কেইবাটাও অস্কাৰ বটাঁ বিজয়ী Cinema Paradiso ” নামৰ প্ৰখ্যাত ইটালীয়ান ছবিখনৰ পৰিচালক জিউচেপে টৰ্নাটৰ তেওঁৰ আবে আৰু আন্তৰিকতাপূৰ্...
কেইবাটাও অস্কাৰ বটাঁ বিজয়ী Cinema Paradiso” নামৰ প্ৰখ্যাত ইটালীয়ান ছবিখনৰ পৰিচালক জিউচেপে টৰ্নাটৰ তেওঁৰ আবে আৰু আন্তৰিকতাপূৰ্ণ
কাহিনীবোৰৰ বাবে সুপৰিচিত। তেওঁৰ সৰ্বাধিক জনপ্ৰিয় ছবি, চিনেমা
পেৰাডিচ’ (1988), যি চিত্ৰশিল্পৰ যাদুৰ এক মোহনীময় উদাহৰণ, যিয়ে স্মৃতি আৰু হেৰুৱা অতীতৰ গভীৰতাক
ব্যক্তিগতভাবে অনুসন্ধান
কৰে।
ইটালীয় চলচ্চিত্ৰৰ এই বিশিষ্ট পৰিচালক তথা চিত্ৰনট্যকাৰজনে ২৭ মে ১৯৫৬ চনত চিচিলীয়া
নামৰ এখন সৰু চহৰ বাঘহেৰীয়াত জন্মগ্ৰহণ কৰিছিল। চলচ্চিত্ৰৰ সৈতে জড়িত হোৱাৰ পূৰ্বে তেওঁ
এজন ফ্ৰীলাঞ্চাৰ সাংবাদিকৰূপে কৰ্ম জীৱন আৰম্ভ কৰে৷ তাৰ পিছতহে চলচ্চিত্ৰ নিৰ্মাণত হাত দি কেইবাখনো কাহিনী ছবি আৰু
তথ্যচিত্ৰ নিৰ্মাণ কৰে।
টৰ্নাটৰৰ ছবিবোৰে প্ৰায়ে প্ৰেমৰ , স্মৃতি, আৰু শিল্পৰ
পৰিবৰ্তনশীল শক্তিৰ কথা
চৰ্চা কৰে। তেওঁৰ ছবিৰ কাহিনীবোৰ সাধাৰণতে নিজৰ জন্মস্থান চিচিলীৰ পটভূমিত হোৱা দেখা যায়, যিয়ে তেওঁৰ উপস্থাপনাত এক গভীৰ ব্যক্তিগত
আৰু আঞ্চলিকতাৰ স্পৰ্শ দেখা যায়। উদাহৰণস্বৰূপে তেখেতৰ বহুলভাৱে চৰ্চিত, চিনেমা
পেৰাডিচ’ত, টৰ্নাটৰে এখন সৰু চিচিলিয়ান চহৰৰ পৰিসৰ ব্যৱহাৰ কৰে যাৰ
দ্বাৰা যুৱ প্ৰজন্মৰ এক সাৰ্বজনীন
বিষয়বস্তু, চিৰযুগমীয়া বন্ধুত্ব আৰু চলচ্চিত্ৰ শিল্প
কলাৰ স্থায়ী
শক্তিৰ বিষয়ে সমৰ্থক বিষয়বোৰ অন্বেষণ কৰে। ছবি নিৰ্মাণৰ ক্ষেত্ৰত লক্ষ্য কৰা যায় যে
তেওঁৰ চৰিত্ৰবোৰৰ আৰু তেওঁলোকৰ আৱেগিক যাত্ৰাৰ প্ৰতি থকা গভীৰ সংবেদনশীলতা, ব্যক্তিগত পৰ্যায়ত দৰ্শকৰ মাজত অনুৰণন ঘটোৱা ছবিৰ সৃষ্টি। এনেদৰে তেওঁৰ ছবিৰে প্ৰায়ে নষ্টালজিক, অতীতৰ প্ৰতি আকাংক্ষাৰ ভাৱ জগাই তুলি
দৰ্শকৰ মন আৰু মস্তিষ্কক
মাদকতাময়ী তথা বিষাদমলিন আবেগৰে ডুবাই ৰাখে।
টৰ্নাটৰৰ ছবিসমূহ উচ্চমানৰ চিনেমেট’গ্ৰাফী, , উদ্দীপকময়ী
