যোৱাৰ সংখ্যাৰ পিছৰ পৰা... (১৪) মই প্ৰাইমাৰী স্কুলত থাকোতে এদিন ৰাতি হঠাৎ সাৰ পাই উঠিলোঁ৷ কোঠালিটোত এটা হুলস্থুলীয়া পৰিৱেশ৷ আব্বাই বিৰতিহীন...
যোৱাৰ সংখ্যাৰ পিছৰ পৰা...
মই প্ৰাইমাৰী স্কুলত থাকোতে এদিন ৰাতি হঠাৎ সাৰ
পাই উঠিলোঁ৷ কোঠালিটোত এটা হুলস্থুলীয়া পৰিৱেশ৷ আব্বাই বিৰতিহীন ভাৱে তেজবমি কৰি
আছে৷ বমিৰ লগত টুকুৰা টুকুৰ মাংসৰ দৰে পদাৰ্থ ওলাই আহিছে৷ হাতত ধৰা চিলিমছি সঘনাই
ভৰি উঠিছে৷ আম্মাই কান্দি কান্দি সেইবিলাক চাফা কৰি আছে৷ আম্মাৰ চকুত এক আতংক৷
মছজিদত পুৱতি নিশাৰ আজান দিছে৷ মছজিদত মানুহ গোট খোৱাৰ পাছত মই দৌৰী গৈ মছজিদৰ
ইমাম হাফিজ চাহাব নানাক আব্বাৰ অসুখৰ কথা কান্দি কান্দি কৈছিলোঁ৷ নামাজৰ পাছত আমাৰ
ঘৰত মানুহৰ ভীৰ লাগি গ’ল৷ খবৰ পাই ককা আৰু আইতা দৌৰী আহিল৷ ভিন্নজনে ভিন্ন উপদেশ
দিলে৷ আমাৰ চুবাটোত উত্তৰ প্ৰদেশৰ মুৰাদাবাদ চহৰৰ পৰা অহা এজন উৰ্দুভাষী ব্যক্তি
আছিল৷ তেওঁ যোগীজানত বিয়া কৰাইছিল৷ সকলোৱে তেওঁক হিন্দুস্তানৰ পীৰ চাহাব বুলি
সম্বোধন কৰিছিল৷ চুবাটোৰ কাজী নানাই তেওঁক যোগীজানৰ পৰা আনি অলপ মাটি দান কৰি
চুবাটোত সংস্থাপিত কৰিছিল৷ মানুহে বিশ্বাস কৰিছিল যে তেওঁৰ দৈৱী গুণৰ অধিকাৰী৷
পুৱা অন্য লোকৰ লগতে তেৱোঁ আহিছিল৷ আমি সেই সময়ত সম্পূৰ্ণভাৱে অসহায়৷ যোনে যি কয়
শুনাৰ বাহিৰে গত্যন্তৰ নাছিল৷ পীৰ চাহাবে কলে আব্বাক হেনো কোনোবাই বান্ধ (যাদু
কৰা) মাৰিছে৷ চিন্তা কৰিব নালাগে, তেওঁ তাবিজ দিব,
সকলো ঠিক হৈ যাব৷ উপস্থিত সকলোৱে হয়ভৰ দিলে৷
লংকাত চিকিৎসকৰ অভাৱত আমি ঘৰৰ মানুহখিনি সেই কথা শুনাৰ কোনো গত্যন্তৰ নাছিল৷ পীৰ
চাহাবৰ নিৰ্দেশত বজাৰৰ পৰা চিনামাটীৰ এখন নতুন ভাতৰ প্লেট কিনি অনা হ’ল৷ তেওঁ
সেইখনত জাফৰানেৰে তাবিজ লিখিলে৷ নদীৰ ত্ৰিসঙ্গ’মৰ পৰা এক বটল পানী আনিবলৈ দিলে৷
কাৰ্বি আংলঙৰ খেৰনীৰ ওচৰত দয়াং নদী আহি কপিলীত লগ লাগিছে৷ নূৰজামাল মামাই তাৰে পৰা
এক বটল পানী আনি দিলে৷ ৰাতিৰ পৰা সেই প্লেটখনত পানী ঢালি ঢালি আব্বাক খাবলৈ দিয়া
হ’ল৷ পীৰ চাহাবৰ নিৰ্দেশত কেবা দিনো মচলা আৰু জ্বলাবিহীন নিৰামিষ আহাৰ দিয়া হয়৷
হয়তো তাৰ বাবেই আব্বাৰ আৰু তেজ বমি হোৱা নাছিল৷ তেওঁ এটা তাবিজ লিখি ডিঙিত সূতা
এডালেৰে উলমাই ৰাখিবলৈ দিছিল৷ মোৰ ধাৰণা নিয়মিত পেট ভৰাই নিৰামিষ আহাৰ আৰু প্ৰচুৰ
পানী খোৱাৰ বাবেই তেওঁৰ পেটৰ আলচাৰ বহুখিনি প্ৰশমিত হৈছিল আৰু তেজ বমি হোৱা বন্ধ
হৈছিল৷
আব্বা আছিল এজন acute acidity থকা গেষ্ট্ৰিক বেমাৰী৷ দিনে ৩/৪ বাৰ খোৱা চোডা
চামুচে চামুচে খায়৷ খোৱাৰ অলপ পিছত ডাঙৰ উগাৰ আহে আৰু বেচ কিছু সময়ৰ বাবে আব্বাক
সুস্থ থকা যেন লাগে৷ চোডা ৰখা টিঙৰটেমা বিলাক সঘনাই বদলি কৰিবলগীয়া হৈছিল কাৰণ
টেমাবোৰ চোডাৰ খাৰৰ বাবে ক্ৰমান্বয়ে ক্ষয় হৈছিল৷ এই চোডাই হয়তো আব্বাৰ আন্ত্ৰিকৰ
বেয়াকৈ ক্ষতি কৰিছিল৷ এতিয়া ভাবিলে দুখ লাগে এইদৰে আব্বাই কেৱল আমাৰ বাবেই নিজকে
তিল তিলকৈ নিঃশেষ কৰি দিছিল৷ এই ঘটনাৰ সময়ত মোৰ বয়স ৭/৮ বছৰমান হৈছিল৷ স্বাভাৱিকত
মই আছিলো সমগ্ৰ ঘটনাৰ এক নিৰ্বাক দৰ্শক৷ একেদৰে আম্মাৰ বেমাৰৰ চিকিৎসাৰ নামত বহুতো
বেজ, কবিৰাজ, মৌলবী, পীৰ ফকিৰে ঠগিছিল৷ এইবোৰৰ মূলতে আছিল চিকিৎসা ব্যৱস্থাৰ অপ্ৰতুলতা আৰু মানুহৰ
অজ্ঞতা৷ সেই সময়ত বজাৰবোৰত বাত, পিত্ত, বিষ, বেদনাৰ ঔষধ বিক্ৰি কৰি কিছুমান মানুহ (কেনভাচাৰ) কথাৰ ফুলজাৰিৰে মানুহ পতিয়ন
নিয়াই ঔষধ বেছি থকা দেখিছিলোঁ৷ প্ৰায়ে ভাব হৈছিল আব্বাই কিনি নি খালে আব্বা ভাল হৈ
যাব৷ কিন্তু কোনোদিন আব্বাই সেইবোৰ খোৱা নাছিল৷ হয়তো জানিছিল এই ঠগবাজবোৰৰ অজ্ঞ
মানুহক ঠগোৱাৰ এই কৌশলবোৰৰ কথা৷
আগলৈ
No comments