Page Nav

HIDE

শেহতীয়া:

latest

Ads Place

এজন প্ৰান্তিক লোকৰ অতীত ৰোমন্থন -আব্দুল মান্নান (২)

    যোৱাৰ সংখ্যাৰ পিছৰ পৰা... আমাৰ আ ব্বা ৰ নাম সুনাহৰ আলী৷ ককাৰ নাম ফৈজুল্লা৷ আব্বাৰ মুখত শুনামতে ককাহঁতৰ ঘৰ আছিল অবিভক্ত ভাৰতৰ চিলেট...

 


 

যোৱাৰ সংখ্যাৰ পিছৰ পৰা...




আমাৰ আব্বাৰ নাম সুনাহৰ আলী৷ ককাৰ নাম ফৈজুল্লা৷ আব্বাৰ মুখত শুনামতে ককাহঁতৰ ঘৰ আছিল অবিভক্ত ভাৰতৰ চিলেট জিলাৰ চাতকৰ ওচৰৰ মহিশাশন ৰেল ষ্টেচনৰ কাষৰ এখন গাঁৱত৷ পাণ্ডৱ বৰ্জিত এটা আৰ্দ্ধ জলাশয় অঞ্চল৷ বছৰটোত সাত-আঠ মাহ প্ৰায় পানীৰ তলত থাকে বুলি কব পাৰি৷ গাঁওখনৰ মানুহবোৰৰ আৰ্থিক অৱস্থা খুবেই শোচনীয় আছিল৷ ককাৰ তিনিজন পুত্ৰ সন্তান আছিল৷ আব্বা আছিল সৰু৷ ডাঙৰজন কম বয়সতে ঢুকাইছে৷ ককা আৰু আইতাকো আব্বাই বাল্যকালতেই হেৰুৱাইছে৷ আগতেই উল্লেখ কৰিছোঁ যে মাজু বৌৱেকৰ অত্যাচাৰত আব্বাই পিতৃ ভেটি চিৰদিনৰ কাৰণে ত্যাগ কৰি ঘৰৰপৰা ওলাই গৈছিল৷

 

আমাৰ আব্বা আছিল নিৰক্ষৰ৷ আগতে উল্লেখ কৰা চাৰঙ্গজনে চহীটো কৰিবলৈ শিকাইছিল৷ আববাই কঁপা কঁপা আখৰেৰে চহীটো কৰিব পাৰিছিল, কিন্তু আখৰ (alphabat) চিনি নাপাইছিল৷ নিজে নিৰক্ষৰ হলেও শিক্ষাৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল অপৰিসীম৷ মই আজি যি হৈছোঁ সেয়া একমাত্ৰ (মূলতঃ) মোৰ আব্বাৰ কাৰণেই সম্ভৱপৰ হৈছে৷ অৱশ্যে লংকা প্ৰাইমাৰী স্কুল আৰু লংকা হাইস্কুলত আমাক গঢ় দিয়া মহান শিক্ষাগুৰুসকলৰ অৱদানো আছিল অসীম৷ ১৯৫৪ চনৰ জানুৱাৰী মাহত এদিন আব্বাই মামাক (আব্দুল খালেক) লগত লৈ মোৰ হাতত ধৰি আমাৰ ঘৰৰ পৰা প্ৰায় দেড় কিঃ মিঃ দূৰৈৰ লংকা প্ৰাইমাৰী স্কুললৈ লৈ যায় আৰু নাম ভৰ্তি কৰাই দিয়ে৷ মই স্কুললৈ যাবলৈ খুব আগ্ৰহী আছিলোঁ৷ আমাৰ স্কুলৰ গাতে এটা ডাঙৰ পুখুৰী৷ পুখুৰীটোৰ পাৰতে