যোৱাৰ সংখ্যাৰ পিছৰপৰা... সেই সময়ত মৰাপাট , ধান , সৰিয়হ আদি বিক্ৰী কৰা কৃষকসকলক প্ৰতি মোনত ২ ৰ পৰা ৪ সেৰৰ দাম কমকৈ দিয়া হ...
যোৱাৰ সংখ্যাৰ পিছৰপৰা...
সেই সময়ত মৰাপাট, ধান,
সৰিয়হ আদি বিক্ৰী কৰা কৃষকসকলক প্ৰতি মোনত ২ৰ পৰা ৪ সেৰৰ দাম কমকৈ দিয়া হৈছিল৷ তেতিয়া কিলোগ্ৰামৰ হিচাপ নাছিল, এক মোনত ৪০ সেৰ আছিল৷ বেপাৰীসকলৰ যুক্তি আছিল ধান, মৰাপাট, সৰিয়হ আদি কেচা
সামগ্ৰী,
এইবোৰৰ ওজন ক্ৰমান্বয়ে কমি যায়৷ দুখীয়া নিচলা কৃষকৰ
প্ৰতিবাদৰ কোনো গুৰুত্ব নাছিল৷ পুলিচ আছিল নীৰৱ দৰ্শক৷ অধিকাংশ প্ৰান্তীয় কৃষক
আছিল অতি দুখীয়া আৰু এই কৃষকসকল মুষ্টিমেয় ধনী কৃষক আৰু মহাজনৰ শোষণ আৰু উৎপীড়নৰ
বলি হৈছিল৷ বেছিভাগ প্ৰকৃত কৃষকৰ মাটি আছিল তাকৰীয়া, সেয়ে তেওঁলোকে ধনী কৃষক বা মহাজনৰ মাটি আধিয়াৰ চুক্তিত খেতি কৰি, উৎপাদিত শস্যৰ সিংহভাগ মহাজন আৰু মাটিৰ মালিকসকলক দিব লগা
হৈছিল৷
আমাৰ গাঁওখনত (চুবাটোত) প্ৰায় ৮০ ঘৰমান মানুহে বাস কৰিছিল৷ ইয়াৰে চাৰি ঘৰ শিখ সম্প্ৰদায় (৩ঘৰ পঞ্জাবী শিখ, ১ঘৰ অসমীয়া শিখ), দুঘৰ প্ৰাক্তন চাহ মজদুৰ সম্প্ৰদায়, এঘৰ বঙালী হিন্দু, বাকী ৭৩ঘৰমান
মুছলমান (৫ ঘৰ গোৱালপৰীয়া অসমীয়া, ১০/১২ ঘৰ ঢাকাইয়া , ২ ঘৰ নোৱাখালি আৰু ৬০ ঘৰ মান অভিভক্ত চিলেট জিলা আৰু কাছাৰ
জিলাৰ)৷ ইয়াৰে ৩০ ঘৰ মানৰহে দুবেলা দুসাজ খাদ্য যোগাৰ কৰাৰ সামৰ্থ্য আছিল৷ বাকী
পৰিয়ালবোৰ অভাৱ-অনাটনৰ মাজেৰে চলিব লগা হৈছিল৷ নগদ ধনৰ আমদানী আছিল তেনেই সীমিত৷
একমাত্ৰ কৃষিত উৎপাদিত সামগ্ৰী ধান, সৰিয়হ, মৰাপাট আদি বা হাঁহ কুকুৰা, ছাগলী, গৰু আদি বিক্ৰী
কৰিব পাৰিলেহে মানুহৰ হাতলৈ অলপ পইচা আহে৷ কিন্তু তেনে সামৰ্থ্য খুব কম সংখ্যক
লোকৰহে আছিল৷ মোৰ মনত আছে, ১৯৫৪-৫৫ চনত ১ মোন ধানৰ দাম আছিল ৫ টকাৰ পৰা ৫.৫০ টকাৰ ভিতৰত৷ ১ টকাত ২০টা মূৰগী কণী, অথবা ১৬টা হাঁহৰ কণী পোৱা গৈছিল৷ খাছী-জয়ন্তীয়া পাহাৰ বা হাফলঙৰ
পৰা অহা ডাঙৰ ডাঙৰ মিঠা কমলা ১ টকাত ৩০টা/৪০টা পাইছিল৷ মালদহৰ পৰা অহা ডাঙৰ আমৰ বাৰ-পোন্ধৰ সেৰ ওজনৰ
পাচিৰ দাম আছিল ৩টকা৷ সেইখিনি পইচাও খুব কম মানুহেহে যোগাৰ কৰিব পাৰিছিল৷ খাল-বিল