সংগীত,
বাস্তৱবাদ আৰু কল্পনাৰ সুমিশ্ৰণৰ বাবে
পৰিচিত। সঙ্গীতজ্ঞ Ennio Morriconeৰ সৈতে তেওঁৰ সহযোগিতাই আধুনিক ইটালীয়
চিনেমাৰ চিত্ৰশিল্পৰ
কেইবাটাও অন্যতম স্মৰণীয় চলচ্চিত্ৰীয় সুৰ সৃষ্টি কৰিছে, যিয়ে
তেওঁৰ ছবিসমূহত অধিক আবেগ আৰু স্মৃতিকাতৰাত্মক পৰিসৰ বৃ্দ্ধি কৰিছে। ‘মালেনা’ৰ (২০০০/Malena) দৰে ছবিত টৰ্নাটৰৰ স্বকীয় শৈলী প্ৰদৰ্শন কৰে, য’ত মৰিক’নৰ সুৰৰ সৈতে মিলি সৃষ্টি কৰা
ৰসাল দৃশ্যই এক সাধুকথাৰ দৰে পৰিৱেশৰ সৃষ্টি কৰে, যদিও ছবিখনে যুদ্ধ আৰু সমাজৰ ভণ্ডামীৰ দৰে গুৰুতৰ বিষয়বস্তুৰ অধিক
গুৰুত্ব দিয়ে। ‘মালেনা’, Cinema Paradisoৰ পিছত টৰ্নাটৰৰ
আন এখন উল্লেখনীয় নাটকীয় ছবি য’’;ত সৌন্দৰ্য, ইচ্ছা আৰু সমাজৰ
বিচাৰ-বিশ্লেষণৰ বিষয়ে আলোকপাত কৰা হৈছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ ইটালীৰ এখন সৰু
চিচিলিয়ান চহৰ পৰিপ্ৰেক্ষিতত উপস্থাপন কৰা ছবিৰ কাহিনীটো ৰেনাটো নামৰ এজন চেমনীয়া
ল’ৰাৰ যি মালেনা নামৰ এগৰাকী অতি সুন্দৰী মহিলাৰ প্ৰতি আকৰ্ষণ প্ৰকাশ কৰে। তাৰ
সমান্তৰাল ভাবে সেই সময়ৰ যুদ্ধৰ পৰিস্থিতিৰ মাজত তেওঁলোকৰ জীৱন কেনেকৈ প্ৰভাৱিত হয়
তাকেই ছবিখনত প্ৰতিফলিত কৰিছে। মালেনাৰ সৌন্দৰ্যই ছবিখনৰ কেন্দ্ৰীয় বিষয়, কিন্তু যুদ্ধক্ষেত্ৰত গৈ তাইৰ স্বামী
নিখোজ হোৱাত তাই আনপুৰুষৰ বাবে এক পণ্যৰূপী সামগ্ৰী হৈ পৰে আৰু আন মহিলাৰ বাবে তাই
ঈর্ষাৰ পাত্ৰ হয়। তেতিয়া তাইৰ এই ৰূপ,- সৌন্দৰ্য, এক অভিশাপলৈ পৰিণত
হয়। আনহাতে চেমনীয়া ৰেনাটোৱে জীৱনৰ যাত্ৰাত তাৰ সেই বয়সতে প্ৰেম,ৰ ইচ্ছা আৰু মানৱীয়
প্ৰকৃতিৰ জটিলতাৰ বিষয়ে শিকিবলৈ একপ্ৰকাৰ বাধ্য হয়।
ইটালীৰ তথা ইউৰোপৰ প্ৰখ্যাত অভিনেত্ৰী Monica Anna
Mariaই মালীনাৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ আন এটা আকৰ্ষনীয় দিশ হৈছে
ইয়াৰ সংঙ্গীত। “দ্যা গুড দ্যা বেড দ্যা আগলী” “দ্যা বেটেল অব আলজেৰিয়া”ৰ দৰে
