বৃহত্তৰ অসমীয়া জাতি , বিভিন্ন জনগোষ্ঠীৰে গঠিত হৈছে। বিভিন্ন সময়ত অসমলৈ বিভিন্ন জনগোষ্ঠীয়ে প্ৰব্ৰজন কৰিছে , অসমী আইকে নিজৰ মাতৃৰূপে গ্রহণ ক...
বৃহত্তৰ অসমীয়া জাতি, বিভিন্ন জনগোষ্ঠীৰে
গঠিত হৈছে। বিভিন্ন সময়ত অসমলৈ বিভিন্ন জনগোষ্ঠীয়ে প্ৰব্ৰজন কৰিছে, অসমী আইকে নিজৰ মাতৃৰূপে গ্রহণ কৰি অসমীয়া ভাষা-সংস্কৃতিকো বুকুত
সাৱটি লৈছে। এই জনগোষ্ঠীবোৰৰ মাজত চৰ-চাপৰিবাসী মুছলমানসকলো অন্যতম। শতাধিক বছৰ পূৰ্বে
অসমীয়া ভাষা-সংস্কৃতিৰ সংস্পৰ্শলৈ আহি এই জনগোষ্ঠীটোরে অসমীয়া ভাষা-সংস্কৃতিলৈ আগবঢ়াইছে
অনবদ্য অৱদান। এনে অৱদানৰ বাবেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ
ৰাভাকে আদি কৰি অনেক অসমীয়া গুণী-জ্ঞানী লোকে এওঁলোকক বৃহত্তৰ অসমীয়া জাতি সত্তাৰ অংশীদাৰ
বুলি ঘোষণা কৰি থৈ গৈছে। তেওঁলোকৰ অসমীয়া ভাষালৈ থকা অৱদানৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে
চৰ-চাপৰিবাসীনো কোন- তেওঁলোকৰ কিনো আছে ইতিহাস- সেই সম্পর্কে কিছু কথা আলোচনা কৰা উচিত
হ'ব বুলি আমি ভাবো।
ইংৰাজসকলে অসমত চাহখেতিৰ বাবে ১৮৫৯ চনৰ পিছত উৰিষ্যা, বিহাৰ আৰু মধ্যপ্ৰদেশৰ পৰা শ্রমিক আনিছিল। চাহ-খেতিৰ বাবে শ্রমিক
আনোতে সমসাময়িকভাবে অসমলৈ বংগৰ পৰা মুছলমান কৃষক অনাৰ প্ৰক্ৰিয়াও আৰম্ভ হয়। অৱশ্যে, এই প্রক্রিয়া পোনতে আৰম্ভ হৈছিল বেচৰকাৰীভাবে। উনৈশ শতিকাৰ মাজভাগৰপৰা
গোৱালপাৰা ভূ-স্বামী আৰু জমিদাৰসকলে বংগৰ পৰা মছলমান খেতিয়কসকলক নিজৰ দায়িত্বতে অসমলৈ
আনিবলৈ আৰম্ভ কৰে। এইদৰেই আৰম্ভ হয় অসমৰ চৰ-চাপৰিলৈ মছলমান খেতিয়কসকলৰ প্ৰব্ৰজন। ১৮৯১
চনত গেইট চাহাবৰ তত্ত্বাৱধানত যেতিয়া লোকপিয়ল হয়, তেতিয়া তেওঁ এক বিশেষধণৰ সমীক্ষা চলাই, অসমলৈ ভাৰতবৰ্ষৰ অন্য প্রদেশৰ পৰা অহা লোক কোন জিলাত কিমান আছিল
তাৰ হিচাপ এটা উলিয়াইছিল। সেই হিচাপ মতে গোৱালপাৰা, কামৰূপ, দৰং আৰু নগাঁও জিলালৈ
সর্বমুঠ ৮৫,২০৭ গৰাকী লোকে বংগৰ পৰা প্ৰব্ৰজন কৰিছিল আৰু এই লোকসকলৰ অধিকাংশই
আছিল মুছলমান খেতিয়ক।
মৈমনসিং জিলাৰ পৰা তাৰ আগৰে পৰা অসমলৈ প্ৰব্ৰজন চলি থকাৰ কথা মেদিনী চৌধুৰীৰ দৰে
লেখকে লিখি থৈ গৈছে। অসম আৰু বংগৰ মাজত চলা ভাপ জাহাজৰ আৰকাটিসকলেও যথেষ্ট সংখ্যক লোক
