Page Nav

HIDE

শেহতীয়া:

latest

Ads Place

এজন প্ৰান্তিক লোকৰ অতীত ৰোমন্থন (৬ষ্ঠ খণ্ড) - আব্দুল মান্নান

  যোৱাৰ সংখ্যাৰ পিছৰ পৰা...     (৯) বঙালী ভাষাত এটা প্ৰবাদ আছে– ‘সঙ্গ’ দোষে লোহা ভাসে’৷ মোৰ ক্ষেত্ৰতো তেনে এটা ঘটনা ঘটিছিল৷ চৌধুৰী চ...

 যোৱাৰ সংখ্যাৰ পিছৰ পৰা...

 


 

(৯)

বঙালী ভাষাত এটা প্ৰবাদ আছে– ‘সঙ্গ’ দোষে লোহা ভাসে’৷ মোৰ ক্ষেত্ৰতো তেনে এটা ঘটনা ঘটিছিল৷ চৌধুৰী চাচাহঁতে তেওঁলোকৰ গাঁৱৰ দুমহলীয়া ঘৰটো এৰি ৰেলষ্টেচনৰ ওচৰত থকা বৃহৎ চৌহদলৈ (যিটো ঘৰৰ পৰা ১৯৫০ চনৰ সাম্প্ৰদায়িক উত্তেজনাৰ সময়ত তেওঁলোক গাঁৱলৈ গুচি আহিছিল) গুচি যোৱাৰ পাছত আমি মাজে সময়ে তেওঁলোকৰ গাঁৱৰ ঘৰৰ  পিছফালে থকা পুখুৰীটোত গা ধুবলৈ গৈছিলোঁ৷ এদিন আমাৰ লগত মোৰ জেঠাইৰ ল’ৰা কমইভাই আছিল৷ মোতকৈ তিনিবছৰমান ডাঙৰ৷ বিড়ি খোৱাৰ বদ অভ্যাস আছিল তাৰ৷ নিজান পুখুৰীটোৰ পাৰত সি বান্দৰ বিৰি এটা জ্বলাই ধুমপান কৰি থাকোতে মোকো হোপা এটা মাৰিবলৈ দিলে৷ সি মোক কৈছিল ‘হোপা এটা মাৰ, দেখিবি তোৰ খুব ভাল লাগিব৷ গাটো ৰিবৰিবাব, খুব আমেজ পাবি৷ মই বিৰিটোত হোপা এটা মাৰি বহু সময় কাঁহিছিলোঁ, এটা বিকট দুৰ্গন্ধ পাইছিলোঁ৷ বমি বমি লাগিছিল বহু সময় ওকিয়াইছিলোঁ৷ সেইটো আছিল মোৰ জীৱনৰ প্ৰথম আৰু শেষ বিৰি হোপা ঘটনা৷

 

(১০)

আমাৰ ওচৰৰ চামবৰীয়া ১নং গাঁৱত এজন অন্ধ হাফিজ আছিল৷ বৰ আইয়ে তেওঁৰ চকু দুটা কাঢ়ি নিছিল৷ প্ৰতি সপ্তাহে মঙ্গলবাৰৰ দিনটোত তেওঁ লংকা বজাৰৰ এটা নিৰ্দিষ্ট গলিৰ নিৰ্দিষ্ট এডোখৰ ঠাইত থাল এখন লৈ মানুহৰ পৰা তেওঁ ভিক্ষা মাগিছিল৷ মঙ্গলবাৰে দিনৰ ১১ মান বজাত তেওঁ অকলে বজাৰলৈ গৈছিল৷ বজাৰলৈ যাওতে তেওঁ আমাৰ ঘৰৰ বিপৰীত দিশত থকা চাঁদ মামাৰ দোকানত সুমাই একাপ চাহ কুকিচ বিস্কুটেৰে বৰ তৃপ্তিৰে খাইছিল৷ গধূলি চাৰে-সাতমান বজাত তেওঁ ঘৰলৈ ঘূৰি গৈছিল৷ ঘূৰি যাওতে দিনটোত পোৱা খুচুৰা পইচাখিনি (সেইসময়ৰ আধলি, সিকি, দুঅনা, এক অনা) হিচাপ কৰি চাঁদ মামাৰ দোকানত দি তেওঁৰ পৰা নোট লৈ ঘৰলৈ গৈছিল৷ মই প্ৰায়ে পইচা হিচাপ কৰাত তেওঁক সহায় কৰিছিলোঁ৷ মই প্ৰায়ে আচৰিত ভাবে লক্ষ্য কৰিছিলোঁ তেওঁ বজাৰলৈ যাওতে আৰু ঘৰলৈ ঘূৰি আহোতে চাঁদ মামাৰ দোকানৰ সন্মুখ পোৱাৰ লগে লগে আচৰিত ধৰণে দোকানলৈ সোমাই আহিছিল৷ হাতত থকা লাঠি ডালেৰে বোধ কৰো নিদিষ্ট ঠাই বিলাক অনুমান কৰিব পাৰিছিল৷ বজাৰতো মানুহৰ ভিৰৰ মাজত নিৰ্দিষ্ট গলিৰ নিৰ্দিষ্ট ঠাই ডোখৰত উপস্থিত হৈছিল৷ মানুহজনে পিন্ধা বগা পাঞ্জাবী-পায়জামা দমকলৰ পানী পাই মটীয়া বৰণৰ হৈ পৰিছিল৷ মোৰ মনত আছে প্ৰতি মঙ্গলবাৰে তেওঁ লাভ কৰা দানৰ পৰিমাণ আছিল প্ৰায় দেড়শ টকাৰ ওচৰা ওচৰি৷ কেতিয়াবা দুই-চাৰি টকা বেছি, কেতিয়াবা কম৷ সেই সময়ত এজন দিন হাজিৰা কৰা লোকৰ হাজিৰা আছিল চাৰি টকা মাত্ৰ৷ দুখীয়া অন্ধ মানুহ এজনক সহায় কৰাৰ লগতে পুণ্য অৰ্জনৰ প্ৰতি মানুহৰ অনুৰাগ এই কথাটোৱে প্ৰমাণ কৰে৷