প্ৰখ্যাত ছবিসমহত সংঙ্গীত ৰচনা তথা ২০০৭ চনত অস্কাৰ বটাঁ বিজয়ী সুৰকাৰ Ennio
Morriconeৰ
সংঙ্গীতে ছবিখনক অধিক আকৰ্ষনীয় কৰিছে। তেওঁৰ ব্যক্তিগত কাহিনীবোৰ আৰু চিত্ৰশিল্পৰ
অভিব্যক্তিৰ এক বিশেষ সংমিশ্ৰণে টৰ্নাটৰক এক পৰিচালক হিচাপে আনৰ পৰা পৃথক কৰে।
তেওঁৰ চলচ্চিত্ৰবোৰত তেওঁৰ নিজৰ অভিজ্ঞতা আৰু ইটালীৰ চিচিলী অঞ্চলৰ সংস্কৃতিৰ সৈতে
গভীৰভাৱে সোমাই থাকে, যদিও ব্যক্তি
বিশেষৰ গল্প কোৱাৰ কথনশৈলী আৰু প্ৰকাশভংগীৰ অনন্য মিশ্ৰণেৰে পৰিচালক হিচাপে টৰ্নাটৰে
এক স্বকীয়তা বহন কৰি আহিছে। তেওঁৰ ছবিসমূহ জন্মভূমি চিচিলিৰ সংস্কৃতিৰ মাজত শিপাই
থকা স্বত্তেও ই সমগ্ৰ বিশ্বৰ দৰ্শকৰ সৈতে সাঙোঁৰ খাই থকা বিশ্বজনীন বিষয়বস্তুৱে
দৰ্শকৰ আবেগক সহজে স্পৰ্শ কৰি যায়। ইটালীৰ অন্যতম প্ৰিয় আৰু সন্মানীয় পৰিচালক
হিচাপে সুনাম অৰ্জন কৰা টৰ্নাটৰৰ ছবিয়ে সমগ্ৰ বিশ্বৰ দৰ্শকৰ হৃদয় চুই গৈছে।
‘বাৰিয়া’ হৈছে
পৰিচালক জিউচেপে টৰ্নাটৰৰ আন এক মহান সৃষ্টি। প্ৰেম,, বিবাহ,, , যৌৱন আৰু
বৰ্দ্ধক্য, জীৱন,, , দৰিদ্ৰতা আৰু শোষণ, , মাফিয়া,,,
কৃষিভুমি সংস্কাৰ, , ফেচিবাদৰ উত্থান-পতন, , সাম্যবাদ আৰু
ধৰ্ম্মীয় সংঘাত,, পৰম্পৰা, প্ৰথাৰ গুৰুত্বৰ লগতে সামাজিক পৰিৱৰ্তনৰ লেহেমীয়া গতি আদি বিষয়ৰে
পৰিপূৰ্ণ এই চিনেমাখন। ছবিখন বিদেশী দৰ্শকৰ বাবে কিছু জটিল। বিশেষকৈ ছবিখনত
ৰাজনৈতিকভাৱে কেতিয়া আৰু কাক কোনে কি কৰিছে সেয়া, ধৰিব
পৰা সহজ নহয়। উদাহৰণ স্বৰূপে চিত্ৰশিল্পী কমিউনিষ্টকৰ্মী ৰেনাটো গুট্টুছ’ই অধিক
গুৰুত্ব পাবলৈ ধৰে, কিন্তু ইটালীৰ বাহিৰত
তুলনামূলকভাৱে বহু কম সংখ্যক লোকেহে তেওঁ বাঘেৰিয়াৰ নাগৰিকসকলৰ বাবে আগবঢ়োৱা
অবদান তথা তাৎপৰ্য্যৰ বিষয়ে আবগত।
নিজ জন্মভুমি বাঘেৰিয়াত প্ৰচলিত চিচিলিয়ান স্থানীয় ভাষাত নিৰ্মিত Baarìa ছবিখনে সেই সময়ৰ
বাঘেৰিয়া নামৰ গাঁওখনৰ তিনিটা প্ৰজন্মৰ পাঁচটা দশকৰজোৰা আত্মজীৱনীমূলক কাব্য।
ছবিখনৰ কাহিনী ১৯২০ চনৰ পৰা আৰম্ভ হয়৷ পেপিনোয়ে তেওঁৰ ভাতৃ নিনো আৰু তেওঁৰ