এজোপা প্ৰকাণ্ড জামুগছ আছিল৷ জামু পকা বতৰত গছৰ তলত সৰকা জামু পুখুৰীৰ পানীত ধুই আনি খাওতে কেতিয়াবা কাপোৰত দাগ লাগিছিল৷ সেইটো আছিল আমাৰ কাৰণে ফুৰ্তিৰ কাৰণ৷ স্কুলৰ প্ৰধান শিক্ষক সৎমল বৰুৱা চাৰ পৰিয়ালসহ স্কুল চৌহদত বাস কৰিছিল| স্কুলত আৰু  চাৰিজন শিক্ষক আছিলধনেশ্বৰ শইকীয়া, লক্ষীকান্ত শৰ্মা আৰু দুজন শিক্ষক আছিল, নাম মনত পৰা নাই৷ প্ৰাইমাৰী স্কুলত পঢ়া দিনৰ কিছু ডুখৰীয়া ছবি মোৰ মানসপটত এতিয়াও সজীৱ হৈ আছে৷ ছাৰসকলে আমাক খুব মৰম কৰিছিল, লগতে শাসনো কৰিছিল৷ মই ক শ্ৰেণীৰ পৰা খ শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হৈছিলোঁ৷ হাতৰ আখৰৰ বাদে বাকী সকলো পৰীক্ষা আছিল মৌখিক৷ ৰিজাল্ট ঘোষণা কৰি বৰুৱা ছাৰে মোক ওচৰলৈ মাতি নি মূৰত হাত ফুৰাই কলে তই সকলোতে এশৰ ভিতৰত এশ পাইছ৷ আগলৈ আৰু ভালকৈ পঢ়িবি৷ তহঁতেই দেশৰ ভৱিষ্যত, দেশ তহঁতে গঢ়িব লাগিব”৷ প্ৰথম শ্ৰেণীত পঢ়ি থাকোতে মই ২৩ দিন স্কুললৈ যাব পৰা নাছিলোঁ৷ মোৰ টাইফড জাতীয় জ্বৰ হৈছিল৷ তৃতীয় দিনা সৎমল বৰুৱা ছাৰ আৰু ধনেশ্বৰ শইকীয়া ছাৰ আবেলি আমাৰ ঘৰ ওলাইছিল৷ মোৰ ভীষণ জ্বৰ ১০৪/১০৫ ডিগ্ৰীলৈ জ্বৰ উঠিছিল৷ মাঁহতে মূৰত পানী ঢালি আছে৷ পানীৰ নলীডাল আঁতৰাবই নোৱাৰি, মূৰটো ফাটি যাও ফাটি যাও যেন লাগে৷ সেই সময়ত ভাল চিকিৎসাৰ কাৰণে লংকাত কোনো প্ৰশিক্ষিত ডাক্তৰ নাছিল, এম বি বি এছ ডাক্তৰ বহু দূৰৰে কথা৷ ছাৰ দুজনে মোৰ নিৰক্ষৰ আব্বা-আম্মাক নানা দিহা-পৰামৰ্শ দি মোৰ মূৰত দুয়োজনে হাত বুলাই মাঁহতক চিন্তা নকৰিবলৈ সাহস দি বিদায় লয়৷ ছাৰসকলে মই সম্পূৰ্ণ ভাল হৈ স্কুললৈ যোৱা সময়লৈ প্ৰায়ে মোৰ খবৰ লৈ আছিল৷ সৎমল বৰুৱাৰ, ধনেশ্বৰ শইকীয়া ছাৰসকলক আদি কৰি প্ৰাথমিকস্তৰৰ শিক্ষাগুৰুসকলে মোৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছে৷