বিলাকত মাছ পুঠি উভৈনদী আছিল৷ জাল, পল লৈ পানীত নামিলেই মাছ ধৰিব পাৰিছিল৷ আজিৰ দিনৰ নিচিনা মহাৰ্ঘ নাছিল৷ কিন্তু
দুখীয়া মানুহে কষ্ট কৰি ধৰা সেই মাছ-পুঠি নিজৰ ল’ৰা-ছোৱালীৰ বাবে ৰাখিব পৰা নাছিল৷ হয়তো সামান্য ৰাখি বাকীখিনি বিক্ৰী কৰিছিল
প্ৰয়োজনীয় চাউল, দালি কিনিবৰ বাবে, বজাৰত বা গাঁৱৰে
ক্ৰয়শক্তি থকা দুই-চাৰি ঘৰত বিক্ৰী কৰিছিল৷ কথাটোৱে মোৰ মনত সদাই পীড়া দিছিল৷
আমাৰ চুবাৰ মছজিদ ঘৰটো আমাৰ ঘৰৰ উত্তৰ সীমাত অৱস্থিত৷ চুবাৰ সেই সময়ৰ একমাত্ৰ
দোকানখন আমাৰ ঘৰৰ সন্মুখেৰে উত্তৰ-দক্ষিণ মুৱাকৈ যোৱা পি ডব্লিউ ডি পথৰ দাঁতিত,
আমাৰ ঘৰৰ বিপৰীত মুখে পথৰ সিপাৰত অৱস্থিত৷ সকলোৱে চাঁদৰ দোকান বুলি কৈছিল৷ মই
তেওঁক চাঁদমামা বুলি মাতিছিলোঁ৷ দোকানখনত চাউল-দালি, আটা,
চাবোন তেল, আলু, পিঁয়াজ আদিৰ উপৰিও ষ্টেচনাৰী দ্ৰব্য পোৱা গৈছিল৷ লগতে
চাহ-বিস্কুট, পাওৰুটী বিক্ৰী কৰিছিল৷ দোকানখনৰ
সন্মুখত এজোপা নিম গছে ধুনীয়াকৈ ছাঁ দিছিল৷ কাঠৰ ৪//x৪// বাটাম মাটিত পুতি কাঠৰ বাকলাৰ
সমানভাগ উপৰমুৱা কৰি ডাঙৰ পেটেণ্ট গজাল মাৰি মানুহ বহিব পৰা ব্যৱস্থা কৰি দিছিল৷
আবেলি পৰত আৰু আন সময়তো দোকানখনক কেন্দ্ৰ কৰি সেই ঠাই ডোখৰত যথেষ্ট মানুহৰ সমাগম
হৈছিল৷ ইটো সিটো লাগতিয়াল বস্তু আনিবলৈ মাহঁতে প্ৰায়ে মোক দোকানলৈ পঠিয়াইছিল৷ ১৯৫৪
চনৰ পৰা নিয়মিতভাৱে মই স্কুললৈ যোৱা আৰম্ভ কৰাৰে পৰা চুবাটোৰ বয়সস্থসকলৰ মোৰ প্ৰতি
আগ্ৰহ আৰু কৌতুহল বাঢ়ি যোৱাটো মই লক্ষ্য কৰিছিলোঁ৷ অলপদিনৰ ভিতৰত চাহ খাই মেলমাৰি
থকা বয়সস্থসকলৰ কাৰোবাৰ নাতি, কাৰোবাৰ ভতিজা, কাৰোবাৰ ভাগিন হৈ পৰিছিলোঁ মই৷ বিস্কিট, পাওৰুটীৰ ভাগ মাজে সময়ে ময়ো পাইছিলোঁ৷
দেশে ১৯৪৭ চনতে ৰাজনৈতিক স্বাধীনতা লাভ কৰিলেও গ্ৰামীণ জীৱন তেতিয়াও সামন্তবাদী
শাসন-শোষণৰ গ্ৰাসত আছিল৷ সামাজিক বিচাৰ-আচাৰত গাঁৱৰ ধনী আৰু প্ৰভাৱশালী (ডাঙৰ
গোষ্ঠী) লোকসকলৰ সিদ্ধান্তই আছিল চুড়ান্ত৷ এদিন (১৯৫৫ চনত) স্কুলৰ পৰা আহি দেখিলো
ওচৰৰে চৌধুৰী চাচাৰ চ’ৰা ঘৰটোৰ চাৰিওফালে
মানুহে গিজ গিজাই আছে৷ দুদু নামৰ ওচৰৰে গাঁও এখনৰ এটা গভাইত চোৰক ধৰি আনি ৰাইজে তাত
বিচাৰ কৰিছে৷ আগৰাতি হেনো চৌধুৰী চাচাৰ দুমহলীয়া ঘৰটোৰ ওপৰ মহলালৈ কোনোবাই