পিতৃ-মাতৃৰ সৈতে এটা জুপুৰি ঘৰত থাকে। তেওঁলোক ইমানেই দুখীয়া যে
পৰিয়ালটো পোহপাল দিয়াত
দেউতাকক সহায় কৰিবলৈ পেপিনোয়ে ঘৰে ঘৰে গৈ গাখীৰ বিক্ৰী কৰিবলৈ বাধ্য
হয়। পঢ়াশুনা এক প্ৰকাৰ বাদ পৰে৷ , এইদৰে
কৈশোৰ পাৰ কৰে৷ , জীৱন আগবাঢ়ি
গৈ থাকে আৰু সেই সযয়তে তেওঁ মানিনা নামৰ গাভৰু এজনীৰ প্ৰেমত পৰি বিয়াৰ
সপোন দেখে। কিন্তু মানিনাৰ পৰিয়ালে ইয়াত সন্মত নাছিল , কাৰণ তেওঁলোকে কোনোবা ধনী ঘৰৰ লৰাৰ
সৈতেহে মানিনাৰ বিয়াৰ কথা ভাবিছিল। উপাই নেদেখি সেয়ে দুয়ো
পলায়ন কৰে - আৰু ইয়াতেই ছবিখনৰ সযয়
আগুৱাই যায় চৰিত্ৰবোৰ ডাঙৰ হৈ একোজন পূৰ্ণবয়স্ক মানুহ হৈ পৰে।
এইখিনিৰ পৰাই এক উল্লেখীয় ঐতিহাসিক তথা ৰাজনৈতিক পৰিবৰ্তনৰ মাজেৰে
ছবিখন আগ বাঢ়ে , যত ইল ডুচ নামৰ এজন মাফিয়া, দ্বিতীয়
বিশ্বযুদ্ধ আৰু আমেৰিকানসকলৰ ইটালীত আগমন হয়। কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো
হ’ল পেপিনোৰ আদৰ্শবাদী ধাৰণা যত তেওঁৰ ভৱিষ্যত ৰাজনীতিত নিহিত হৈ আছে। তেওঁ
কমিউনিষ্ট হৈ স্থানীয় আগ শাৰীৰ নেতা হৈ উঠে৷ , শেষত আনকি
ষ্টেলিনৰ সৈতে সাক্ষাৎ কৰাৰ সুযোগ পাই মস্কোলৈ যায়। ভূমি সংস্কাৰ আৰু সমাজবাদৰ
বাবে জনসাধাৰণক সংগ্ৰাম কৰাত সহায় কৰিবলৈ বৰিয়ালৈ উভতি আহে, ইয়াত
মানিনাৰ সৈতে এক সুখৰ জীৱন অতিবাহিত কৰে আৰু তেওঁলোকৰ সন্তান জন্ম হয়। এইখিনি
সময়ত তেওঁ এজন সফল ৰাজনীতিবিদ হোৱাৰ সপোনত ডুব গৈ থাকে কিন্তু পৰিস্থিতি সপক্ষে যিটো
সপোন যিমানেই ঠুনুকা সিমানেই অলীকো আছিল।
ছবিখনে সময়ৰ লগে লগে আগলৈ বা পিছলৈ প্ৰকট গৈ থাকে আৰু ইয়াত কোনো সৰল ৰৈখিক কাহিনী নাই৷ কাহিনীৰ ভিতৰত আৰু
বাহিৰত ভুমুকি মৰা চৰিত্ৰবোৰৰ
বিষয়ে দৰ্শকক স্পষ্ট ধাৰণা দিয়াতকৈ বৰং টৰ্নাটৰে বাৰিয়াত ডাঙৰ-দীঘল হোৱাৰ অতীতৰ জীৱনৰ স্মৃতিৰ
টুকুৰাবোৰৰ প্ৰতিহে বেছি আগ্ৰহী
হোৱা দেখা যায়। শিশুৰ সৰলতাক প্ৰাপ্তবয়স্কতকৈ অধিক জ্ঞানী যেন লাগে। কিন্তু ছবিখন যেনেদৰেই নলওক
