Page Nav

HIDE

শেহতীয়া:

latest

Ads Place

অসমীয়া ভাষা আৰু চৰ-চাপৰিবাসী মুছলমান (২য় খণ্ড) - ড° হাফিজ আহমেদ

      ১৯৫৪ চনত ভাষা ভিত্তিক ৰাজ্যবোৰ পুনৰ গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিছিল ভাষাভিত্তিক ৰাজ্যিক পুনৰ গঠন আয়োগ। পশ্চিমবংগৰ তদানী...

 




 

 

১৯৫৪ চনত ভাষা ভিত্তিক ৰাজ্যবোৰ পুনৰ গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিছিল ভাষাভিত্তিক ৰাজ্যিক পুনৰ গঠন আয়োগ। পশ্চিমবংগৰ তদানীন্তন চৰকাৰ আৰু কেতবোৰ সামাজিক সংস্থাই ভাষাভিত্তিক ৰাজ্য পুনৰ গঠনৰ সুযোগ লৈ অবিভক্ত গোৱালপাৰা জিলাখন পশ্চিমবংগৰ লগত চামিল কৰাৰ বাবে ষড়যন্ত্র ৰচে। পশ্চিমবংগ কংগ্ৰেছৰ সভাপতি অতুল্য ঘোষ, সদৌ অসম বাংলা পৰিষদৰ সভাপতি ৰমণী বসু আদি লোকে যুক্তি আগবঢ়ায় যে গোৱালপাৰা জিলাৰ চৰ-চাপৰিবাসীকে আদি কৰি গৰিষ্ঠসংখ্যক লোকৰ ভাষা বাংলাহে, অসমীয়া নহয়। গতিকে গোৱালপাৰা জিলাত বাংলাভাষা প্রচলন কৰিব লাগে আৰু গোৱালপাৰা জিলাখন পশ্চিমবংগৰ লগত চামিল কৰিব লাগে। অসমৰ অংগচ্ছেদ কৰিব বিচৰা এনে কাৰ্যৰ বিপক্ষে গঠিত হয়- ব্রহ্মপুত্র উপত্যকা পমুৱা সংস্থা। আবুল হুছেইন পণ্ডিত, বজলুল বাছিত, এডভোকেট আব্দুল কৰিম আদি নমস্য ব্যক্তিৰ নেতৃত্বত চৰ-চাপৰিবাসীয়ে সমগ্র নামনি অসমতে গঢ়ি তোলে এক গণ আন্দোলন। ১৯৫৪ চনৰ মে' মাহৰ প্ৰথম সপ্তাহত বঙাইগাঁৱৰ পৰা ধুবুৰীলৈ এক বিশাল প্রতিবাদী শোভাযাত্রা আয়োজন কৰা হয়, ব্রহ্মহ্মপুত্র উপত্যকা পমুৱা সংস্থাৰ নেতৃত্বত। হাজাৰ হাজাৰ চৰ-চাপৰিবাসীয়ে এই শোভাযাত্রাত অংশগ্রহণ কৰে। গৌৰীপুৰ ময়দানত অনুষ্ঠিত ৰাজহুৱা সভাত শোভাযাত্ৰাকাৰীসকল সমৱেত হৈ অসমীয়া ভাষাৰ মান ৰক্ষাৰ্থে প্রস্তাৱ গ্ৰহণ কৰি অংগীকাৰবদ্ধ হয়। ১৯৫৪ চনৰ ১৯ মে' তাৰিখে ভাষাভিত্তিক ৰাজ্য পুনৰ গঠন আয়োগৰ সদস্যদ্বয় কে. এম. পানিকৰ আৰু এইচ. এন. কুঞ্জৰুৰ আগত পমুৱা সংস্থাৰ সভাপতি বজলুল বাছিত, সম্পাদক আব্দুল কৰিম আৰু আব্দুল হুছেইন পণ্ডিতে সাক্ষ্য প্রদান কৰি কয় যে গোৱালপাৰা জিলাৰ চৰ-চাপৰিবাসীয়ে ঘৰত ঘৰুৱা দোৱানত কথা পাতিলেও তেওঁলোকে কোন-কাহানিবাই অসমীয়া ভাষাক মাতৃভাষা রূপে গ্রহণ কৰিছে- গতিকে এওঁলোক অসমীয়া। এচাম সম্প্ৰসাৰণবাদী বাংলাভাষী লোকৰ বিৰোধিতা সত্বেও আয়োগে এওঁলোকৰ কথা মানি লয়। ইয়াৰ ফলত গোৱালপাৰা জিলাখন পশ্চিমবংগৰ লগত চামিল হোৱাৰ পৰা ৰক্ষা পৰা লগতে ভাষা জননীৰ মানো ৰক্ষা পৰে।

