১৯৫৬ চনত মুক্তি পোৱা ফৰাচী চুটি ছবি “ দ্যা ৰেড বেলুন ” The Red Balloon ( মূল ফৰাছী নাম Le Ballon Rouge ) — যেন চিনেমা- কবিত...
১৯৫৬ চনত মুক্তি পোৱা ফৰাচী চুটি ছবি “দ্যা ৰেড বেলুন” The Red
Balloon (মূল ফৰাছী নাম Le Ballon Rouge) —যেন চিনেমা- কবিতাৰ এক পংক্তি । এই ছবিখনে নিজৰ সৰলতা, যাদুকৰী আৰু
মৰ্মান্তিক বাস্তৱবাদেৰে দশক দশক ধৰি দৰ্শকক মোহিত কৰি আহিছে।
ফৰাচী পৰিচালক আলবেৰ লামোৰিছ (Albert
Lamorisse ১৩ জানুৱাৰী১৯২২ – ২ জুন ১৯২৪)ৰ দ্বাৰা নিৰ্মিত “দ্যা ৰেড বেলুন” নামৰ এই চুটি ছবিখনে কেৱল মাত্ৰ ৩৪ মিনিটৰ ভিতৰতে এক গভীৰ অনুভৱ প্ৰকাশ কৰে। এক প্ৰকাৰ সংলাপহীন কিন্তু পৰিবেশৰ সৈতে খাপ খাই থকা আৱহ সংগীতে এই ছবিখনে এক চিন্তনীয় আৰু কাব্যিক ভাৱ সৃষ্ট কৰে, যিয়ে দৰ্শকক অলৌকিক, আৰু দুঃখ-সুখৰ সংমিশ্ৰণৰ এক অনন্য অভিজ্ঞতা দিয়ে।
“দ্য ৰেড বেলুন”ৰ সাৰাংশ
বিগত শতিকাৰ পঞ্চাশৰ দশকৰ পেৰিছ চহৰৰ পটভুমিত নিৰ্মিত ‘দ্য ৰেড বেলুন’ ছবিখনৰ কাহিনীটোৰ কেন্দ্ৰবিন্দুত আছে এটা উজ্জ্বল ৰঙা বেলুন আৰু পাস্কেল নামৰ এটি ছয় বছৰীয়া সৰু ল’ৰা—পেৰিছৰ এক কম বসতি অঞ্চলত বাস কৰা পাস্কালে এদিন পুৱাতে অকলে নিৰিবিলি ৰাস্তাৰে স্কুল গৈ থকা অৱস্থাত এটা ৰঙা বেলুন বিজুলি চাকিৰ খুঁটা এটাত ওলমি থকা দেখিবলৈ পায় আৰু সি সেইটো তাৰপৰা মুকলি কৰি আনে। তেতিয়াই চমকপ্ৰদভাৱে প্ৰাণ পাই যেন বেলুনটো জীৱন্ত হৈ উঠে আৰু বেলুনটোৰ এই আচৰণে দৰ্শকৰ মনলৈ এটা ভাৱ আনে যে বেলুনটোৰো এটা মন আৰু ইচ্ছা সত্তা আছে। বেলুনটোয়ে তাৰ সৈতে হাঁহি-ধেমালিৰে ধূসৰ ৰাস্তাবোৰৰে স্কুললৈ আগবাঢ়ে আৰু তাৰ মুৰৰ ওপৰৰে ওপৰৰে উৰি উৰি গৈ তাৰ স্কুল গৈ পায়। এই পথছোৱাত দুয়ো অন্তৰঙ্গ বন্ধু হৈ উঠে। সিহঁতৰ এই সৰল বন্ধুত্ব কিন্তু অলৌকিক, স্বাভাৱিক নহয় । বেলুনটো চঞ্চল, দুষ্ট, আনকি মাজে সময়ে ই প্ৰত্যাহ্বানমূলক উঠে যেতিয়া আন কোনোবাই তাক পাস্কেলৰ পৰা পৃথক কৰিবলৈ চেষ্টা কৰে। পাস্কেল এই অনন্য বন্ধুত্বই দৰ্শকক মৰ্মস্পৰ্শী আমোদ দিয়ে যদিও ছবিখনৰ শেষৰ ফালে ট্ৰেজেডী আহি পৰে। সমাজৰ হিংসাপৰায়ণতা আৰু ঈর্ষাৰ আন এক ছবি হে পৰিলক্ষিত হোৱা দেখা যায়। পাস্কেলৰ এই বন্ধুত্ব তাৰ লগৰীয়াবোৰৰ সহ্য হোৱা নাছিল আৰু এনে এটা কিশোৰ দলে মিলি বেলুনটো নষ্ট কৰি দিয়ে।
কিন্তু ইয়াৰ পিছত কাহিনীটোয়ে ধুনীয়াকৈ আন এটা আমোদজনক পকমাৰি শেষ হয় - পেৰিছৰ সকলোবোৰ বেলুন উৰি আহি খাই পাস্কেলৰ কাষত গোট খায় আৰু তাক আকাশলৈ উৰুৱাই নিয়ে - যিয়ে আধ্যাত্মিক আৰোহণ বা আৱেগিক মুক্তিৰ ইংগিত দিয়ে। বেলুনৰ সহায়ত চহৰৰ ওপৰেৰে উৰি যোৱা ল’ৰাটোৱে আশা আৰু স্থিতিস্থাপকতাৰ আভাস দিয়ে, যিয়ে প্ৰতিকূলতাৰ সন্মুখীন হৈও শৈশৱৰ সপোনবোৰক ধৰি ৰখাৰ এক প্ৰয়াসৰ আভাস দিয়ে। এই দৃশ্যটোক এক ধৰণৰ আত্মিক মুক্তি, কল্পনাৰ উৰণ, বা সৰলতাৰ বিজয় প্ৰতীক হিচাপে লব পাৰি।
