Page Nav

HIDE

শেহতীয়া:

latest

Ads Place

এজন প্ৰান্তিক লোকৰ অতীত ৰোমন্থন (৫ম খণ্ড) -আব্দুল মান্নান

যোৱাৰ সংখ্যাৰ পিছৰ পৰা... (৮) আমাৰ ককাহঁতৰ (আম্মাৰ আব্বা) তিনিজন ভাই-ককাই আছিল৷ ককাৰ পিতৃৰ নাম নৈমূল্লা। তেওঁ কুৰি শতিকাৰ তৃতীয় দশকৰ তদানী...



যোৱাৰ সংখ্যাৰ পিছৰ পৰা...

(৮)


আমাৰ ককাহঁতৰ (আম্মাৰ আব্বা) তিনিজন ভাই-ককাই আছিল৷ ককাৰ পিতৃৰ নাম নৈমূল্লা। তেওঁ কুৰি শতিকাৰ তৃতীয় দশকৰ তদানীন্তন বৃটিছ অসমৰ চিলেট জিলাৰ ডাদেশ্বৰ অঞ্চলৰ পৰা আহি নগাঁও জিলাৰ যমুনামুখৰ ৫ মাইলমান দূৰৈৰ বগুৰি অঞ্চলত থিতাপি লৈছিল। একেলগে অহা কেবাটা পৰিয়ালে মিলি গাঁও পাতি নাম দিছিল ডাদেশ্বৰী। ডাঙৰ ভাতৃ আৰু ডাঙৰ বৌৰ অকাল বিয়োগ ঘটাত তেওঁলোকে এৰি যোৱা সৰু ছোৱালীজনীক আইতাই তেওঁৰ লগলৈ লৈ আনিছিল৷ নাম খায়ৰুন নেছা৷ মই খাইৰুমাহী বুলি মাতিছিলোঁ৷ খাইৰুমাহী আৰু গাঁৱৰে এজন যুৱক মবাৰক আলীৰ মাজত এটা প্ৰেমৰ সম্বন্ধ গঢ়ি উঠিছিল৷ দুয়ো দুয়োকে বিচাৰে৷ কিন্তু আমাৰ ককা আৰু তেওঁৰ সৰু ভায়েক (কাৰী ককা)ৰ দুৰ্ঘোৰ আপত্তিৰ বাবেই তেওঁলোকৰ বিয়া নহ’ল৷ খাইৰুমাহীক ওচৰৰে উদালী (২নং)ৰ এজন যুৱকলৈ বিয়া দিছিল৷ কিন্তু ৬ মাহ মানৰ ভিতৰত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটিল৷ সৰুতে ককাৰ আপত্তিৰ কাৰণ বুজা নাছিলোঁ৷ অলপ বয়স বঢ়াত গম পালো৷ জাতপাতৰ (Caste) বিচাৰত যুৱকজন হেনো আছিল তথাকথিত নিম্ন বৰ্ণৰ– তেওঁ আছিল ‘কিৰান’৷ মই এনে মনোভাৱক বেয়া পাইছিলোঁ৷ এনে এটা ঘটনা ঘটিছিল মোৰ মাহীৰ ছোৱালী আলফিনাৰ বিয়াৰ দিনা৷ আমাৰ আম্মাৰ কোনো কন্যা সন্তান নাছিল৷ আম্মাই মাহীৰ ডাঙৰজনী ছোৱালীক আনি নিজৰ লগত ৰাখিছিল৷ তাই আমাৰ সৰু ভাইটিকেইটাৰ লগত প্ৰাইমাৰী স্কুললৈ গৈছিল৷ পঢ়াশুনাত ভাল আছিল৷ হাতৰ আখৰ আছিল সুন্দৰ৷ পৰীক্ষাত তাই সদায় প্ৰথম হৈছিল৷ ১৯৬৬ চনত HSLC পৰীক্ষা পাছ কৰি মই কটন কলেজত নাম লগাইছিলোঁ৷ বাল্যবিবাহৰ অভিশাপ সেই সময়ত আমাৰ সমাজৰ পৰা লুপ্ত হোৱা নাছিল৷ হঠাৎ খবৰ পালো আলফিনাক মাহীহঁতে লৈ গৈ বিয়া দিয়াৰ বন্দৱস্ত কৰিছে৷ পূজাৰ বন্ধৰ সময়ত বিয়াৰ দিন স্থিৰ হৈছে৷ বিয়াৰ দিনা আমি cousin বোৰে সকলোৱে মিলি খুব ফুৰ্তিৰ মাজতে গেট সজা, পেণ্ডেল ডেকৰেট কৰা, দৰাঘৰীয়াক আদৰা,  ইত্যাদিত ব্যস্ত আছিলোঁ৷ মনটো কিন্তু মোৰ ভাৰি ভাৰি লাগি আছিল৷ বাকীকিটাৰ দৰে ফুৰ্তি কৰিব পৰা নাছিলোঁ৷ হঠাতে শুনিলো আমাৰ ককাই দৰাৰ সৈতে এজন কিৰান যুৱক আহি দৰাৰ লগত মজলিছত বহাক লৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে বিয়াৰ কাৰ্য বৰ্জন কৰি এটা কোঠাত সোমাই কম্বল এখন উৰি শুই আছে৷ সকলো ত্ৰস্তমান৷ ঘৰৰ মূল মূৰব্বীজনৰ স্থিতিকলৈ মাহী-মোহাহঁত উদ্বিগ্ন৷ বাকীবোৰ বাকৰুদ্ধ৷ ল’ৰাজন দৰাৰ ঘনিষ্ঠ বন্ধু৷ মোৰ ধৈৰ্যৰ বান্ধ এটা সময়ত চিঙি গ’ল৷ খাইৰুমাহীৰ ক্ষেত্ৰত কৰা অন্যায়ৰ কথা বিলাক মনত পৰিল৷ তেতিয়া যথেষ্ট সৰু আছিলোঁ৷ বেয়া লাগিলেও প্ৰতিবাদৰ ভাষা বিচাৰি পোৱা নাছিলোঁ৷ এতিয়া মই এজন কলেজীয়া ছাত্ৰ৷ প্ৰতিবাদৰ ভাষা মোৰ মন মগজুত বিদ্যমান৷ মই ককা শুই থকা কোঠাটোত সোমাই মূৰৰ ফালৰ কম্বল আঁতৰাই ককাক কলো তেওঁ যিটো কাম কৰিছে সেইটো সম্পূৰ্ণ ইছলামৰ নীতি বিৰুদ্ধ৷ সমাজত সকলো ধৰণৰ উচ্চ-নীচ, বৰ্ণ বৈষম্য ইছলামে সম্পূৰ্ণ নিষিদ্ধ কৰিছে৷ এই কাৰ্য হজৰত মোহাম্মদ (দঃ)ৰ বৰ্ণবৈষম্যহীন সমাজ গঢ়াৰ নীতিৰ সম্পূৰ্ণ বিপৰীত৷ কোনো মুছলমানে এনে কাম কৰা অনুচিত৷ মোৰ কথাখিনিয়ে কাম দিলে৷ ককা লাহে লাহে বিছনাৰ পৰা উঠিল আৰু বিয়াৰ সকলো কাৰ্যত যোগ দিলে৷ মাহী-মোহা্য়েও স্বস্তিৰে উশাহ ল’লে৷

 

No comments

Latest Articles