অন্ধ হাফিজজনৰ গাঁওখনত এহাল বৈষ্ণৱ বুঢ়া-বুঢ়ী আছিল৷ সপ্তাহত প্ৰতি শুক্ৰবাৰে দুয়ো আমাৰ চুবাটোলৈ মুষ্টি ভিক্ষা খুজিবলৈ আহিছিল৷ তেওঁলোক আহিলে আম্মাই অলপ দেৰী বহুৱাই লৈ কথা পাতে আৰু আন মগনীয়াতকৈ অলপ বেছিকৈ চাউল দুয়োকে দিয়ে৷

আমাৰ চুবাটোত চুলেমান পীৰ চাহাব বুলি এজন লোক আছিল। মই চুলেমান নানা বুলি মাতিছিলোঁ; নানা মানে ককা। তেওঁ দাড়িত মেহেন্দী লগাই ৰঙচুৱা কৰি ৰাখিছিল৷ হাতত তচবিহ সদাই আছিল৷ নিজকে চৈয়দ বুলি (হজৰত মোহাম্মদ (দঃ)ৰ বংশধৰ) পৰিচয় দিছিল৷ মানুহৰ মাজত এটা বিশ্বাস আছিল যে কোনো মানুহক পগলা কুকুৰে কামুৰিলে চুলেমান পীৰ চাহাবক খবৰ দিলে তেওঁ জাৰি ফুক মাৰি দিয়া নতুন কেচু মাটিৰ লডা এটা নি কুকুৰে কামুৰা বা আচুৰা ঠাইত প্ৰলেপ দিলে আক্ৰান্ত মানুহজন ভাল হৈ যায়৷ তেওঁক খবৰ দিয়া মানুহজন খুব সাৱধান হ’বলগীয়া হৈছিল৷ খবৰ দিয়া মানুহজন তেওঁ হাতেৰে পোৱা ধৰণেৰে ওচৰত পালে গাৰ সৰ্বশক্তি প্ৰয়োগ কৰি তেওঁ থাপ্পৰ এটা মাৰিছিল৷ এটা সময়ত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় সকলো মানুহে কথাটো জানিছিল আৰু কুকুৰে কামোৰা খবৰটো দূৰৰ পৰা তেওঁক দিছিল৷ কিন্তু চুলেমান নানাৰ মৃত্যুৰ সময়লৈকে এই জনবিশ্বাস অঞ্চলৰ মানুহৰ মাজত আছিল৷ ইয়াৰ বৈজ্ঞানিক ভিত্তি মই একো নাজানিলোঁ৷

