Page Nav

HIDE

শেহতীয়া:

latest

Ads Place

আধুনিক ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰ ভিত্তিক জাতীয়তাবাদৰ উত্থান (খণ্ড ৪) -ড০ অপূৰ্ব কুমাৰ বৰুৱা

    আমি আগতে কৰা আলোচনাত স্বৈৰাচাৰী ৰাষ্ট্ৰৰ পৰা আধুনিক সাৰ্বভৌম ৰাষ্ট্ৰৰ ক্ৰম বিকাশৰ বিষয়ে উল্লেখ কৰিছি লোঁ ।১৮ আৰু ১৯ শতিকাত উমৈহতীয়া  ভাষ...

 


 

আমি আগতে কৰা আলোচনাত স্বৈৰাচাৰী ৰাষ্ট্ৰৰ পৰা আধুনিক সাৰ্বভৌম ৰাষ্ট্ৰৰ ক্ৰম বিকাশৰ বিষয়ে উল্লেখ কৰিছিলোঁ।১৮ আৰু ১৯ শতিকাত উমৈহতীয়া  ভাষা আৰু ঐতিহ্যৰ ওপৰত ভেটি কৰি গঢ় লোৱা ৰাষ্ট্ৰ কেন্দ্ৰিক জাতীয়তাবাদ বা ৰাষ্ট্ৰবাদে জাতীয়তাবাদী ৰাষ্ট্ৰৰ ৰাজনৈতিক সংগঠনৰ বিকাশ সম্ভৱ কৰি তুলিছিল। এই ৰাষ্ট্ৰবাদ বা ৰাষ্ট্ৰ কেন্দ্ৰিক জাতীয়তাবাদৰ ধাৰণাটোক বেনেডিক্ট এণ্ডাৰ্ছনে কাল্পনিক সম্প্ৰদায় হিচাপে ব্যাখ্যা কৰিছে। তেওঁ কৈছে যে, ছপাশালৰ পুঁজিবাদে একোটাহঁত অঞ্চলত সিঁচৰিত হৈ থকা জন সমষ্টিৰ মাজত এক উমৈহতীয়া অস্তিত্বৰ চেতনা গঠনত সহায়তা কৰিছিল।(Benedict AndersonImagined Communities, Verso Books,2016 pp.6-7 চাব পাৰে।) এই অস্তিত্বৰ ধাৰণটোকে ৰাষ্ট্ৰবাদী বা জাতীয়তাবাদী চেতনা বুলি কোৱা হয়। এই আদৰ্শত ৰাষ্ট্ৰৰ বৈধতা ৰজাৰ পৰা আহে বুলি ভবা নহয়; বৰং এই বৈধতা জনসাধাৰণৰ পৰা উদ্ভুত হয় বুলি ভবা হয়।

 