অসমৰ পতিত ভূমিত বহুৱাইছিল। এনেকুৱা এজন আৰকাটিয়েই চাপৰৰ জমিদাৰৰ পৰা দহ হাজাৰ বিঘা
মাটি পট্টন বিচাৰি সেই ভূমিত বংগৰ খেতিয়কসকলক সংস্থাপিত কৰিছিল (অসমৰ মাটিৰ অ-চৰ্চিত
কাহিনী- শৰৎ চন্দ্ৰ সিংহ)। ১৯০২ চনত নগাঁৱৰ আলী টাঙনীত অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন
কৰা, আছাম লেজিছলেটিভ কাউন্সিলত পাঁচজনীয়া নির্দলীয় মুছলমান সদস্যৰ
গোট এটা গঠন কৰি কংগ্ৰেছ দলক সমৰ্থন কৰি গোপীনাথ বৰদলৈদেৱৰ নেতৃত্বত প্রথমখন কংগ্ৰেছী
মন্ত্রীসভা স্থাপন কৰাটো সম্ভৱপৰ কৰি তোলা ওচমান আলী সদাগৰক তেওঁৰ আৰকাটি মোমায়েক নজরুল
আলীয়ে এই সময়তে বংগৰ পৰা আনি অসমত সংস্থাপিত কৰিছিল। ১৯০১ চনত অসমত প্রব্রজিত লোকৰ সংখ্যা
আছিল ৭.৬৬,০০০ গৰাকী, যাৰ ৮৩ শতাংশ আছিল
চাহ বাগিচাৰ বনুৱা বাকী ১৭ শতাংশ অর্থাৎ ১,৩০,২২০ গৰাকী আছিল বংগৰ
পৰা প্ৰৱজিত লোক। ১৯৩১ চনৰ লোকপিয়ল মতে অসমত ৫ লাখ ৭৫ হাজাৰ বংগৰ পৰা অহা লোকে বাস
কৰি আছিল। আকৌ ১৯৪৩-৪৬ চনৰ কালছোৱাত ১,৭৪,৫৪৬ বিঘা মাটিত পূর্ববংগৰ পৰা অসমলৈ ব্রিটিছে নতুনকৈ আমদানি
কৰা লোকক সংস্থাপিত কৰা হয়, ২,৫৬,১৩১ বিঘা মাটি এনে
খেতিয়কসকলৰ বাবে ঔপনিৱেশিক আঁচনিত অন্তর্ভুক্ত কৰা হয় আৰু ১,৬৪,৯৯৫ বিঘা চৰণীয়া পথাৰ
সংস্থাপনৰ বাবে মুকলি কৰি দিয়া হয়। অর্থাৎ, এই কালছোৱাত ৫,৯৫,৬৭২ বিঘা মাটি পূর্ববংগৰ পৰা নতুনকৈ আমদানি কৰা কৃষকসকলৰ বাবে
মুকলি কৰি দিয়ে। চৰকাৰী নীতি অনুসৰি পাঁচজনীয়া প্রতিটো পৰিয়ালক পাঁচ বিঘাকৈ মাটি প্রদান
কৰা হৈছিল। সেয়ে ১৯৪৩-৪৬ চনৰ কালছোৱাত ৫,৯৫,৬৭২ গৰাকী বংগীয়মূলৰ খেতিয়কক অসমত ব্রিটিছে সংস্থাপিত কৰাৰ তথ্য
পোৱা যায়। (তথ্যৰ উৎস: মুছলিমছ ইন আছাম পলিটিকছ- এম. কৰ)।
১৯৩১ চনৰ ৫ লাখ ৭৫ হাজাৰ আৰু ১৯৪৩-৪৬ চনৰ ৫,৯৫,৬৭২ গৰাকী বংগৰ পৰা
প্ৰৱজিত লোকৰ সংখ্যা বৃদ্ধি পাই ১৯৪৭ চনত যিমান হৈছিলগৈ, সিমানসংখ্যক বংগমূলীয় খেতিয়ক দেশে স্বাদীনতা লাভ কৰাৰ সময়ত অসমত
আছিল। এই লোকসকলৰ সতি-সন্ততিসকল ভাৰতীয় নে বাংলাদেশী? অসমীয়া ভাষা-সংস্কৃতি গ্রহণ কৰি কেইবাপুৰুষো ধৰি অসমীয়া জাতিৰ
লগত বিলীন হৈ যাবলৈ আহোপুৰুষাৰ্থ কৰি থকাৰ পিছতো তেওঁলোকক বৃহত্তৰ অসমীয়া জাতিৰ পৰা
বাদ দি থ'লে কাৰ লাভ হ'ব?