"দ্য ৰেড বেলুন" এখন প্ৰতীকী ছবি যিয়ে ৰঙা বেলুনটোক শৈশৱৰ নিৰ্দোষতা, কল্পনা, আৰু কঠোৰ পৃথিৱীত ইয়াক বজাই ৰখাৰ সংগ্ৰামৰ উপমা হিচাপে ব্যৱহাৰ কৰে। প্ৰথম অৱস্থাত ল’ৰাটোৰ বাবে ই আনন্দ আৰু চঞ্চল লগৰীৰ উৎস হৈ পৰা বেলুনটো মহুৰ্ত্তে
ঈৰ্ষাৰ লক্ষ্য হৈ ধ্বংস হৈ যায়, যিয়ে নিৰ্দোষতাৰ
পৰাজয় আৰু জীৱনৰ কঠোৰ বাস্তৱতাক প্ৰতিনিধিত্ব কৰে।
The Red Balloonৰ মূল আকৰ্ষন হ'ল ইয়াৰ দৃশ্যশৈলী। দৃশ্যগতভাৱে “দ্য ৰেড বেলুন” এক আশ্চৰ্য্য। ছবিখনত বেলুনটোৰ উজ্জ্বল ৰঙা ৰঙৰ আৰু ইয়াৰ একেবাৰে বিপৰীত প্ৰক্ষাপটত ১৯৫০ চনৰ পেৰিছৰ নিস্তব্ধ ধূসৰতাৰ সাদৃশ্য পৰিবেশে মূল চৰিত্ৰৰ সৈতে ধূসৰ-পেৰিছৰ সাদৃশ্যটো অত্যন্ত দক্ষতাৰে দৰ্শনীয় কৰি তুলিছে।
লামৰিছে গভীৰ ৰঙা ৰঙৰ ব্যবহাৰে বেলুনটো কেৱল মাত্ৰ এটি পাৰ্থিব
বস্তু কৰি ৰখা নাই, বেলুনটোলৈ এক অলৌকীক
স্পন্দনৰে ছবিখনৰ এক জীৱন্ত চৰিত্ৰ কৰি তলিছে । কেমেৰা চালনা, ফ্ৰেম গঠন আৰু বেলুনটোক জীৱন্ত দেখুৱাবলৈ কৰা বিশেষ কৌশল—এই সকলোয়ে ছবিখনক এক প্ৰকৃত অলৌকিক অনুভৱৰ দৰে গঢ়ি তোলাত
অৰিহণা যোগইছে আৰু এই সকলোবোৰ কৰা
হৈছে সংলাপ অবিহনে, যিয়ে ইয়াক ভাষাৰ সীমাবদ্ধতাৰ বাহিৰলৈ আনি
এক সাৰ্বজনীন আৱেগিক আবেদনৰ সুবিধা প্ৰদান কৰাৰ লগতে ইয়াৰে দৃশ্যগত কাহিনী কোৱাৰ এক নিদৰ্শন
দাঙি ধৰিছে। সেয়ে দ্য ৰেড বেলুনে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীক, মোহিত কৰি আহিছে।
১৯৫৬ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত দ্যা ৰেড বেলুনে চুটিছবিৰ শিতানত শ্ৰেষ্ট চুটিছবি হিচাপে বিজয়ী হৈ Palme d'Or লাভ কৰিছিল আৰু সেই বছৰতেই Louis Delluc বটাঁও লাভ কৰিছিল। নিজ কাহিনীৰে প্ৰযোজক, পৰিচালক Albert Lamorisseয়ে ছবিখনৰ চিত্ৰনাট্যও তেওঁ নিজেই ৰচনা কৰিছিল। ২৯ সংখ্যক একাডেমী বঁটা অনুষ্ঠানত এলবাৰ্ট লামোৰিছে শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্যৰৰূপে একাডেমী বঁটা লাভ কৰিছিল। ছবিখনৰ ফটোগ্ৰাফাৰ আছিল এডমণ্ড চেচানৰ আৰু সংগীত ৰচনা কৰিছিল মৰিছ লেৰ l ছবিখনৰ আন এটা উল্লেখনীয় কথা য়ে শিশু পাস্কেলৰ চৰিত্ৰত অভিনয় শিশু অভিনেতাজন আছিল পৰিচালক নিজ পুত্ৰ পাস্কাল লামোৰিছ।
এলবাৰ্ট লামোৰিছৰ আন
কেইখনমান চুটি ছবি : White Mane (1953)ক্যাঁ চলচ্চিত্ৰ মহোৎসৱত Grand Prize
লাভ কৰা White Mane(১৯৫৩),Bim (১৯৫৪),Circus
Angel (১৯৬৫):
No comments