আধুনিক জাতীয় ৰাষ্ট্ৰ (nation state) সমূহৰ কেতবোৰ বৈশিষ্ট্যই এইবোৰক আগৰ সকলো ৰাজনৈতিক প্ৰণালীৰ পৰা পৃথক কৰিছে। এই ৰাষ্ট্ৰ সমূহত একোটা নিৰ্দিষ্ট ভৌগলিক সীমাৰ ভিতৰত একোটা সাৰ্বভৌম চৰকাৰৰ  কৰ্তৃত্ব থাকে। এনে ৰাষ্ট্ৰৰ সৰহ খিনি বাসিন্দাই উমৈহতীয়া ভাষা, সংস্কৃতি, নৃগোষ্ঠীগত পৰিচয় বা ঐতিহাসিক পৰম্পৰাৰ  ওপৰত ভিত্তি কৰি গঢ়ি উঠা অস্তিত্বত বিশ্বাস কৰে। এই হিচাপে সাৰ্বভৌম কৰ্তৃত্ব, নিৰ্দিষ্ট ভৌগলিক সীমা, জতীয় অস্তিত্ব, কেন্দ্ৰীভূত চৰকাৰ আৰু বাসিন্দা সকলৰ বিধিগত অধিকাৰ আধুনিক জাতীয় ৰাষ্ট্ৰৰ বৈশিষ্ট্য বুলি ধৰিব লাগিব। আধুনিক সমাজ বিজ্ঞানৰ চৰ্চাত,  বেনেডিক্ট এণ্ডাৰছন,  আৰ্নেষ্ট গেলনাৰ, এৰিক হবছবম, এন্থনী ডি স্মিথ, জন ব্ৰুইলী আৰু চাৰ্লছ টিল্লি আদি গৱেষকে জাতীয় ৰাষ্ট্ৰ আৰু এনে ৰাষ্ট্ৰৰ লগত জাতীয়তাবাদৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিছে। এণ্ডাৰছনে দেখুৱাইছে যে, ছপাশালৰ পূজিবাদ আৰু প্ৰশাসনীয় গাঠনিৰ বিন্যাসৰ বাবেহে জাতীয়তাবাদী ভাবাদৰ্শই বিস্তাৰ লাভ কৰিছিল। গেলনাৰে কৈছে যে, উদ্যোগ ভিত্তিক সমাজত সমৰূপী শিক্ষিত জনসমষ্টিৰ প্ৰয়োজন হোৱাত তেনে জনসমষ্টি গঠনৰ বাবেই আধুনিক ৰাষ্ট্ৰৰ প্ৰয়োজন হৈছিল। হবছবমৰ মতে আধুনিক ৰাষ্ট্ৰই নিজৰ ক্ষমতা সুদৃহ কৰাৰ বাবেই জাতীয়তাবাদ্ৰ সৃষ্টি কৰিছিল।এন্থনী স্মিথে কৈছে যে, এক বিশেষ সামাজিক প্ৰক্ৰিয়াৰ মাজেৰে নৃগোষ্ঠী সমূহ  আধুনিক ৰাষ্ট্ৰৰ সহায়ত জাতীয়তাবাদী গোষ্ঠীত পৰিণত হৈছিল। তেওঁ এই প্ৰক্ৰিয়াটোৰ বিশদ ব্যাখ্যাও আগ বঢ়াইছে।ব্ৰুইলীয়ে  জাতীয়তাবাদ ৰাষ্ট্ৰৰ ওপৰত নিয়ন্ত্ৰন স্থাপনৰ বাবে হোৱা এক ৰাজনৈতিক আন্দোলন বুলি কৈছে। চাৰ্লছ টিল্লিয়ে দেখুৱাইছে যে,  ৰাষ্ট্ৰ গঠনৰ ফলত স্থায়ী সৈন্য বাহিনী, কৰ-কাটলৰ প্ৰনালী, আৰু প্ৰশাসনিক গাঠনিৰ সৃষ্টি হৈছিল আৰু এই বোৰ জাতীয়তাবাদী ভাবাদৰ্শৰ বাহক হৈ পৰিছিল। এইও সমূহ গৱেষকে প্ৰকৃততে সাব্যষ্ট কৰিব খোজে যে, আধুনিক ৰাষ্ট্ৰ ঠাই আৰু সময় বিশেষে জাতীয়তাবাদী ভাবাদৰ্শ গঠনৰ বাহক বা পুৰ্ব সৰ্ত দুয়োটাই হোৱা দেখা যায়। ৰাষ্ট্ৰই জাতীয়তাবাদ সৃষ্টি কৰে নে জাতীয়তাবাদে ৰাষ্ট্ৰ সৃষ্টি কৰে সেই বিষয়ে এক সিদ্ধান্তত উপনীত হোৱাটো সম্ভৱ নহয়। এই প্ৰশ্নটোৰ উত্তৰ ঐতিহাসিক পৰিস্থতিৰ ওপৰত নিৰ্ভৰ কৰে। ভালেমান মার্ক্সবাদী পণ্ডিত, বৌদ্ধিক কৰ্মী আৰু ৰাজনীতিবিদে বিশ্বাস কৰিছিল যে,  ৰুছ বিপ্লৱৰ পিছত অন্ততঃ ছোভিয়েট ইউনিয়নৰ জাতীয়তাবাদী প্ৰশ্নৰ লগত জড়িত সমস্যাসমূহ সমাধান হৈছে। কিন্তু সমাজবাদী বিপ্লৱৰ পিছতো চোভিয়েট ইউনিয়নত নৃগোষ্ঠীয় আৰু জাতীয়তাবাদী বিবাদ সমুহৰ পৰিপ্ৰেক্ষিতত  বর্তমান তেওঁলোক এক কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে। বিশেষকৈ USSRৰ পতনৰ পিছত আৰু বহু সম্প্ৰদায়ে নিজৰ  নৃগোষ্ঠীয় বা জাতীয়তাবাদী পৰিচয় দৃঢ়তাৰে উত্থাপন কৰা দেখা গৈছে। জাতীয়তাবাদ এক সমস্যাপূর্ণ ধাৰণা। কাৰণ সকলো ধৰণৰ জাতীয়তাবাদীৰেই এই ভাবাদৰ্শৰ চৰিত্ৰ সম্পৰ্কে নিজস্ব ধাৰণা থকা দেখা  যায়। সকলো মত পাৰ্থক্য সত্বেও আমি উল্লেখ কৰা পণ্ডিত সকলে এই কথাটো মানি লয় যে, জাতীয়তবাদ সাম্প্ৰতিক ৰাজনীতিৰ এক গুৰুত্বপুৰ্ণ শাক্তি আৰু ভালেমান ৰাজনৈতিক বাদ-বিবাদৰ উৎস।