কিয় – ই কাহিনীকাৰ বা লিখক , চিত্ৰনাট্যকাৰৰ
তথা পৰিচালকৰ জীৱনৰ স্মৰণীয় মুহূৰ্তৰ মিশ্ৰণ
– যিয়ে পৰ্দাৰ বাবে সৃষ্টি হোৱা কিছুমান আতক ধুনীয়া মুহূৰ্তৰ দৃশ্য, যেনে
পেপিনোৰ পিতৃয়ে মৃত্যুৰ অগমুহুৰ্তত পুত্ৰলৈ হাত আগবঢ়াই দিয়া, আৰু পুত্ৰই ৰেলত উঠি ৰোমলৈ যোৱাৰ সময়ত পেপিনোৱে
ডাঙৰ পুত্ৰক দিয়া পৰামৰ্শ: পুত্ৰই
সুধিছে,, “;মানুহে আমাক কিয়
বেয়া ধৰণে সম্মোধন কৰে”৷ উত্তৰত
পেপিনোৱে কয়,, “;কাৰণ
আমি ভাবো যে আমি বিশ্বব্ৰহ্মাণ্ডক আকোৱালি
লব পাৰো৷ , কিন্তু আমাৰ বাহু দুটা যে বহুত সৰু। পেপিনোৱে পুত্ৰক জ্ঞান দিয়ে যে যিকোনো মূল্যতে
নিজৰ হৃদয়ক অনুসৰণ কৰিবা আৰু তাতেই
সন্তুষ্টি পাবা। এনে মুহুৰ্তত ছবিখনত ক্লাইমেক্স সৃষ্টি হয়৷ দৰ্শকৰ চকু কপালত তুলিব পৰা স্মৃতিৰে ভৰা এটা ধনৰ
ভৰাঁল খুলি দিয়াৰ দৰে৷ লগতে এননিও
মৰিকোনেৰ সৃষ্টি কৰা সংগীতৰ মূচ্চনাৰে আবেগৰ সোতঁ তীব্ৰ ভাবে বোৱাই দিয়ে।
ইটালী আৰু চিচিলিত টৰ্নাটৰক ইমানেই উচ্চ সন্মান দিয়া হয়, যে ইটালীৰ অতি বিখ্যাত অভিনেতাসকলেও তেওঁৰ এখন ছবিত
কাম কৰাৰ সুযোগৰ বাবে বহু
অপেক্ষা কৰিব লগীয়া হয়। কেৱল পৰিচালকজনৰ সান্নিধ্যত থাকিবলৈ যিকোনো ভূমিকাত অবৰ্ত্তীণ হবলৈও কুণ্ঠাবোধ নকৰে।
তথাপিও মন কৰিবলগীয়া কথা
যে বাৰিয়া ছবিখনৰ মূল
চৰিত্ৰসমূহ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত টৰ্নাটৰে স্থানীয় কম পৰিচিত চিচিলিয়ান
অভিনেতাৰ ওপৰত গুৰুত্ব দিছিল যাতে তাৰ স্থানীয়লোকৰ মাজত প্ৰচলিত ভাষা তথা পৰম্পৰা নিখুটভাৱে
ফুটি উঠে আৰু এই ক্ষেত্ৰত পেপিনো আৰু মানিনা
চৰিত্ৰত অভিনয় কৰা ফ্ৰান্সেস্কো স্কিয়ানা আৰু হৈছে মাৰ্গাৰেথ মেডে - দুয়োজনেই
নিজৰ চৰিত্ৰত সফল হৈছে। সাধাৰণতে ছবিবোৰতৰ তেওঁ দেখুওৱা চৰিত্ৰবোৰ সমাজৰ কোনো
গুৰুত্বপূৰ্ণ ব্যক্তি নহয় বৰঞ্চ স্বাভাৱিক ভাৱে থকা সাধাৰণ মানুহ যিয়ে প্ৰতিদিনে
নিজৰ সৰু ডাঙৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি থাকিব লগীয়া হয়,,, স্বাভাৱিক জীৱন