১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত চৰ-চাপৰিৰ বিশেষকৈ শিক্ষিত লোকসকল আৰু ছাত্র-ছাত্রীসকলে অসমীয়া ভাষাৰ সপক্ষে তীব্র আন্দোলন গঢ়ি তুলিছিল। এডভোকেট ছাইফুদ্দিন আৰু সমাজকর্মী চাহাবুদ্দিনৰ নেতৃত্বত ধুবুৰী নগৰৰ আশে-পাশে চলা আন্দোলনত চৰ-চাপৰিব্বাসীয়ে পূর্ণ সমর্থন আগবঢ়াইছিল। উল্লেখযোগ্য যে, এই আন্দোলনৰ সময়ত অসমীয়াবিৰোধী চক্রই চাহাবুদ্দিনক ছুৰিকাঘাত কৰি হত্যা কৰিছিল। এই আন্দোলনত সক্রিয় ভূমিকা লোৱা অবিভক্ত গোৱালপাৰা জিলাৰ অন্যান্য লো কসকলৰ অন্যতম আছিল চামচুল হক (বিলাসীপাৰা), হাজী ৰহিজ উদ্দিন আহমেদ (জলেশ্বৰ), কাজিম উদ্দিন আহমেদ (বগৰিবাৰী) আহমদ হুছেইন (প্রাক্তন সাংসদ) ময়েজুদ্দিজুন শেখ (চাপৰ) আৰু অন্যান্য অনেক লোক। বৰপেটা জিলাৰ চৰ-চাপৰিবাসীসকলৰ মাজত মন্দিয়া অঞ্চলত ছৈয়দ আলী, জচিম উদ্দিন, ছমিৰ উদ্দিন বেপাৰী আদি মুখিয়াল লোকসকলে এই আন্দোলনৰ গুৰি ধৰিছিল। কলগাছিয়া অঞ্চলত আব্দুল কুদ্দুছ, অধ্যাপক আব্দুৰ ৰেজ্জাক আদি নেতৃস্থানীয় ব্যক্তিয়ে অসমীয়া ভাষাৰ সপক্ষে আন্দোলন সংগঠিত কৰিছিল। গোৱালপাৰা জিলাৰ দক্ষিণ শালমাৰাত মনিরুদ্দিন আহমেদ, আবুল হাচান মোল্লা, জয়পুৰত প্রাক্তন বিধায়ক হাচান উদ্দিন আহমেদ, শিক্ষক আব্দুল জব্বৰ মিঞা, ঝুনকাইপাৰাত স্বাধীনতা সংগ্রামী ছবদেৰ আলী মাষ্টৰ, আমবাৰীত আলিমুদ্দিন মোল্লা, গোৱালপাৰা নগৰত মিজানুৰ ৰহমান মণ্ডলে এই আন্দোলনক নেতৃত্ব দিছিল। এইদবে ১৯৬০ চনৰ ভাষা আন্দোলনত অসমৰ চৰ-চাপৰিবাসীয়ে সমগ্র অসম জুৰি অসমীয়া ভাষাৰ সপক্ষে আন্দোলনত জঁপিয়াই পৰিছিল।