কেবাবাৰো টৰ্চ মাৰিছিল৷ সন্দেহ- দুদু আৰু তেওঁৰ দলৰ মানুহে চুৰি কৰাৰ উদ্দেশ্যে
এইদৰে টৰ্চ মাৰি চাইছিল৷ সন্দেহ কৰা মতে দুদুক ধৰি অনা হ’ল আৰু পুলিচক গতোৱাৰ সলনি মানুহটোৰ ওপৰত নিৰ্মম অত্যাচাৰ
চলোৱা হ’ল৷ গাঁওখনৰ কোনো এজন মানুহে এই নিৰ্মমতাৰ প্ৰতিবাদ কৰা দেখা
নগ’ল৷ মোৰ কৈশোৰ মনে এনে নিষ্ঠুৰতাক মানি ল’ব পৰা নাছিল৷ মোৰ খুব খং উঠিছিল কিন্তু একো কৰিব পৰা নাছিলোঁ৷
চুবাটোৰ মুখীয়ালসকল তাত আছিল৷ মই ঘৰ সোমাই মনৰ খং আম্মাৰ আগত উজাৰিছিলোঁ৷
প্ৰায় একে সময়তে আৰু এখন বিচাৰ একে ঠাইতে হোৱা দেখিছিলোঁ৷ আমাৰ নিকটৱৰ্তী গাঁও
চামবৰীয়া (১ নং) ত প্ৰায় ২৪০টা
পৰিয়াল বাস কৰিছিল৷ ইয়াৰে ৭টা পৰিয়াল
হিন্দু বঙালী সম্প্ৰদায়ৰ৷ ১৯৪৭ত দেশ বিভাজনৰ পাছত পূব পাকিস্তানৰ পৰা আহিছে৷ বাকী
পৰিয়ালকেইটা বঙ্গীয়মূলৰ (মৈমনচিঙীয়া) অসমীয়া মুছলমান৷ ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক
পঞ্জী (NRC-
1951)ত প্ৰতিঘৰ মানুহৰ নাম আছে৷ গাঁওখনত
অসমীয়া মাধ্যমৰ এখন প্ৰাইমাৰী স্কুল আছে৷ গাঁৱৰ মানুহখিনি দুজন মাতব্বৰ (মুখীয়াল)ৰ
নেতৃত্বত বিভক্ত–আৰজান উদ্দিন
মাতব্বৰ আৰু নবাব আলী মাতব্বৰ৷ সম্বন্ধত দুয়োজন মাতব্বৰ বিয়ৈ৷ এজনৰ ছোৱালী আন এজনৰ
ল’ৰাৰ সৈতে বিয়া হৈছে৷ এটা সময়ত কিবা কথাত দুয়ো মাতব্বৰৰ মত
পাৰ্থক্য হোৱাত ল’ৰা-ছোৱালী হালৰ
বিবাহ বিচ্ছেদ অৱধাৰিত হৈ পৰিল৷ বিবাহ বিচ্ছেদৰ বাবে তালাককলৈ দুয়োজন মাতব্বৰৰ
বিবাদ আৰম্ভ হ’ল৷ তালাকৰ বৈধতা সম্পৰ্কে দুয়োজন
মাতব্বৰে নগাঁও জিলাৰ (বৰ্তমান হোজাই) জয়নগৰ মাদ্ৰাছা আৰু দেওবন্দ মাদ্ৰাছাৰ পৰা
ফতোৱা আনিলে৷ সেই ফতোৱা আৰু তালাকক লৈ দুইজন মাতব্বৰৰ মাজত আৰম্ভ হোৱা বিবাদৰ মীমাংসাৰ
বাবে বৃহত্তৰ লংকাৰ মুছলমান সমাজৰ মুখীয়ালসকল বহুদিন চৌধুৰী চাচাৰ সেই চ’ৰা ঘৰটোত সমবেত হোৱা দেখিছোঁ৷ বিচাৰৰ দিনা দুয়ো পক্ষৰ
সমৰ্থকৰ ব্যাপক সমাগম হৈছিল৷ মানুহৰ কথা-বতৰাৰ পৰা এনে অনুভৱ হৈছিল যে ইছলামৰ
পবিত্ৰতা এই তালাকৰ কাৰ্যকৰীকৰণৰ ওপৰত নিৰ্ভৰশীল৷ বয়সস্থ মুখীয়ালসকলৰ চিন্তাৰ দৈন্যতাক
মোৰ কিশোৰ মনে মানি ল’ব পৰা নাছিল৷
(পৰৱৰ্তী খণ্ড অহা দেওবাৰে)
No comments