 

আমি ওপৰৰ আলোচনাত প্ৰধানকৈ পশ্চিমীয়া ৰাষ্ট্ৰ গঠনৰ লগত আধুনিক জাতীয়তাবাদৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। প্ৰাচ্যত জাতীয়তাবাদৰ উত্থানৰ ইতিহাসলৈ মন কৰিলে দেখা যায় যে, বিশ্বৰ এই খণ্ডত জাতীয়তবাদৰ উত্থান ঔপনিৱেশিক শোষণ, সাংস্কৃতিক অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম আৰু সাম্ৰাজ্যবাদৰ বিৰুদ্ধাচৰণৰ প্ৰক্ৰিয়াৰ লগত জড়িত হৈ আছে। ১৯ আৰু কুৰি শতিকাত এচিয়া মহাদেশৰ ভালেমান দেশ পশ্চিমীয়া ঔপনিৱেশিক শাসনৰ কবলত পৰিছিল। ঔপনিৱেশিক শাক্তি সমূহে উপনিৱেশবোৰৰ ওপৰত অথনৈতিক শোষ চলোৱাৰ উপৰিও এনে শাসন চলাই যোৱাৰ স্বাৰ্থতে সাংস্কৃতিক নিষ্পেষণ আৰু ৰাজনৈতিক দমন চলাইছিল। চীনত বহু দিন ধৰি জনগনৰ ওপৰত সামন্তবাদী আৰু সাম্ৰাজ্যবাদী শোষণ  চলি থকাৰ ফলত কুৰি শতিকাৰ প্ৰথম ভাগতে কুমিণ্টাং আৰু কমিউনিষ্ট পাৰ্টিৰ উত্থানৰ সময়ত দুই অপশক্তিৰ বিৰুদ্ধে এক ধৰণৰ জাতীয়তাবাদী আদৰ্শ গঢ় লোৱা দেখা গৈছিল। বিশেষকৈ ১৮৫৬–৬0 চনলৈ চলা দ্বিতীয় অপিআম বা কানি যুদ্ধৰ পিছত চীনৰ স্থানীয় শাসকসকলে সাম্ৰাজ্যবাদী শক্তিবোৰৰ লগত ভালেমান অপমান জনক চুক্তি কৰিব লগাৰ ফলত স্থানীয় নেতৃস্থানীয় লোকৰ একাংশৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল। ১৮৯৪-৯৫ত প্ৰথম চীন-জাপান যুদ্ধত চীন পৰাজিত হোৱাৰ পিছত আধুনিক জাতীয়তাবাদৰ পৰা জাপান কিদৰে লাভবান হৈছে তাৰ এক উপলব্ধি চীনৰ এচাম প্ৰভাৱশালী লোকৰ মাজত হোৱা দেখা গৈছিল। এই উপলব্ধিয়ে  ১৮৯৮ চনৰ সংস্কাৰ আন্দোলনক অনুপ্ৰেৰিত কৰিছিল। ই চীনত জাতীয়তাবাদী চেতনাৰ উত্থানত যথেষ্ট অৰিহণা যোগাইছিল।[এই বিষয়ক বিস্তৃত আলোচনাৰ বাবে বাৰ্কলে ইউনিভাৰ্ছিটিয়ে ১৯৬৫ চনত প্ৰকাশ কৰা Joseph R. LevensonConfucian China and Its Modern Fate: A Trilogy চাব পাৰি।]

