিল৷ মই খুব দুখ পাইছিলোঁ আৰু ভয়ত চক খাই চিঞৰি উঠিছিলোঁ৷ আমি জিৰণিৰ সময়খিনিত স্কুলৰ সন্মুখত খেলি আছিলোঁ৷ মোৰ চিঞৰ শুনি চাৰসকল কমন ৰূমৰ পৰা উলাই আহিছিল৷ মোৰ কাণখন বৰকৈ বিষাইছিল হেডচাৰে বেত এডালেৰে তুলেনক ধৰি আনি কেবাটাও কোব মৰা কথা মোৰ এতিয়াও মনত আছে৷
সেই বছৰতে এদিন মঙ্গলবাৰে দিনৰ ২ মান বজাত লংকা ৰেলষ্টেচনত একোৰা ডাঙৰ জুই লাগিছিল৷ জুইকুৰা দেড় কিঃ মিঃ দূৰৈৰ আমাৰ ঘৰৰ পৰা দেখা গৈছিল৷ ৰেলষ্টেচনটো আমাৰ স্কুলৰ কাষতে৷ বাৰটো মঙ্গলবাৰ হোৱাৰ বাবে (লংকাৰ বজাৰৰ দিন মঙ্গলবাৰ) স্কুল পুৱা ৭ বজাত বহি ১০ বজাত চুটি দিয়া হৈছিল)৷ তেল কঢ়িওৱা মালগাড়ী এখন ষ্টেচনত ৰৈ আছিল৷ পিছত শুনিছো এটা তেলৰ টেঙ্কিৰ পৰা টুপ টুপ কৈ তেল পৰি থকা দেখি বজাৰলৈ অহা যোৱা কৰি থকা কিছুমানে মেচ লাইটাৰত তেল লৈছিল৷ অসতৰ্ক মুহূৰ্তত কোনোবা এজনে লাইটাৰটো তাতেই মাৰি দিয়াত তৎক্ষণাত হেনো সেইখিনি দাউদাউকৈ জুই জ্বলি উঠে৷ গুৰুতৰভাৱে আহত হৈ ৪/৫ জন মানুহৰ মৃত্যু হয়৷ আমাৰ সহপাঠী এজনো বজাৰলৈ আহি আছিল৷ তেললোৱা জুমটোৰ কাষ চাপি যোৱাত তাৰো মৃত্যু হয়৷ পিছদিনা তাৰ বাবে আমাৰ স্কুলত প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়৷ আমি সহপাঠীবোৰৰ মনবোৰ বহুদিনলৈ মৰহি আছিল৷ অতি আমায়িক, মৃদুভাষী আৰু হাঁহীমুখীয়া আছিল৷ ঘটনাটো ঘটাৰ ৬৬ বছৰ হৈ গ’ল৷ বহু চেষ্টা কৰিও ল’ৰাটোৰ নামটো মনত পেলাব পৰা নাই৷
আমাৰ গাঁৱৰ আব্দুল চালাম (হ’ব লাগিছিল আব্দুচ চালাম) আৰু মই বাল্য বন্ধু৷ ১৯৫৪ চনত লংকা প্ৰাথমিক বিদ্যালয়ত চালাম আৰু মই ক শ্ৰেণীত নাম লগাইছিলোঁ৷ আমি দুয়ো কাণসমনীয়া আৰু বাল্যজীৱনৰে পৰা নলে গলে লগা বন্ধু, এই বন্ধুত্ব অতি গভীৰ আৰু মধুৰ৷ আমৃত্যু ই অটুট থাকিব৷ স্কুলত শিক্ষকসকলে আমাক লৱ-কুশ বুলি মাতিছিল৷ স্কুল আৰু আমাৰ ঘৰৰ মাজত চালামহঁতৰ ঘৰ৷ মই ঘৰৰ পৰা স্কুললৈ বুলি ২ ফাৰ্লং বাট খোজকাঢ়ি চালামহঁতৰ ঘৰত সোমাই তাৰ লগলাগি তাৰে পৰা সদাই স্কুললৈ যাও৷ আচল বাটেৰে গলে অলপ ঘূৰি যাব লাগে৷ দূৰত্ব হয় প্ৰায় ১.৫ কিঃ মিঃ৷ আমি পথাৰেদি কাৰোবাৰ চোতাল, কাৰোবাৰ বাৰীৰ পিচ ফালেৰে খোজ পেলাই প্ৰায় আধা কিঃ মিঃ বাট চমুৱাই স্কুললৈ গৈছিলোঁ৷ ঘূৰি আহোঁতে সেই একে বাটেৰে আহিছিলোঁ এতিয়া সেই বাট-পথ নাই৷ ঘৰেই ঘৰ৷
প্ৰাইমাৰী আৰু হাইস্কুলত পঢ়ি থাকোঁতে কোনো দিনে চামৰাৰ জুতা-চেণ্ডেল পিন্ধা মনত নপৰে৷ ল’ৰা-ছোৱালীক সেইবোৰ দিয়াৰ আৰ্থিক সামৰ্থ্য প্ৰায়খিনি অভিভাৱকৰ নাছিল৷ হাফপেণ্ট, সাধাৰণ চাৰ্ট আৰু ভৰিত হাৱাই চেণ্ডেল পিন্ধি আমি স্কুললৈ গৈছিলোঁ৷ দশম শ্ৰেণীলৈ প্ৰমোচন পাওতে আব্বাই মোক ত্ৰিশ টকা দামী এযোৰ জুতা (ক্ৰেপশ্ব) কিনি দিছিল৷ টেৰিকটন পেণ্ট এটা দিছিল মেট্ৰিক পৰীক্ষা দিয়া বছৰ (১৯৬৬)ত৷
সেই সময়ত লংকাত কোনো কিতাপৰ দোকান নাছিল৷ প্ৰতি মঙ্গলবাৰে লংকাত সাপ্তাহিক বজাৰ বহিছিল৷ তালৈ হোজাই আৰু যমুনামুখৰ পৰা বহু ব্যৱসায়ী দোকান লৈ আহিছিল৷ যমুনামুখৰ এজন মুছলমান ব্যৱসায়ীয়ে কিতাপৰ দোকান দিছিল৷ তেওঁ প্ৰতিখন কিতাপত ছপাদামতকৈ এটকাত এক অনাকৈ অতিৰিক্ত দাম লৈছিল৷ ১৯৬৪ চন মানৰ পৰা লংকা হাইস্কুলৰ শিক্ষক সোমনাথ দত্ত চাৰে বছৰেকীয়া পৰীক্ষাৰ পাছত প্ৰায় এমাহ কাল ছাত্ৰ-ছাত্ৰীৰ পাঠ্যপুথি যোগান ধৰাৰ ব্যৱস্থা কৰিছিল৷
(পৰৱৰ্তী খণ্ড অহা দেওবাৰে)
No comments