 

স্বাধীনতা লাভৰ সময়ৰ আগে-পিছে পূৰ্ববংগৰ পৰা অহা কেইজমান অলপ শিক্ষিত লোকে ফাৰ্মাচী খুলি ঔষধৰ ব্যৱসায় কৰিছিল৷ সত্যেন ডাঃ, অজিৎ (ৰয়), ডাঃ কেচকেচি, মজুমদাৰ (চৰ্যাশ্ৰী) আদি আছিল লংকাবাসীৰ বাবে চিকিৎসক৷

 

প্ৰথমজন MBBS ডাক্তৰ ননীগোপাল বৰা লংকালৈ আহে ১৯৬২/৬৩ মানত৷ তেওঁ অসমৰ বিশিষ্ট ৰাজনৈতিক নেতা (সমাজবাদী) নিবাৰণ বৰাৰ ভাতৃ আছিল৷ লংকা বন বিভাগৰ ৰেঞ্জ অফিচৰ সন্মুখত থকা ক্ষেত্ৰপালৰ বিৰাট চৌহদত এটা ঘৰ ভাৰাত লৈ তেওঁৰ কণিষ্ঠ ভাতৃক লগত ৰাখি নিজৰ Practice আৰম্ভ কৰিছিল৷

 

প্ৰাইমাৰী স্কুলত পঢ়ি থকা দিনৰ কেইটামান আমোদজনক ঘটনা আজিও মোৰ মনত সজীৱ হৈ আছে৷ প্ৰথমমান শ্ৰেণীত পঢ়ি থাকোতে এদিন শ্ৰেণী শিক্ষকে হাতৰ কাম হিচাপে ঘৰৰ পৰা এটা মাটিৰ আম বনাই আনিব দিলে৷ ঘৰত চেষ্টা কৰিছোঁহে কৰিছোঁ, কিন্তু আমৰ আকাৰ সঠিকভাৱে মই দিব পৰা নাই৷ মোৰ এগৰাকী মাহী আছিল৷ মোতকৈ তিনিবছৰমান ডাঙৰ৷ আম্মাৰ মামাৰ ছোৱালী, নাম জমিৰা খাতুন৷ তেওঁ মোক আমটো বনাই দিলে৷ পিছদিনা স্কুললৈ লৈ গলোঁ৷ এটা সৰু অমিতা গছৰ পৰা চিঙি আনি তাৰ ওপৰত মাটিৰ প্ৰলেপ দি মাহীয়ে আমটো বনাইছিল৷ বালসুলভ সৰলতাৰে কথাটো মই সহপাঠীবিলাকক কৈছিলোঁ৷ ছাৰে আমটোৰ প্ৰশংসা কৰি দহৰ ভিতৰত ন নম্বৰ দিয়াত সমনীয়া এজনে ঈৰ্ষাতে ছাৰক কথাটো কৈ দিলে৷ আমটোৰ মাটি এৰাই দিয়াত ভিতৰৰ অমিতাটো ওলাই পৰিল৷ চাৰে মৃদু স্বৰত কামটো বেয়া হৈছে বুলি কৈ ভৱিষ্যতে তেনে বেয়া কাম নকৰিবলৈ সকীয়াই দিলে৷ নম্বৰ কিন্তু নাকাটিলে৷ আমি প্ৰাইমাৰী স্কুলত পঢ়ি থাকোতে প্ৰতিটো শ্ৰেণীৰ বাবে তিনিজন ছাত্ৰক মন্ত্ৰী নিয়োগ কৰিছিল প্ৰধান শিক্ষকে৷ এজন মুখ্যমন্ত্ৰী, এজন স্বাস্থ্য মন্ত্ৰী আৰু এজন ছাফাইমন্ত্ৰী৷ গোটেই স্কুলৰ বাবে এজন প্ৰধানমন্ত্ৰী৷ প্ৰধানমন্ত্ৰীৰ কাম শ্ৰেণীকোঠাৰ বাহিৰত কোনো ছাত্ৰই স্কুলৰ কিবা নিয়ম ভংগ কৰিছে নে নাই চোৱাচিতা কৰা আৰু তেনে অনিয়ম কোনোবাই কৰা দেখিলে প্ৰধান শিক্ষকক অৱগত কৰা৷ আমি তৃতীয় শ্ৰেণীত পঢ়ি থাকোতে আমাৰ এজন বন্ধু ৰণজিৎ চন্দ্ৰ দাসক প্ৰধানমন্ত্ৰী নিয়োগ কৰা হৈছিল৷ সি দেখাত আমাৰ সকলোৰে ভিতৰত অলপ ডাঙৰ যেন লাগিছিল৷ মই আছিলোঁ তৃতীয় শ্ৰেণীৰ মুখ্যমন্ত্ৰী৷ সেইবাৰ সৰস্বতী পূজাৰ সময়ত কেইটামান সৰু সৰু টিম গঠন কৰি টিঙৰ টেমা কাগজেৰে আঠা লগাই চিল (seal) কৰি বজাৰত পূজাৰ চান্দা তুলিবলৈ ছাৰসকলে আমাক পঠিয়াইছিল৷ আমি অতি আনন্দেৰে চান্দা তুলিবলৈ ওলাই গৈছিলোঁ৷ মই আছিলোঁ এটা টিমৰ লিডাৰ৷ সেই সময়ত (১৯৫৮) লংকা বজাৰখন আছিল তেনেই সৰু৷ দোকানীসকলে দুই অনা এক অনা সৰ্ব্বোচ্ছ চাৰি অনা চান্দা টেমাটোত ভৰাই দিছিল৷ দিনটো চান্দা তুলি স্কুললৈ ঘূৰি যোৱাৰ আগে আগে কিমাননো চান্দা তুলিলো জনাৰ বাবে দলটোৰ সকলোৰে বৰ আগ্ৰহ হৈছিল৷ এঠাইত বহি কাগজৰ চিল ছিঙি আৰু টেমাৰ খাফৰ খুলি পইচাখিনি হিচাপ কৰি পালো আমাৰ দিনটোৰ পৰিশ্ৰমৰ অন্তত আমি ৩১ টকা ১২ অনা পইচা উঠাবলৈ সক্ষম হৈছো৷ পইচাখিনি পুনৰ টেমাত ঢালি খাফৰ মাৰি স্কুললৈ গৈ প্ৰধান শিক্ষকৰ হাতত জমা দিলো৷ চিল খোলা দেখি চাৰে এইটো বেয়া কাম হৈছে বুলি আমাক সকলোকে সকীয়োৱাৰ লগতে ভৱিষ্যতে তেনে কাম নকৰিবলৈ সাৱধান কৰি দিছিল৷ বাকী সকলোবোৰ টিমৰে টেমাৰ চিল আছিল অক্ষত৷ আটাইবোৰ টেমা হিচাপ কৰি উঠাত দেখা গল সাতটা টিমৰ ভিতৰত আমাৰ টিমটোৱে বেছি পইচা উঠাবলৈ সক্ষম হৈছে৷


(পৰৱৰ্তী খণ্ড অহা দেওবাৰে)

No comments

Latest Articles