 

ভাৰতত ১৯ শতিকাতে ইংৰাজ শাসনৰ তলত প্ৰথমে সংস্কাৰমুখী আন্দোলনেৰে আৰম্ভ হৈ কংগ্ৰেছৰ নেতৃত্বত স্বাধীনতা আন্দোলনৰ সৃষ্টি হৈছিল। এই আন্দোলনৰ ৰাজনীতিতে এক ভাৰতীয় ৰাষ্ট্ৰবাদ বা ভাৰতীয় জাতীয়তাবাদ গঢ় লৈছিল। প্ৰখ্যাত সমাজ বিজ্ঞানী পাৰ্থ চেটাৰ্জ্জীয়ে দেখুৱাইছে যে, ভৰতত গঢ় লোৱা ৰাষ্ট্ৰবাদ বা ভাৰতীয় জাতীয়তাবাদ পশ্চিমৰ আৰ্হিত গঢ়ি উঠা নাছিল। তেওঁ ভাৰতৰ জাতীয় চেতনাৰ এক বাহ্যিক আৰ আন এক আভ্যন্তৰীণ ৰুপৰ আলোচনা কৰিছে। পশ্চিমীয়া সভ্যতাত উদয় হোৱা ভালেখিনি চেতনা ৰাজনৈতিক ক্ষেত্ৰত মানি লৈও ভাৰতৰ জাতীয়তাবাদে ইয়াৰ আভ্যন্তৰীণ স্তৰত নিজৰ ইতিহাস, সংস্কৃতি আনকি ক্ষমতাৰ বিন্যাসৰ ক্ষেত্ৰতো থকা নিজস্ব ধাৰণা ত্যাগ কৰা নাছিল। তেওঁ আঙুলিয়াই দিছিল যে, ভাৰতত জাতীয়তাবাদে পশ্চিমৰ দৰে এক ঐক্যৱদ্ধ জাতীয় ভাবাদৰ্শৰ সৃষ্টি কৰা নাছিল।  বৰং ই কেতবোৰ জাতি, লিংগ আৰু  অঞ্চল ভিত্তিক টুকুৰা-টুকুৰ অস্তিত্বৰ জন্ম দিছিল। ভাৰতীয় জাতীয়তাবাদী বা ৰাষ্ট্ৰবাদী প্ৰকল্পই এই অস্তিত্ব সমূহক কিদৰে সামৰি লৈছিল বা নিলগাই ৰাখিছিল তেখেতে তাৰ আলোচনা কৰিছে। সেই বাবেই ভাৰতীয় জাতীয়তাবাদী প্ৰকল্প পশ্চিমীয়া আৰ্হিৰ নহয় বুলি চেটাৰ্জ্জীয়ে কয়। প্ৰাচ্যৰ আন ভালেমান দেশতো পাশ্চাত্যৰ পৰা পৃথক ধাৰাৰে আৰম্ভ হোৱা জাতীয়তা বা ৰাষ্ট্ৰবাদী ভাবাদৰ্শ দেখা পোৱা যায়। কিন্তু সকলো প্ৰাৰ্থক্য সত্ত্বেও আধুনিক ৰাষ্ট্ৰৰ লগত এই সকলোবোৰ জাতীয়তাবাদৰ সম্পৰ্ক নুই কৰিব নোৱাৰি।  