চৰ-চাপৰিবাসী এইসকল লোকক বাদ দি অসমীয়া ভাষা-সাহিত্যৰ কথা বর্তমানে চিন্তা কৰিব
নোৱাৰি। ১৮৯৯ চনত হোছেইন আলী সৰকাৰে মৈৰাবাৰীত চৰ-চাপৰিবাসীৰ মাজত প্ৰথমখন অসমীয়া মাধ্যমৰ
প্রাথমিক বিদ্যালয় স্থাপন কৰিছিল। ১৯০২ চনত নগাঁৱৰ আলী টাঙনীত ওচমান আলী সদাগৰে প্রতিষ্ঠা
কৰা প্রাথমিক বিদ্যালয়খনত বৰদোৱাৰ পৰা আহি মহেন্দ্ৰ চন্দ্ৰ মহন্তদেবে অসমীয়া শিকাইছিল।
বৰপেটা জিলাৰ গোমাফুলবাৰীত ১৯১৮ চনত, ৰামাপাৰাপাম প্রাথমিক
বিদ্যালয় ১৯২০ চনত, মন্দিয়া প্রাথমিক বিদ্যালয়
১৯২৫ চনত, জনিয়া প্রাথমিক বিদ্যালয় ১৯০৬ চনত চৰ-চাপৰিবাসীয়ে প্রতিষ্ঠা
কৰে। বিংশ শতাব্দীৰ তৃতীয় আৰু চতুর্থ দশকতে এইদৰে চৰ-চাপৰিবাসীৰ মাজত সহস্রাধিক প্রাথমিক, মজলীয়া আৰু উচ্চ প্রাথমিক বিদ্যালয় গঢ়ি উঠে। সমাজৰ এই নব্য শিক্ষিত
চামৰ সচেতনতা আৰু খিলঞ্জীয়া সমাজখনৰ সৈতে ক্রমবর্ধমান আদান-প্রদান আৰু যোগাযোগৰ ফলত
এওঁলোকে অসমীয়া ভাষা-সাহিত্যৰ কাষ চাপি আহে। এইদৰে অসমীয়া ভাষা-সাহিত্যৰ সংস্পৰ্শলৈ
অহা চৰ-চাপৰিবাসীয়ে অসমীয়া মাতৃ ভাষা রূপে গ্রহণ কৰিবলৈ আৰম্ভ কৰে। এইক্ষেত্ৰত এচাম
দূৰদর্শী অসমীয়াই এওঁলোকক অসমীয়াকে মাতৃভাষা ৰূপে গ্রহণ কৰিবলৈ আহ্বান জনাই অনুপ্রাণিত
কৰিছিল। অসম সাহিত্য সভাৰ ১৯২৬ চনত অনুষ্ঠিত ধুবুৰী অধিৱেশনৰ সভাপতি বেণুধৰ ৰাজখোৱাদেৱে
কৈছিল যে, চৰ-চাপৰিবাসীয়ে 'অসমত চিৰদিনেই বাস
কৰিব আৰু তেওঁলোকে নিঃসন্দেহে নিজকে অসমীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰিব। অম্বিকাগিৰী ৰায়চৌধুৰী দেরেও এইক্ষেত্রত এক
গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। বৰপেটা জিলাৰ চৰ-চাপৰিবাসীৰ মুখিয়াল লোকসকলে অসমীয়াকে