চলাবলৈ আৰু নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ চেষ্টা কৰে, নতুবা
কেৱল সপোনহে দেখি থাকিব লগীয়া হয়।
টৰ্নাটৰৰ ছবিবোৰে সাধাৰণতে হেৰুৱাৰ থীমক চৰ্চা কৰে,, , সেয়া হ;ব পাৰে - প্ৰিয়জনক হেৰুৱা, , জীৱনযাত্রাত
হেৰুৱা এক অধ্যায় , অথবা সমগ্ৰ পৃথিৱীকে
হেৰুৱা। এই থীমবোৰ সাধাৰণতে এক গভীৰ আবেগিক আৰু ব্যক্তিগত দৃষ্টিৰে অনুসন্ধান কৰা হয় , যেতিয়া
চৰিত্ৰবোৰ শোক আৰু বিচ্ছেদৰ সন্মুখীন
হয়। উদাহৰণস্বৰূপে, The
Best Offer ত,হেৰুৱা থীমটো চৰিত্ৰসমূহৰ স্মৃতি আৰু ব্যক্তিগত বিচ্ছিন্নতাৰ সৈতে
হোৱা পাৰস্পৰিক ক্ৰিয়াৰ জৰিয়তে প্ৰকাশ পায়।
টৰ্নাটৰৰ অন উল্লেখ্যযোগ্য ছবিকেইখন হৈছে : The Professor (১৯৮৬),, ,Everybody Is Fine (১৯৯০,, A Pure Formality (১৯৯৪), , The Star Maker (১৯৯৫), The Legend 1900 (১৯৯৮)| তেওঁ
ইংৰাজী ভাষাত কৰা প্ৰথম ছবি, The unknown Woman
(২০০৬)।
শেষতীয়া ভাবে টৰ্নাটৰয়ে নিৰ্মাণ এখন অসাধাৰণ তথ্যচিত্ৰ নিৰ্মাণ
কৰে। আধুনিক ইটালীৰ প্ৰখ্যাত সুৰকাৰ তথা ইটালী, , হলিউদ
তথা ইউোৰপীয় বিভিন্ন
দেশৰ চলচ্চিত্ৰ সংঙ্গীত পৰিচালকৰপে পৰিচিত Ennio Morriconeৰ ( ১০ নভেম্বৰ১৯২৮ - জুলাই ২০২০), পৰলোকপ্ৰপ্তি
হোৱাৰ পিছত তেখেতৰ প্ৰতি
শ্ৰদ্ধা এই জনাই মহান সুৰকাৰজনৰ জীৱন আৰু
কৰ্মৰাজীৰ ভিত্তিত “ENNIO”(২০২১) নামৰে নিৰ্মাণ কৰা ১৫২ মিনিট দৈৰ্ষৰ তথ্যচিত্ৰখনে সমগ্ৰ বিশ্বৰে
সুৰকাৰজনৰ গুণমুগ্ধ সকলক প্ৰৱলভাৱে আকৰ্ষিত কৰি আলোড়ন সৃষ্টি কৰে।
টৰ্নাটৰৰ কামৰ বৈশিষ্ট্য হৈছে ইয়াৰ চহকী দৃশ্যশৈলী,, , জটিল কাহিনীভাগ আৰু
অভিনেতাসকলৰ গভীৰ আৱেগপূৰ্ণ অভিনয়। তেওঁৰ এক অনন্য প্ৰতিভা আছে যি চিনাকি আৰু মনোমোহা -এই
দুয়োটাকে অনুভৱ কৰিব পৰা এখন চিনেমা জগত সৃষ্টি কৰা৷ , দৰ্শকক
তেওঁৰ গল্পসমূহৰ প্ৰতি তেওঁলোকৰ সাৰ্বজনীন
বিষয়বস্তু প্ৰেম,, , হেৰুৱা আৰু
মুক্তিৰ সৈতে আকৰ্ষণ কৰিব পৰা ক্ষমতা
যিটো তেওঁ ছবিত সচাৰচৰ পুনৰাবৃত্তি ঘটে।