 

সাম্প্ৰতিক ভাৰতলৈ চকু দিলে আমি দেখো যে, জাতীয়তাবাদৰ প্ৰশ্নটোৰ লগত জড়িত এই শতিকাৰ সৰহভাগ সমস্যা উদ্ভৱ হৈছে আমি ভাৰতীয় জাতীয়তাবাদ বুলি অভিহিত কৰা ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত এই দেশ খনত বাসকৰা ক্ষুদ্ৰ জাতি সত্তা সমূহৰ আশা আকংক্ষা পুৰণৰ প্ৰশ্নটোৰ পৰা।  আমি ওপৰত উল্লেখ কৰিছিলো যে, ইংৰাজ শাসনৰ কালতে ঔপনিৱেশিক দমন আৰু শোষণৰ বিৰুদ্ধে আৰম্ভ হোৱা দাবী-দাওয়াৰ ভিত্তিতে আৰম্ভ হোৱা জাতীয়তাবাদী আদৰ্শই দেশৰ সকলোবোৰ জনগোষ্ঠীক একত্ৰিত কৰিব পৰা নাছিল। বৰং এই দাবীবোৰৰ বাবে হোৱা আন্দোলন সমূহে জাতি, লিংগ আৰু অঞ্চল ভিত্তিক টুকুৰা-টুকুৰ অস্তিত্বৰ জন্ম দিছিল।  মই বিশ্বাস কৰো যে, আমি অসমীয়াৰ জাতীয়তাবাদৰ প্ৰকৃতি বুজিলেহে অসমৰ আজিৰ সাম্প্রদায়িক চাপ, বিভেদকামী প্ৰৱণতা আৰু ৰাজনৈতিক অস্থিৰতা, বোধগম্য হ'ব। অসমীয়া জাতীয়তাবাদ এনেকুৱা সময়ত গঢ় লৈ উঠিছিল যি সময়ত ভাৰতীয় উপমহাদেশে ব্রিটিছ শাসনৰ বিৰুদ্ধে হোৱা গণ বিপ্লৱৰ অভিজ্ঞতা লাভ কৰিছিল। এই সংগ্রামে ভাৰতৰ ক্ষুদ্র জাতীয়তাবাদৰ গঠনক প্রভাবিত কৰিছিল। ভাৰ জাতীয়তাবাদৰ পৃষ্ঠপোষকসকলৰ মনোভাবে ক্ষুদ্র জাতীয়তাবাদ যেনে অসমৰ জাতীয়তাবাদী সচেতনতাৰ বিকাশৰ প্রক্রিয়াক বাৰুকৈয়ে প্রভাবিত কৰিছিল। আমি বিশ্বাস কৰো যে অসমীয়া জাতীয়তাবাদ বুজিবৰ বাবে ভাৰতৰ ৰাষ্ট্ৰই সমর্থন কৰা জাতীয়তাবাদৰ প্ৰকৃতি বুজি উঠাৰ প্ৰয়োজন আছে। অসমীয়া জাতীয়তাবাদ বোধগম্য হ'ব আমি যদি ভাৰতীয় জাতীয়তাবাদৰ কাৰ্যকৰী দিশৰ সংজ্ঞা বুজি উঠিব পাৰো। (আগলৈ)

No comments

Latest Articles