১৯৭২ চনৰ মাধ্যম আন্দোলনৰ সময়তো অসমীয়া ভাষাৰ সপক্ষে থিয় দিছিল চৰ-চাপৰিৰ মুছলমানসকলে। প্রায় দুমাহ ধৰি চলা এই আন্দোলনৰ বিভিন্ন পর্যায়ত সমগ্ৰ অসমৰ চৰ-চাপৰিবাসী ছাত্র সমাজে আছুৰ দ্বাৰা আৰম্ভ কৰা আন্দোলনত সক্রিয় ভূমিকা লৈছিল। নগাঁও হয়বৰগাঁৱৰ আবুছৰিফ (ছহিদ অনিল বৰাৰ সহযোগী), ডবকাৰ ছাত্রনেতা আনোৱাৰ হোছেইনে নগাঁও জিলাত মাধ্যম আন্দোলন সংগঠিত কৰাত গুৰুত্বপূৰ্ণভূমিকা গ্রহণ কৰিছিল। বৰপেটা জিলাত এই আন্দোলনৰ গুৰি ধৰিছিল- এম. ইলিম উদ্দিন দেৱান, ইছমাইল হোছেইন (জ্যেষ্ঠ), আব্দুছ ছাহেদ আহমেদ (মন্দিয়া), ডাঃ ছৈয়দ আহমদ জাদিদ, ছৈয়দ ইচমাইল রাহিদী, দেলুৱাৰ হোছেইন (কলগাছিয়া) আদি ছাত্র নেতাসকলে। ছৈয়দ ইচমাইল ৱাহিদীক পুলিচে গ্ৰেপ্তাৰ কৰি জে'ল-হাজোতলৈ প্রেৰণ কৰিছিল। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ মহম্মদ আলী

 

(পিছলৈ গৈ বিধায়ক), চাপৰৰ শিক্ষাবিদ জাহান উদ্দিন আহমেদেও এই আন্দোলনত অংশগ্রহণ কৰি জে'ল খাটিবলগীয়া হৈছিল। দৰং জিলাৰ চৰ-চাপৰিবাসীৰ মাজত আছুৰ নেতৃত্বত চলা আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল। খাৰুপেটীয়া অঞ্চলত চলা আছুৰ আন্দোলনৰ কাৰ্যসূচীত যোগ দিবলৈ ১৯৭২ চনৰ ৫ অক্টোবৰ তাৰিখে খাৰুপেটীয়া নগৰৰ আশে-পাশে থকা চৰ-চাপৰিবোৰৰ পৰা হাজাৰ হাজাৰ লোক ওলাই আহিছিল।

সিদিনাখন খাৰুপেটীয়া নগৰখন অসমীয়া বিৰোধী চক্ৰই ৰণক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিছিল, পিকেটিংকাৰীসকলৰ ওপৰত সশস্ত্রভাবে জঁপিয়াই পৰিছিল। ছহিদ হৈছিল ফুলকুমলীয়া ছাত্র মোজাম্মিল হক। দুর্বৃত্তৰ গুলীত নিহত হৈছিল জংঘলপাৰা চাপৰিৰ ওমৰ আলী আৰু জহৰ আলী। অন্যহাতে বৰংগাবাৰীৰ গোলাপ আলীৰ ভৰিত গুলী লগাত তেওঁ চিৰদিনৰ বাবে ঘূণীয়া হৈছিল। কোনোধৰণৰ কাম-বন কৰিব নোৱাৰা গোলাপ আলীয়ে শেষ জীৱনত ৰাইজৰ পৰা খুজি-মাগি খাইছিল। একে গাঁৱৰে আতাব আলীৰ ভৰিত গুলী লগাত তেওঁৰ ভৰি এখন কাটি পেলাবলগীয়া হৈছিল। এইসকলৰ মাজৰ একমাত্র ওমৰ আলীকহে অগপ নেতৃত্বাধীন প্ৰথমখন চৰকাৰে ১৯৮৬ চনৰ ২৪ ডিচেম্বৰ তাৰি খে এখন মানপত্ৰ আৰু তাম্ৰপত্ৰৰে মৰণোত্তৰভাৱে সন্মানিত কৰি ছহিদগৰাকীৰ পৰিয়াললৈ ত্ৰিছ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছিল।

বর্তমান অসমত অসমীয়াভাষীৰ সংখ্যা ৪৮ শতাংশ। ইয়াৰে প্রায় ১৮ শতাংশই হ'ল চৰ-চাপৰিবাসী মুছলমান। এই লোকসকলক অনবৰত লেই লে ই-ছেই ছেই কৰি অসমীয়া জাতি সত্ত্বাৰ পৰা দূৰদুলৈ ঠেলি দিলে লাভ কৰা হ'? অসমীয়া ভাষাৰ ৰক্ষাৰ ক্ষেত্ৰত এনে অতুলনীয়া অৱদান আগবঢ়োৱাৰ পিচতো চৰ-চাপৰিবাসীক বাদ দি অসমীয়া জাতি গঠন সম্ভব নে?

ফোন: ৭৬৩৬০৬১২৩৬

No comments

Latest Articles