মানুহৰ গৰিবী, অন্ধ বিশ্বাস, কুসংস্কাৰ আদিৰ সুযোগ লৈছিল কিছুমান চতুৰ বেজ আৰু মোল্লা-মুন্সিয়ে৷ লগতে আছিল ভুৱা ডাক্তৰ (quack) বিলাকৰ অতপালি৷ সেই সময়ত পূব পাকিস্তানৰ পৰা অহা বেচ কিছু অল্পশিক্ষিত লোকে লংকা দৈনিক বজাৰত সৰু সৰু টং দোকান সাজি ফাৰ্মাচি চলাইছিল৷ চাইনবৰ্ডত তেওঁলোকৰ নামৰ আগত ডাঃ (ডাক্তৰ) লিখাই লৈছিল৷ আমাৰ মা আছিল গেষ্ট্ৰিক আলচাৰ আৰু গল্ড ব্লাডাৰত পাত্থৰ হোৱা ৰোগত ভোগা চিৰ ৰুগীয়া পিত্ত ৰোগী৷ বহু মোল্লা-মুন্সি জোনাব, পীৰে আম্মাৰ বেমাৰ ভাল কৰি দিম বুলি আমাক দীৰ্ঘ দিন ঠগাইছিল৷ পেটৰ চৰম বিষত বিচনাত পৰি চটফটাই বাগৰি থকা দৃশ্য আমি ভাই-ককাই কেইটাই প্ৰায়ে অসহায় ভাৱে সহ্য কৰি থাকিবলগীয়া হৈছিল৷ মাজে সময়ে কোৱাক ডাক্তৰে দিয়া ঔষধ আনি খোৱাইছিলোঁ৷ এই কষ্টৰ পৰা ৰক্ষা পাবলৈ হ’লে অপাৰেচনৰ বাহিৰে আন কোনো পথ নাই বুলি আমাক ক’বলৈ আত্মীয়-স্বজন বা শুভাকাঙ্খী কোনো নাছিল৷ আব্বাক তেওঁৰ লগৰ কোনোবাই তেনে পৰামৰ্শ দিছিল যদিও প্ৰয়োজনীয় ধনৰ কথা চিন্তা কৰি হয়তো আব্বা মনে মনে আছিল৷ আব্বা দেখাত খুব খঙাল আছিল যদিও অন্তৰখন আছিল অতি কোমল৷ অপাৰেচন বুলিলে খুব ভয় কৰিছিল৷ আমাৰ কাৰোবাৰ ভৰিত কাইট এটা সোমালেও, ফুহা আদিৰ পৰা পুজ ওলাব লগা হ’লে আব্বা সদাই আঁতৰি গৈছিল৷ এই সকলোবোৰ কাম বেমাৰী গাৰেই আম্মাই কৰিছিল৷ মুঠতে মই কলেজত ডিগ্ৰী দ্বিতীয় বৰ্ষত পঢ়ি থকা সময়লৈকে আম্মাৰ প্ৰকৃত চিকিৎসা হোৱা নাছিল৷ ১৯৬৮ চনৰ অক্টোবৰ মাহ৷ কটন মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে (এই বিষয়ে বিশদ পৰৱৰ্তী পৰ্যায়ত লিখিছোঁ) ছাত্ৰ-ছাত্ৰীৰ ভাৰত ভ্ৰমণৰ এটা ভ্ৰমণসূচী লৈছিলোঁ৷ আমি গুৱাহাটী এৰিবলৈ দুদিন থাকোতেই আমাৰ ছাত্ৰাবাসৰ (চি এম হোষ্টেল) মই থকা কোঠালিৰ দৰজা খুব পুৱাই হোষ্টেল বয় জানে ঢকিয়াই ঢকিয়াই মোক জগাই দিলে৷ উঠিয়েই দৰজাখুলি দেখিলো সন্মুখত নুৰজামাল মামা৷ মামাই মোক লৈ যাবলৈ আহিছে৷ মাৰ অৱস্থা খুবেই বেয়া৷ মই তৎক্ষণাত শিক্ষামূলক ভ্ৰমণসূচী (excursion) বাদ দি ঘৰলৈ যোৱাৰ সিদ্ধান্ত ললো৷ ২ নং হোষ্টেলত থকা বন্ধু দীপক গোস্বামী (তেওঁ আমাৰ ছাত্ৰ জিৰণী কোঠাৰ সম্পাদক আছিল)ক জগাই সকলো কথা বিৱৰি কৈ টিকট আৰু অন্যান্য কাগজ-পত্ৰ চমজাই দিলো৷ আমাৰ দলৰ লগত শিক্ষক তত্ত্বাৱধায়ক হিচাপে যাবলৈ সন্মত হোৱা অধ্যাপক দুৰ্গা দাস ছাৰ আৰু অধ্যাপিকা মমতা দাস (পিচলৈ বৰুৱা) বাইদেউলৈ চমু চিঠি আৰু কলেজৰ অধ্যক্ষলৈ জনাই সৰু টোকা এটা দীপকৰ হাতত দি মই ৮ মান বজাত লামডিঙলৈ যোৱা পেছেঞ্জাৰ ৰেল গাড়ীখনত গৈ উঠিলো৷ দুইমান বজাত লংকা ষ্টেচনত নামি ঘৰ পাই দেখো বিছনাত আত্মীয়স্বজনৰে ঘৰ ভৰি আছে। সকলো আহিছে আম্মাক চাবলৈ। (আম্মাৰ চিকিৎসা আৰু নগাঁও চিভিল হাস্পাতলৰ সেই সময়ৰ প্ৰখ্যাত শৈল চিকিৎসক ডাঃ জিতেন গোহাঁই ডাঙৰীয়াই কৰা অপাৰেশনৰ কথা পৰৱৰ্তী পৰ্যায়ত লিখিম।)

 

No comments

Latest Articles