যোৱা সংখ্যাৰ পিছৰ পৰা... (১৬) আমাৰ শিশুকালত খৰি বোজাই গৰু আৰু মহৰ গাড়ীবোৰ আমাৰ ঘৰৰ সন্মুখেৰে যোৱা পি ডব্লিউ ডি ৰাস্তাৰে ওৰেটি ৰাতি চলিছ...
(১৬)
আমাৰ শিশুকালত খৰি বোজাই গৰু আৰু মহৰ গাড়ীবোৰ
আমাৰ ঘৰৰ সন্মুখেৰে যোৱা পি ডব্লিউ ডি ৰাস্তাৰে ওৰেটি ৰাতি চলিছিল৷ আমাৰ গাঁওখনৰ
পৰা ৬/৭ মাইল দূৰৈৰ পৰাই গছ-গছনিৰে ভৰা অটব্য অৰণ্য আছিল৷ ডাঙৰ ডাঙৰ গছেৰে
ভৰ্ত্তি৷ বৃহৎ এটা অঞ্চল আবাদ কৰাৰ সিদ্ধান্ত লৈ চৰকাৰে গছ-গছনিবিলাক কটাৰ বাবে পাৰ্মিট দিছিল৷
সেই গছ-গছনিৰ ঠাল-ঠেঙুলীবিলাক খৰি হিচাপে
বিক্ৰী হৈছিল৷ ওৰেটো ৰাতি মহ আৰু গৰুৰ গাড়ীৰ চালকে খৰি কঢ়িয়াইছিল৷ গ্ৰেভেল ৰোডৰ
সৰু ডাঙৰ শিল বিলাকৰ সৈতে গাড়ীবিলাকৰ ইস্পাতৰ চেপেতা পাতি লগোৱা ডাঙৰ ডাঙৰ
চকাবোৰৰ ঘহনীয়ে গোটেই নিশা জুৰি কেৰকেৰণীৰ সৃষ্টি হৈছিল৷ পথৰ কাষতে আমাৰ ঘৰ হোৱা
বাবে সেই শব্দ আৰু গাড়োৱানৰ ডিঙিৰ হাক শুনি শুনি আমি অভ্যস্ত হৈ পৰিছিলোঁ৷ ওৰেটো
নিশা কমেও ২৫০/৩০০ গাড়ী আহি পুৱা লংকা বজাৰৰ কিছুমান নিৰ্দিষ্ট স্থানত গোট
খাইছিল৷ পুৱা ৭/৮ বজাৰ পৰা বিভিন্ন ঠাইৰ পৰা খৰি কিনিবলৈ ক্ৰেতা আহি গোট খাইছিল৷
এখন গৰু গাড়ীৰ খৰি খিনিৰ দাম আছিল পাঁচ টকাৰ পৰা চাৰে পাঁচ টকা আৰু মহৰ গাড়ীৰ
খৰিৰ দাম ৭ টকা। খড়ি বিক্ৰী কৰিয়েই গাড়োৱানসকলে আকৌ ঘূৰি গৈছিল পিছ দিনাৰ খৰি
আনিবলৈ৷ সেই পইচাৰে গাড়োৱানৰ হাজিৰা, গৰু মহৰ বাবে ঘাহ আৰু খেৰ, খৰিৰ পাৰ্মিট (দুঅনা) গাড়ীৰ খৰচ ইত্যাদি
যাৱতীয় খৰচ মালিকে বহন কৰিব পাৰিছিল৷ গোটেই দিনটোত কাৎচিত এখন বা দুখন ট্ৰাক
চলিছিল৷ ট্ৰাকখিনি আছিল পেট্ৰল চালিত৷
আব্বাৰ মাছলৈ যোৱা আৰু বেছিভাগ সময়ত ঘৰৰ সমুখৰ
দোকানখনত বহি মাছ বিক্ৰী কৰাৰ বাবে বজাৰলৈ লৈ অনা মাছুৱৈৰ পৰা মাছ ক্ৰয় কৰাৰ নিচা
আছিল৷ কেতিয়াবা ওপৰাওপৰিকৈ মাছ ক্ৰয় কৰা বাবে আম্মাৰ লগত উখনা-উখনি লাগিছিল৷ কাৰণ
ঘৰলৈ মাছখিনি অহাৰ পাছত সেইখিনি চম্ভালাৰ দায়িত্ব আহি পৰিছিল আম্মাৰ ওপৰত৷ বেমাৰী
গাৰে আম্মাই সকলোখিনি চম্ভালি ল’বলগীয়া হৈছিল৷ পষেকত আব্বা এবাৰ হ’লেও নিজে মাছলৈ
গৈছিল৷ কোনো কোনো মাহত তিনিবাৰ গৈছিল৷ আমাৰ গাঁওখনৰ প্ৰায় ৬ মাইলমান দূৰৈৰে বৈ
যোৱা কপিলী নৈত তেতিয়া ডাঙৰ ডাঙৰ বৰালী, আড়ী, চিতল, ৰৌ, ভকোৱা আদি মাছ বৰশীত উঠিছিল৷ মাছলৈ যাওঁতে নিছিল আব্বাৰ অতি বিশ্বস্ত
নুৰজামাল মামাক৷ মাজে সময়ে আমাৰ নিজৰ মামাও গৈছিল৷ যাওতে বৰা চাউলৰ ভাত আৰু মাছ
ভজাৰ স’তে আম্মাই সযতনে টোপোলা কৰি দিছিল৷ পিছদিনা পুৱা ৮/৯ মান
বজাত দুই-তিনিটা ডাঙৰ মাছ (৯/১০ কিঃ গ্ৰাঃ) লৈ আব্বা প্ৰায় প্ৰতিবাৰেই ঘৰ ওলাইছিল৷
আব্বা ঘৰ আহি পোৱাৰ লগে লগে মোৰ কাম আছিল দৌৰ মাৰি আইতাক খবৰ দিয়া৷ মাছবোৰ
কাটিকুটি ভাগবটোৱাৰা কৰি দিয়াৰ দায়িত্ব আছিল আইতাৰ৷ আব্বাই সেইটোকে বিচাৰিছিল আৰু আনন্দ লাভ কৰিছিল৷ আনে মাছ কাটিলে
আব্বাই বেয়া পাইছিল৷ শিশুকালতে মাতৃহাৰা আব্বাই হয়তো শাহুৱেকৰ মাজত মাতৃ স্নেহ
বিচাৰি পাইছিল৷ আইতাইয়ো আব্বাক পুত্ৰবত স্নেহ কৰিছিল৷ ১৯৬০ চনত আইতাৰ মৃত্যুলৈকে
আমি সেই কথাই দেখিছিলো৷ এই মাছৰ ভাগ চুবাটোৰ বিভিন্নজনে পাইছিল৷ বিশেষকৈ চৌধুৰী
চাচাৰ বাবে এটা অংশ আছিলেই৷ কেতিয়াবা তেওঁ নিজে আহি মাছ কটা সময়ত মোড়া এটা লৈ
আইতাৰ ওচৰত বহি লৈছিল৷ মাহীয়ে (চৌধুৰী চাচাৰ পৰিবাৰক আমি মাহী বুলি মাতিছিলো)
আইতাক মা বুলি মাতিছিল৷
No comments