টৰ্নাটৰে প্ৰায়ে মানুহৰ জীৱনত শিল্পৰ ভূমিকাক লৈ পৰীক্ষা কৰে৷, কিদৰে
শিল্পই— চিনেমা,, চিত্ৰকলা বা সংগীতৰ জৰিয়তে হওক — কিদৰে
ই আৱেগ আৰু দৃষ্টিভংগীক কেনেকৈ গঢ় দিব পাৰে। তেওঁৰ ছবিবোৰে প্ৰায়ে প্ৰকাশ কৰে যে
শিল্পৰ সময় আৰু স্থানক অতিক্ৰম কৰাৰ শক্তি আছে, যিয়ে আপোচ, সমাধান, আৰু
স্ববিশ্লেষণৰ মাধ্যম ৰূপে কাম কৰে।
টৰ্নাটৰৰ চলচ্চিত্ৰবোৰ ব্যক্তিগত অভিজ্ঞতাৰ সৈতে বিশ্বজনীন থীম আৰু আবেগসমূহক মিশ্ৰিত কৰি এক অনুভূতিপূর্ণ
আৰু গভীৰ কাহিনী সৃষ্টি কৰে, যিয়ে
দৰ্শকৰ সৈতে গভীৰভাৱে সংযুক্ত হয়। তেওঁৰ কৰ্মৰাজী কবলৈ গলে এক প্ৰকাৰ চিত্ৰশিল্পৰ যাদু স্বৰূপ।
চিত্ৰশিল্পক এক যাদুকৰী , আবেগময় স্মৃতি ৰোমন্থন আৰু ব্যক্তিগত জীৱনধাৰা
আত্মপ্ৰকাশৰ এক উৎস হিচাপে ব্যবহাৰ
কৰা হৈছে। চলচ্চিত্ৰৰ সৈতে সাধাৰণলোকৰ সম্পর্ক আৰু সেয়া কিদৰে স্মৃতি আৰু পৰিচয় গঠন কৰে
সেয়া তেওঁৰ ছবিত সুন্দৰভাৱে প্ৰকাশ পায়।
মুম্বাইত Film
Heritage Foundationএ
আয়োজন কৰা ‘Istituto
Italiano di Cultura
di’ অনুষ্ঠানত যোগ দিবলৈ অহাৰ সময়ত সাংবাদিকে ছবি নিৰ্মাণ সম্বন্ধে
নৱপ্ৰজন্মক কি উপদেশ দিব বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ এনেদৰে কৈছিল,,
“Work on
stories that you fully love; never make a film for strategy. Follow your heart,
and it will take you to the right path. Also, in this way, even if your film is
not a success but you loved the story, you can continue to live with joy. You
will be able to look into your eyes when you stand in front of the mirror. But
if you work as per commercial strategy, and it is not a success, you will feel let
down from all sides.”
“I cannot reveal
much about it as I believe in protecting my films and their stories. Only after we are
done with the shoot will I talk about it.”
No comments