মাতৃভাষা ৰূপে গ্রহণ কৰাৰ বাবে তেওঁ ব্যক্তিগতভাবে আবেদন জনোৱাৰ কথা এই লেখকে তেওঁৰ
ককাদেউতাৰ পৰা জানিব পাৰিছিল। ১৯৪০ চনৰ ২৯ আগষ্ট তাৰিখে গুৱাহাটীৰ কার্জন হল (পিচলৈ
গৈ নবীনচন্দ্ৰ বৰদলৈ হল) ৰায়চৌধুৰীদেৱৰ সভাপতিত্বত অনুষ্ঠিত সভা এখনত অসমৰ গণ্য-মান্য
ব্যক্তিসকলে এক প্রস্তাৱযোগে 'অসমৰ জাতীয় স্বার্থত
চৰ-চাপৰিবাসীক অসমীয়া ভাষাক মাতৃভাষা ৰূপে আকোৱালি ল'বলৈ আহ্বান জনাইছিল। এনে আহ্বানৰ প্ৰতি সঁহাৰি জনাই বৰপেটা জিলাৰ
চৰ-চাপৰিৰ কেইগৰাকীমান মুখিয়াল ব্যক্তিয়ে অসমৰ তদানীন্তন প্রধানমন্ত্রী গোপীনাথ বৰদলৈদেবলৈ
এখন আৱেদন পত্ৰ প্ৰেৰণ কৰিছিল (ডেকা অসম, ষষ্ঠ বছৰ, চতুর্থ সংখ্যা, ২৩, আঘোণ, ১৮৬২ শক)। এই আৱেদনখনত
বিয়াজুদ্দিন আহমেদ, দাৰোগ আলী সৰকাৰ, পিয়াৰউল্লা সৰকাৰ, আব্দুল মজিদ খাঁ, আলী আমজাদ খাঁ, হবিবুল্লা মুঞ্চি আদি
ন-গৰাকী মুখিয়াল ব্যক্তিয়ে কৈছিল যে তেওঁলোকৰ সতি-সন্ততিসকলে অসমীয়া মাধ্যমৰ বিদ্যায়লত
পঢ়ি অসমীয়া ভাষা ভালদৰে আয়ত্ব কৰি লৈছে আৰু বয়সীয়ালসকলেও নৈশ বিদ্যালয় স্থাপন কৰি অসমীয়া
শিকি আছে। গতিকে তেওঁলোকক ১৯৪১ চনৰ লোকপিয়লত অসমীয়া বুলি অন্তর্ভুক্ত কৰিব লাগে। ১৯৫১
চনৰ লোকপিয়লত চৰ-চাপৰিবাসীয়ে ব্যাপক হাৰত অসমীয়াকে মাতৃভাষা ৰূপে গ্রহণ কৰে। ফলত অসমত
অসমীয়া ভাষীৰ সংখ্যা ১৯৩১ চনৰ ৩১.৪ শতাংশৰ বিপৰীতে ১৯৫১ চনত ৫৬.৭ শতাংশ হয়গৈ। রূপকোঁৱৰ
জ্যোতিপ্ৰসাদ আগৰৱালাই চৰ-চাপৰিবাসীৰ এনে অৱদানৰ কথা সুঁৱৰিয়েই 'অসমীয়া ডেকাৰ উক্তি' শীর্ষক কবিতাটোত এওঁলোকক বৃহত্তৰ অসমীয়া জাতিৰ মাজত আকোঁৱালি
লৈ 'ন-অসমীয়া' বুলি অভিহিত কৰে। এইদৰে
চৰ-চাপৰিবাসীয়ে সেই সময়ত অসমীয়া ভাষাক মাতৃভাষা ৰূপে গ্রহণ কৰাৰ ফলত অসমত অসমীয়া ভাষাই
সংখ্যাগৰিষ্ঠতা লাভ কৰে।
ফোন: ৭৬৩৬০৬১২৩৬
No comments